আপোনাৰ PF একাউণ্টত জমা হ’ব হাজাৰ হাজাৰ টকা, সবিশেষ…
ইপিএফঅ’ই অতি সোনকালে গ্ৰাহকৰ একাউণ্টত সুতৰ ধন জমা কৰাৰ প্ৰচেষ্টা হাতত লৈছে। এই সুতৰ হাৰ ৮.২৫ শতাংশ। আপুনি যি সুত পাব সেয়া নিৰ্ভৰ কৰে আপোনাৰ ইপিএফঅ’ একাউণ্টত কিমান টকা আছে তাৰ ওপৰত।
চৰকাৰী হওক বা ব্যক্তিগত হওক, প্ৰতিজন কৰ্মচাৰীৰ এম্প্লইজ প্ৰভিডেণ্ট ফাণ্ড বা ইপিএফঅ’ একাউণ্ট থাকে। প্ৰতিমাহে আপোনাৰ দৰমহাৰ পৰা পি এফ একাউণ্টত নিৰ্দিষ্ট পৰিমাণৰ ধন জমা হয়। এইটোৱেই হৈছে কৰ্মচাৰীসকলৰ অৱসৰৰ পুঁজি। অৱশ্যে বিশেষ প্ৰয়োজনৰ ক্ষেত্ৰত অৱসৰৰ পূৰ্বেও পি এফ একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব। কিন্তু আপুনি জানেনে যে আপোনাৰ দৰমহাৰ পৰা কৰ্তন কৰা ধন আপোনাৰ পি এফ একাউণ্টত জমা হোৱাৰ উপৰিও তাৰ ওপৰত সুতো পায়। পি এফ একাউণ্টত বাৰ্ষিক সুত পোৱা যায়। যাৰ ফলত আপোনাৰ একাউণ্টত বহুত টকা জমা হ’বলৈ গৈ আছে। কিমান টকা জানেনে?
ইপিএফঅ’ই অতি সোনকালে গ্ৰাহকৰ একাউণ্টত সুতৰ ধন জমা কৰাৰ প্ৰচেষ্টা হাতত লৈছে। এই সুতৰ হাৰ ৮.২৫ শতাংশ। আপুনি যি সুত পাব সেয়া নিৰ্ভৰ কৰে আপোনাৰ ইপিএফঅ’ একাউণ্টত কিমান টকা আছে তাৰ ওপৰত। আপুনি ৪০ হাজাৰ টকা পৰ্যন্ত সুত পাব পাৰে। অৰ্থাৎ যদি আপোনাৰ একাউণ্টত ৫ লাখ টকাৰ বেলেঞ্চ থাকে, তেন্তে আপুনি ৮.২৫ শতাংশ সুতৰ হাৰত ৪০ হাজাৰ টকা পাব পাৰে। ইয়াৰ বাবে আপুনি আবেদন কৰিব নালাগে। ইপিএফঅ’ই আপোনাৰ একাউণ্টত ধন জমা কৰিব।
