পুনৰ সাংসদ গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, গৌৰৱ গগৈৰ পাকিস্তানৰ কথা ভাল লাগে। উল্লেখ্য যে, গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক জিন্নাৰ সৈতে তুলনা কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত শৰ্মাই কয় যে, জিন্না পাকিস্তানৰ হৈ গ'ল। গগৈৰ পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰ সৈতে ভাল লাগিব। মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি গৌৰৱ গগৈৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ তুলি আহিছে।