শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অসম

অসম

অসম উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। অসমৰ পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ নামে জনা গৈছিল। ত্ৰয়োদশ শতিকাত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত ‘অসম’ নামটোৰ প্ৰচলন হয়। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাৱে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰংগ প্ৰদেশ হিচাপে গঠিত হয়। ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ। অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে। আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত। এই ৰাজ্যখন এছিয়াৰ ভিতৰত প্ৰথম তেল খননৰ স্থান আছিল।

Read More

শুল্ক অবিহনে বিদেশলৈ ৰপ্তানি হ’ব অসমৰ চাহ…ডিব্ৰুগড়ৰ ভূমিৰ পৰা কি কি ক’লে শ্বাহে…

Amit Shah: বিভিন্ন কাৰ্যসূচী হাতত লৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ক কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লগতে বিশাল জনতাক সম্বোধন কৰে।

জামিন পাব নেকি? জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি আদালতত শুনানি…

Zubeen Garg Death Case: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি নিয়মীয়া শুনানি অনুষ্ঠিত হ'ব। ৩ অভিযুক্তই দাখিল কৰা জামিন আবেদনৰ আজি শুনানি হ'ব। ইয়াৰোপৰি সিদ্ধাৰ্থ, শ্যামকানু আৰু শেখৰৰ কেইবাখনো আবেদনৰ শুনানি হ'ব।

পাকিস্তানপন্থী নেতাই নেতৃত্ব দিছে কংগ্ৰেছক! খিলঞ্জীয়া নেতাক কংগ্ৰেছ ত্যাগৰ আহ্বান ৰাজ্যিক বিজেপিৰ

আজি গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে একেলগে পূৰ্বৰ মুছলিম লীগৰ অসমাপ্ত এজেণ্ডা পূৰণৰ প্ৰয়াস কৰিছে বুলি দাবী কৰি মেধিয়ে তেওঁলোকৰ নেতৃত্বত কংগ্ৰেছে এতিয়া অসম বা খিলঞ্জীয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ নিদিয়ে বুলি উল্লেখ কৰে।

ডি এন এ পৰীক্ষা কৰি বাংলাদেশী বিতাড়নৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান প্ৰবীণ ভাই টোগাড়িয়াৰ

ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা ড০ প্ৰবীণ ভাই টোগাড়িয়াই ২৯ জানুৱাৰী বৃহস্পতিবাৰে বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা বুলি অভিহিত কৰা ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই ৰাজ্য চৰকাৰক ক্ষিপ্ৰ আৰু দৃঢ়তাৰে কাম কৰিবলৈ আহ্বান জনায়।

মৰ্মান্তিক! গৈছিল জাবৰ চাফা কৰিব,অগ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু…

এক মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। মাতৃ-পুত্ৰই অগ্নিদগ্ধ হৈ সাৱতি লয় মৃত্যুক। ৰঙিয়াত সংঘটিত হৈছে এই ঘটনা। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত।

মিঞাক ১ টকা কমাই দিলে অসমীয়া মানুহ ধনী নহয়! মুখ্যমন্ত্ৰীক কটাক্ষ কংগ্ৰেছ নেতা পৱন খেৰাৰ

বুধবাৰে ডিমৌত এক জনসভাত পুনৰ মিঞাৰ বিৰুদ্ধে এক মন্তব্য কৰা দেখা গ'ল হিমন্ত বিশ্ব শৰ্মাক। মিঞা ৰিক্সাৱালাক ৫ টকা ভাড়া হ'লে ৪ টকা দিবলৈ ৰাইজক আহ্বান জনোৱা দেখা গ'ল মুখ্যমন্ত্ৰীয়ে। এই বক্তব্য প্ৰকাশৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ, কি কি কাৰ্যসূচী আছে?

এই ভ্ৰমণকালত অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খনিকৰ ষ্টেডিয়াম পুনৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ৩০ জানুৱাৰীত তেওঁ নতুন বিধানসভা কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মিত্রতাক লৈ এতিয়া চিন্তা নাই, অসমৰ ৰাইজে বিজেপিক ভোট দিব: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীয়ে কয়,  "গুৱাহাটী-উত্তৰ গুৱাহাটী দলংখন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। কাৰণ এয়া এক ডাঙৰ প্ৰকল্প। চানমাৰী আৰু ভৰলুৰ উৰণসেতু দুখন ফেব্ৰুৱাৰী মাহতে মই উদ্বোধন কৰিম। কাৰণ নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ অলপ সময় লাগিব।"

Election 2026: নিৰ্বাচনৰ পূৰ্বে বিৰোধিত ফাঁট! কংগ্ৰেছক এৰি অকলে প্ৰাৰ্থী ঘোষণা CPI ৰ…

Assam Assembly Election: নিৰ্বাচনৰ পূৰ্বে বিৰোধিৰ মাজত দেখা গৈছে মতানৈক্য। শেহতীয়াকৈ চি পি আই দলে প্ৰাৰ্থী ঘোষণা কৰিছে। কংগ্ৰেছলৈ অপেক্ষা কৰি দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। কেইবাটাও সমষ্টিৰ বাবে ঘোষণা কৰে প্ৰাৰ্থী।

একাংশ নেতাই কেৱল বিধানসভাৰ ভিতৰতে শ্লোগান দিয়ে: শিৱসাগৰত মুখ্যমন্ত্ৰীৰ মন্তব্য

ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই মহিলা অংশগ্ৰহণকাৰীসকলৰ সৈতে অনানুষ্ঠানিকভাৱে মত বিনিময় কৰে।  তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনক উদ্যোগীকৰণৰ জৰিয়তে মহিলাসকলক সবলীকৰণৰ বাবে একান্তভাৱে উৎসৰ্গিত দেশৰ একমাত্ৰ পদক্ষেপ বুলি অভিহিত কৰি কয় যে, ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ৯৫টা সমষ্টিত ইতিমধ্যে এই আঁচনিৰ অধীনত মিটিং সম্পূৰ্ণ কৰা হৈছে।

ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন! নাও ডুবি ৭ জন নিৰুদ্দেশ…

ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নাও ডুবি নিৰুদ্দেশ প্ৰায় ৭জনকৈ যাত্ৰী। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যাত্ৰী। চলি আছে উদ্ধাৰ অভিযান।

আজি বাথৌ পূজা, নিজৰ ইষ্ট দেৱতাক পূজা-অৰ্চনা বড়ো জনগোষ্ঠীৰ লোকৰ

বড়ো সকলৰ ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। ‘বা’ মানে ‘পঞ্চ’ আৰু ‘থৌ’ মানে ‘ তত্ত্ব’। এই পঞ্চতত্ত্বত বিশ্বাসী বড়ো লোক সকলে পৰম্পৰাগত ভাবে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা। নিজৰ ইষ্ট দেৱতাক পূজা -অৰ্চনাৰে এইদৰে স্মৰণ কৰে পুৰুষ-মহিলা সকলোৱে। বড়ো সকলৰ ‘বাথৌ’ অৰ্থাৎ শিৱ দেৱতা হ’ল সৰ্বশক্তিমান ঈশ্বৰ।

ৰাষ্ট্ৰপতি ভৱনত ৰাহুল গান্ধীয়ে পিন্ধিছিল উত্তৰ-পূবৰ পাটকা: মুখ্যমন্ত্ৰীৰ অভিযোগক লৈ কংগ্ৰেছৰ দাবী

ৰাহুল গান্ধীৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, ‘পাটকা’ স্বীকাৰ কৰি প্ৰথমে পিন্ধিছিল যদিও পিছত বহি থকা অৱস্থাত আঁতৰাই টেবুলত থৈ দিয়ে। সূত্ৰটোৱে দাবী কৰে যে, ‘তেওঁ ‘পাটকা’ পিন্ধিছিল যদিও বহি থাকোঁতে খুলি থৈ দিছিল। গান্ধীয়ে পাটকা পিন্ধাৰ পৰিৱৰ্তে হাতত লৈ থকা ভিডিঅ’ ফুটেজ ব্যাপক প্ৰচাৰৰ সময়তে এই স্পষ্টীকৰণ দিয়া হৈছে।

Morning News: দিনটোৰ আৰম্ভণিতে পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পঢ়ক…

আজি ২৭ জানুৱাৰী ২০২৬, মঙলবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

ৰাজ্যজুৰি গণৰাজ্য দিৱস উদযাপন, ডিব্ৰুগড়ত পতাকা উন্মোচন কৰি কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ…

ডিব্ৰুগড়ৰ খনিকৰ পেৰেড খেলপথাৰত ৭৭ সংখ্যক গণৰাজ্য দিৱস পতাকা উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে । সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ৰাজ্যৰ পাঁচগৰাকীকৈ সন্তানক পদ্ম বঁটাৰে সন্মানিত কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়।