বাগৰুম্বাৰ পৰা বন্দে ভাৰত শ্লীপাৰলৈ…দিনটোৰ শীৰ্ষ খবৰ
চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
বিশ্বৰ বুকুত ইতিহাস ৰচিলে বড়োসকলৰ পৰম্পৰাগত বাগৰুম্বা নৃত্যই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰায় ১০ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰিলে বাগৰুম্বা। খ্ৰাম আৰু চিফুংঙৰ সুললিত ধ্বনিত মুখৰিত হৈ পৰিল সৰুসজাই ষ্টেডিয়াম। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। মালদহ ষ্টেচনত পতাকা জোকাৰি তেওঁ গুৱাহাটী অভিমুখী ৰেলখন উদ্বোধন কৰে। কামাখ্যাত হাওৰা অভিমুখী বন্দে ভাৰত শ্লীপাৰখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ নেতা-কৰ্মীয়ে উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীক। তাৰ পৰা তেওঁ ৰাওনা হয় সৰুসজাইলৈ। য’ত ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰে বাগৰুম্বা নৃত্য। কালিলৈ কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
