শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক'ম: শিখা শৰ্মা

মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’ম: শিখা শৰ্মা

Trishna Kalita
Trishna Kalita | Published: 21 Jan 2026 16:50 PM

আজি আদালতলৈ যোৱাৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ শিখা শৰ্মাৰ। তেওঁ কয়, 'মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, বাকী যি আছে আদালতত ক’ম।'

বিতর্কিত মন্তব্যৰ গোচৰত আদালতলৈ প্ৰেৰণ কৰা হৈছে শিখা শৰ্মাক। পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা পোনে-পোনে লৈ যোৱা হ’ল শিখা শর্মাক CJM আদালতলৈ । কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে জামিন নোপোৱাৰ অভিযোগ শিখা শৰ্মাৰ। দুদিনৰ আৰক্ষী জিম্মাৰ অন্তত আদালতলৈ প্ৰেৰণ কৰা হয় শিখাক।

উল্লেখ্য যে, বিগত কেইটামান দিন ধৰি শিখা শৰ্মা নামৰ মহিলাগৰাকীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বহু বিতৰ্কিত মন্তব্য কৰি আহিছে। কেৱল জুবিন গাৰ্গ সন্দৰ্ভতে নহয়, মহিলাগৰাকীয়ে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ, জুবিনৰ পিতৃ আৰু ভগ্নীকো এই সকলোবোৰৰ মাজলৈ টানি আনিছিল। যাৰ বাবে গৰিমাই থানাত দাখিল কৰিছিল এজাহাৰ। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই সোমবাৰ (১৯ জানুৱাৰী)য়ে আটক কৰে বিতৰ্কিত মহিলা শিখা শৰ্মাক। আজি আদালতলৈ যোৱাৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ শিখা শৰ্মাৰ। তেওঁ কয়, ‘মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, বাকী যি আছে আদালতত ক’ম।’