জুবিন আৰু পৰিয়ালক লৈ অপমানজনক মন্তব্য! আটক শিখা শৰ্মা…
Sikha Sarma: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি আটক হৈছে শিখা শৰ্মা। আজি শিখা শৰ্মাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল গৰিমা শইকীয়া গাৰ্গে। তাৰ পাছতে আৰক্ষীয়ে তেওঁক এতিয়া আৰক্ষীয়ে আটক কৰিছে।
অৱশেষত আটক হ’ল শিখা শৰ্মা। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই সোমবাৰ (১৯ জানুৱাৰী)য়ে আটক কৰে বিতৰ্কিত মহিলা শিখা শৰ্মাক। জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰৰ পাছতে আৰক্ষীয়ে মহানগৰী পাথৰকুৱাৰি স্থিত নীলাচল এপাৰ্টমেণ্টৰ পৰা আটক কৰে তেওঁক। যোৱা দীৰ্ঘদিন ধৰি শৰ্মাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি আহিছিল। যাৰ বাবে আজি গৰিমাই থানাত দাখিল কৰিছিল এজাহাৰ।
সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিতৰ্কিত এই মহিলাগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে BNS ৰ অধীনত ১৫২/১৯৬/ ২৯৯/৩৫১/ ৩৫২/৩৫৩/৩৫৬ ধাৰাৰ অধীনত থানাত ২/২৬ নম্বৰত গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিতে অপৰাধ শাখাই নীলাচল এপাৰ্টমেণ্টৰ A BLOCK ৰ C2 বাসগৃহৰ পৰা শিখা শৰ্মাক আটক কৰে। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে শিখা শৰ্মাক আটক কৰাৰ পাছতে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে।
উল্লেখ্য যে, বিগত কেইটামান দিন ধৰি শিখা শৰ্মা নামৰ মহিলাগৰাকীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বহু বিতৰ্কিত মন্তব্য কৰি আহিছে। কেৱল জুবিন গাৰ্গ সন্দৰ্ভতে নহয়, মহিলাগৰাকীয়ে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ, জুবিনৰ পিতৃ আৰু ভগ্নীকো এই সকলোবোৰৰ মাজলৈ টানি আনিছিল। শিখা শৰ্মাই জুবিন তথা জুবিনৰ পৰিয়ালৰ সদস্যৰ চৰিত্ৰ, ব্যক্তিগত বিষয় আদি সন্দৰ্ভত বিভিন্ন অভিযোগ উত্থাপন কৰিছিল।
সামাজিক মাধ্যমত পোষ্ট দি কিছুমান আজৱ মন্তব্য কৰিছিল মহিলাগৰাকীয়ে। আনকি অসমে হেৰুৱা হিয়াৰ আমঠু জুবিন গাৰ্গকো তেওঁ তুচ্ছ্য জ্ঞান কৰি মন্তব্য কৰিছিল। যাৰ বাবে বহুতে মহিলাগৰাকীক গৰিহনাও দিছিল। এইগৰাকী মহিলা অৱশেষত আটক হৈছে। উল্লেখ্য যে, এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও মহিলাগৰাকীয়ে বিভিন্ন মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰা দেখা যায়।
অন্য খবৰ পঢ়কঃ হাগ্ৰামাই দিলে জাতীয়তাবাদৰ সংজ্ঞা! গাৰ লৰিবনে তথাকথিত জাতীয়তাবাদী নেতাসকলৰ?