বিশেষ আদালত গঠনৰ অনুৰোধ, প্ৰধানমন্ত্ৰীলৈ পত্ৰ জুবিন পৰিয়ালৰ…
জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে এখন বিশেষ আদালত গঠনৰ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে গৰিমা শইকীয়া গাৰ্গ তথা পৰিয়ালে। ইয়াৰ লগতে বৈদেশিক নীতিৰ আধাৰত ছিংগাপুৰত উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় বিচাৰি অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে এখন বিশেষ আদালত গঠনৰ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে গৰিমা শইকীয়া গাৰ্গ তথা পৰিয়ালে। ইয়াৰ লগতে বৈদেশিক নীতিৰ আধাৰত ছিংগাপুৰত উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। একে সময়তে অভিযুক্তই যাতে জামিন লাভ নকৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে জুবিন পৰিয়ালে।
জুবিন গাৰ্গৰ পৰিয়ালে পত্ৰ জৰিয়তে ছিংগাপুৰৰ সৈতে কূটনৈতিক আৰু আইনী ব্যৱস্থা তৰান্বিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে। কৰ’নাৰ্ছ ক’ৰ্টৰ ন্যায় প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰখাৰ লগতে ছিংগাপুৰ আৰক্ষীৰ সকলো তথ্য ভাৰতক প্ৰদানৰ কৰাৰ ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে।
জুবিন গাৰ্গৰ পত্নী গৰিমাই এই পত্ৰ প্ৰেৰণ কৰাৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰি কয়,”ভাৰতবৰ্ষৰ গৌৰৱান্বিত ৭৭তম গণৰাজ্য দিৱস পালনৰ প্ৰাকক্ষণত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ প্ৰণাম জনোৱাৰ লগতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত এক স্মাৰকপত্ৰ প্ৰেৰণ…প্ৰতিটো দিন ৰাতি এতিয়া মাথোঁ এটাই আমাৰ লক্ষ্য …জুবিন গাৰ্গে সম্পূৰ্ণ সত্য , শুদ্ধ আৰু উচিত ন্যায় পাবই লাগিব । দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব।”
এই বিষয়সমূহৰ ওপৰ ভাৰত চৰকাৰৰ হস্তক্ষেপৰ অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গ তথা পৰিয়ালে
- ভাৰতত এখন বিশেষ আদালত গঠন। অসম আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাৰ পৰা উদ্ভৱ হোৱা গোচৰটোত কেন্দ্ৰীভূত বিচাৰ, জনসাধাৰণৰ আস্থা, আৰু প্ৰক্ৰিয়াগত পলম পৰিহাৰ কৰাটো নিশ্চিত কৰা।
- প্রয়োজন হ’লে অসম চৰকাৰে ইতিমধ্যে প্রতিনিধিত্ব কৰা দলটোত অধিক সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ আৰু অভিজ্ঞ, শক্তিশালী লোক অধিবক্তাৰ নিযুক্তি কৰা, যাতে গোচৰটো ইয়াৰ প্ৰয়োজনীয় সৰ্বোচ্চ পেছাদাৰী দক্ষতা আৰু গুৰুত্বসহকাৰে আৰু প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে আগবঢ়াই নিব পৰা যায়।
- উপযুক্ত ন্যায়িক আৰু প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তে বিচাৰৰ দ্ৰুত অনুসৰণ, যাতে সময়ৰ দ্বাৰা ন্যায় পলম নহয় বা পাতল নহয়।
- ন্যায়ৰ সম্পূৰ্ণ প্ৰক্ৰিয়া চলি থকালৈকে অভিযুক্তৰ কোনো এজনো জামিনত মুক্ত হ’ব নালাগে আৰু অভিযুক্তক সম্ভৱপৰ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে!
- ছিংগাপুৰৰ সৈতে সক্ৰিয় কূটনৈতিক আৰু আইনী সংযোগ বৃদ্ধি কৰা। কৰ’নাৰ্ছ আদালতত সৰ্বোচ্চ পৰ্যায়ত চলি থকা কাৰ্যবিধি নিৰীক্ষণ কৰা, সকলো প্ৰাসংগিক সামগ্ৰী, সাক্ষ্য আৰু তথ্য ভাৰতীয় কৰ্তৃপক্ষক উপলব্ধ কৰাটো নিশ্চিত কৰা; পাৰস্পৰিক আইনী সহায়ৰ বাবে সকলো বৈধ পথ অন্বেষণ কৰা আৰু বিচাৰ ক্ষমতাৰ জটিলতাক সত্যৰ বাধা হিচাপে পৰিগণিত হোৱাত বাধা দিয়া।