শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গ

জুবিন গাৰ্গ

জুবিন গাৰ্গ কেৱল অসমৰেই নহয় ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, আদি, গালো, মালয়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেওঁ‌ কণ্ঠদান কৰিছে।

১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতী কীবৰ্ড প্লেয়াৰ।

বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (GIFA) আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী) ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।

Read More

জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন নাকচ

আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ। জামিন আবেদনত এনেধৰণৰ ৰায়দানৰ আশা প্ৰকাশ গৰিমাৰ। গৰিমাই কয়, "অসুৰ কেইটাই শাস্তি পাবই লাগিব। জুবিন গাৰ্গৰ ইমান মৰমৰ পিছত এনে বিশ্বাসঘাটক কৰিব বুলি সপোনতো ভৱা নাছিলোঁ।"

জামিন পাব নেকি? জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি আদালতত শুনানি…

Zubeen Garg Death Case: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি নিয়মীয়া শুনানি অনুষ্ঠিত হ'ব। ৩ অভিযুক্তই দাখিল কৰা জামিন আবেদনৰ আজি শুনানি হ'ব। ইয়াৰোপৰি সিদ্ধাৰ্থ, শ্যামকানু আৰু শেখৰৰ কেইবাখনো আবেদনৰ শুনানি হ'ব।

বিশেষ আদালত গঠনৰ অনুৰোধ, প্ৰধানমন্ত্ৰীলৈ পত্ৰ জুবিন পৰিয়ালৰ…

জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে এখন বিশেষ আদালত গঠনৰ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে গৰিমা শইকীয়া গাৰ্গ তথা পৰিয়ালে। ইয়াৰ লগতে বৈদেশিক নীতিৰ আধাৰত ছিংগাপুৰত উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

জামিন পাব নেকি অমৃতপ্ৰভা আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে! অধিবক্তাই আদালতত দিলে এনে যুক্তি

ইয়াৰ বিপৰীতে চৰকাৰী অধিবক্তাই আদালতত অতি সবলভাৱে বিপৰীত যুক্তি আগবঢ়ায় বুলি উল্লেখ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। শুনানিত চৰকাৰী অধিবক্তাই অতি সুন্দৰকৈ যুক্তি তৰ্ক দৰ্শাইছে আৰু সেয়ে আত্মবিশ্বাস বৃদ্ধি পাইছে বুলি তেওঁ মন্তব্য কৰে।

মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’ম: শিখা শৰ্মা

আজি আদালতলৈ যোৱাৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ শিখা শৰ্মাৰ। তেওঁ কয়, 'মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, বাকী যি আছে আদালতত ক’ম।'

জুবিন আৰু পৰিয়ালক লৈ অপমানজনক মন্তব্য! আটক শিখা শৰ্মা…

Sikha Sarma: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি আটক হৈছে শিখা শৰ্মা। আজি শিখা শৰ্মাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল গৰিমা শইকীয়া গাৰ্গে। তাৰ পাছতে আৰক্ষীয়ে তেওঁক এতিয়া আৰক্ষীয়ে আটক কৰিছে।

দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল জুবিন গাৰ্গ ফেন ক্লাৱৰ

এই সন্দৰ্ভত ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁয়ে কয়, "শিখা শৰ্মাই জুবিন গাৰ্গ আৰু তেওঁ পৰিয়ালক লৈ কতু মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। যিটো সময়ত জুবিনৰ ন্যায় প্ৰাপ্তিৰ বাবে ৰাইজে দাবী জনায় আহিছে সেই সময়ত শিখা শৰ্মাই গোটেই ইচ্ছুটো বিপথে পৰিচালিত কৰিব চেষ্টা কৰি আহিছে।"

শিখা শৰ্মা অসমীয়া নহয়, অসমীয়াৰ শত্ৰু: ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমাৰ

সংবাদ মাধ্যমৰ আগত গৰিমাই কয়, 'শিখা শৰ্মাৰ মানসিকতাই তেনেকুৱা। ইমান দিনে শিখা শৰ্মাক মানসিক ৰোগী বুলি আওকান কৰি আছিলোঁ। অৱশেষত আমাৰ ধৈৰ্যৰ সীমা চেৰাই গ'ল। জুবিনৰ সত্বাটো কি সেইয়া সকলোৱে জানে।  সেইজন মানুহক অসভ্য,অশালীন,কটু মন্তব্য আমি কেতিয়াও ভাবিবই নোৱাৰোঁ।'

বাগৰুম্বাৰ পৰা বন্দে ভাৰত শ্লীপাৰলৈ…দিনটোৰ শীৰ্ষ খবৰ

চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

যুঁজখন সবল হ’ব, জুবিন গাৰ্গে ন্যায় পাবই লাগিব: সামাজিক মাধ্যমত গৰিমা গাৰ্গৰ পোষ্ট

এটা পোষ্টত গৰিমাই লিখিছে, "কালি জুবিন আমাৰ মাজৰপৰা কায়িকভাৱে নোহোৱা হোৱাৰ চাৰিমহীয়া তিথি পাৰ হ'ল আৰু আজি আদালতত চতুৰ্থটো শুনানি । জুবিন গাৰ্গৰ বাবেই সঁচাকৈ এই সকলোবোৰ ঘটি আছেনে ? মোৰ আৰু আমাৰ পৰিয়ালৰ দৰেই সমগ্ৰ অসমবাসীৰ বাবে এয়া এতিয়াও অবিশ্বাস্য !"

শিল্পী দিৱসৰ দিনাই জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ কথা ঘোষণা কৰক, প্ৰধানমন্ত্ৰী মোদীলৈ আহ্বান গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰী মোদীক এই ভ্ৰমণকালত জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত সন্মান প্ৰদানৰ বাবেও আহ্বান জনায় গৌৰৱ গগৈয়ে। নিজৰ শেহতীয়া অসম ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰো জুবিন গাৰ্গৰ নাম নল'লে তথা জুবিনক্ষেত্ৰলৈ নগ'ল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

‘অভিযুক্তৰ মুখত কোনো অনুসূচনা নাই’ – গৰিমা শইকীয়া গাৰ্গৰ আক্ষেপ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ মাজতে গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে, "এইবাৰ ৫ জনে জামিন আবেদন দাখিল কৰিছে। পূৰ্বে ৩ জন আছিল। আজি ভাৰ্চুৱেলি আদালতত হাজিৰ হোৱা ৭ জন অভিযুক্তৰ মুখত কোনো কোনো অনুসূচনা নাই।"

আমাৰ আত্মবিশ্বাস বাঢ়িছে, অসুৰ বধ হ’বই লাগিব: গৰিমা গাৰ্গ

গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে ,আজি ভাৰ্চুৱেলি আদালতত হাজিৰ হোৱা ৭ জন অভিযুক্তৰ মুখত কোনো কোনো অনুসূচনা নাই। এই কাৰ্যক অমানৱীয় আৰু অগ্ৰাহ্য বুলি অভিহিত কৰি অভিযুক্তই কঠোৰতম শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি পুনৰ এবাৰ উল্লেখ কৰে গৰিমা গাৰ্গে ।

বিষয় জুবিন গাৰ্গৰ মৃত্যু: ছিংগাপুৰে কয় এটা…অসম চৰকাৰে কয় বেলেগ এটা! গৌৰৱ গগৈয়ে বিচাৰিলে কেন্দ্ৰৰ হস্তক্ষেপ

গৌৰৱ গগৈয়ে আৰু অভিযোগ কৰে যে চৰকাৰী সংস্থাসমূহে আয়োজন কৰা অনুষ্ঠানৰ বাবে বছৰ বছৰ ধৰি মূল অভিযুক্ত এজনক বৃহৎ পৰিমাণৰ ধন দিয়া হৈছিল আৰু এই বিষয়ত জবাবদিহিতাৰ অভাৱৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয় যে বহু প্ৰশ্নৰ উত্তৰ তেওঁলোকে পোৱা নাই।

ছিংগাপুৰত চলি থকা জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দৰ্ভত কি ক’লে খুড়াক মনোজ বৰঠাকুৰে…

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অসমৰ লগতে ছিংগাপুৰতো চলি আছে তদন্ত। শেহতীয়াকৈ এই গোচৰ সন্দৰ্ভত ছিংগাপুৰৰ এখন আদালতত শুনানি হৈছিল। ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত জুবিনৰ খুড়াকে সামাজিক মাধ্যমত এক পোষ্ট কৰিছে।