শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মা

অসমৰ এগৰাকী সুদক্ষ ৰাজনীতিবিদ তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা পাঁচবাৰকৈ – ২০০১, ২০০৬ আৰু ২০১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্বৰ সদস্য, শৰ্মাই ২০১৫ চনৰ আগষ্ট মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ২০২১ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়।

১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত শৰ্মাই উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। তেওঁ ১৯৯১-৯২ত কটন কলেজ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক আছিল। তেওঁ কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত ১৯৯০ চনত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে। শৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯৬ৰ পৰা ২০০১ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। তেওঁ ৰিণিকি ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু নন্দীল আৰু সুকন্যা তেওঁলোকৰ সন্তান।

Read More

শুল্ক অবিহনে বিদেশলৈ ৰপ্তানি হ’ব অসমৰ চাহ…ডিব্ৰুগড়ৰ ভূমিৰ পৰা কি কি ক’লে শ্বাহে…

Amit Shah: বিভিন্ন কাৰ্যসূচী হাতত লৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ক কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লগতে বিশাল জনতাক সম্বোধন কৰে।

‘মিঞা বিতৰ্ক’ৰ মাজতে মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট, উচ্চতম ন্যায়ালয়ৰ উদ্ধৃতিৰে বিৰোধীলৈ প্ৰত্যাহ্বান

মুখ্যমন্ত্ৰীৰ এনে মন্তব্যক বিভাজনৰ ৰাজনীতি আৰু সমাজত ঘৃণা বিয়পোৱাৰ এক কৌশল বুলি অভিহিত কৰিছে বিৰোধীয়ে। এই মন্তব্যক তীব্ৰ গৰিহণা দিছে একাংশই। এনে বিতৰ্কৰ মাজতে আজি ফেচবুকত এক বিশেষ পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মিঞাক ১ টকা কমাই দিলে অসমীয়া মানুহ ধনী নহয়! মুখ্যমন্ত্ৰীক কটাক্ষ কংগ্ৰেছ নেতা পৱন খেৰাৰ

বুধবাৰে ডিমৌত এক জনসভাত পুনৰ মিঞাৰ বিৰুদ্ধে এক মন্তব্য কৰা দেখা গ'ল হিমন্ত বিশ্ব শৰ্মাক। মিঞা ৰিক্সাৱালাক ৫ টকা ভাড়া হ'লে ৪ টকা দিবলৈ ৰাইজক আহ্বান জনোৱা দেখা গ'ল মুখ্যমন্ত্ৰীয়ে। এই বক্তব্য প্ৰকাশৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

মিত্রতাক লৈ এতিয়া চিন্তা নাই, অসমৰ ৰাইজে বিজেপিক ভোট দিব: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীয়ে কয়,  "গুৱাহাটী-উত্তৰ গুৱাহাটী দলংখন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। কাৰণ এয়া এক ডাঙৰ প্ৰকল্প। চানমাৰী আৰু ভৰলুৰ উৰণসেতু দুখন ফেব্ৰুৱাৰী মাহতে মই উদ্বোধন কৰিম। কাৰণ নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ অলপ সময় লাগিব।"

একাংশ নেতাই কেৱল বিধানসভাৰ ভিতৰতে শ্লোগান দিয়ে: শিৱসাগৰত মুখ্যমন্ত্ৰীৰ মন্তব্য

ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই মহিলা অংশগ্ৰহণকাৰীসকলৰ সৈতে অনানুষ্ঠানিকভাৱে মত বিনিময় কৰে।  তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনক উদ্যোগীকৰণৰ জৰিয়তে মহিলাসকলক সবলীকৰণৰ বাবে একান্তভাৱে উৎসৰ্গিত দেশৰ একমাত্ৰ পদক্ষেপ বুলি অভিহিত কৰি কয় যে, ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ৯৫টা সমষ্টিত ইতিমধ্যে এই আঁচনিৰ অধীনত মিটিং সম্পূৰ্ণ কৰা হৈছে।

ৰাষ্ট্ৰপতি ভৱনত ৰাহুল গান্ধীয়ে পিন্ধিছিল উত্তৰ-পূবৰ পাটকা: মুখ্যমন্ত্ৰীৰ অভিযোগক লৈ কংগ্ৰেছৰ দাবী

ৰাহুল গান্ধীৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, ‘পাটকা’ স্বীকাৰ কৰি প্ৰথমে পিন্ধিছিল যদিও পিছত বহি থকা অৱস্থাত আঁতৰাই টেবুলত থৈ দিয়ে। সূত্ৰটোৱে দাবী কৰে যে, ‘তেওঁ ‘পাটকা’ পিন্ধিছিল যদিও বহি থাকোঁতে খুলি থৈ দিছিল। গান্ধীয়ে পাটকা পিন্ধাৰ পৰিৱৰ্তে হাতত লৈ থকা ভিডিঅ’ ফুটেজ ব্যাপক প্ৰচাৰৰ সময়তে এই স্পষ্টীকৰণ দিয়া হৈছে।

ৰাজ্যজুৰি গণৰাজ্য দিৱস উদযাপন, ডিব্ৰুগড়ত পতাকা উন্মোচন কৰি কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ…

ডিব্ৰুগড়ৰ খনিকৰ পেৰেড খেলপথাৰত ৭৭ সংখ্যক গণৰাজ্য দিৱস পতাকা উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে । সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ৰাজ্যৰ পাঁচগৰাকীকৈ সন্তানক পদ্ম বঁটাৰে সন্মানিত কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়।

‘মুখ্যমন্ত্ৰীৰ এটি কলি, দুটি পাত আঁচনি’ৰ শুভাৰম্ভ: এইসকল লোকে পাব ৫,০০০ কৈ টকা…

Assam Govt Scheme: আজি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভণি কৰিলে এক নতুন আঁচনিৰ। এই আঁচনিৰ নাম মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত। ইয়াৰ দ্বাৰা চাহ বাগিচাৰ কৰ্মচাৰীসকল লাভান্বিত হ'ব।

কেৱল চৰকাৰী শিক্ষানুষ্ঠানত অনুষ্ঠিত হ’ব মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী পৰীক্ষা: ঘোষণা মুখ্যমন্ত্ৰীৰ

এইবাৰ ব্যক্তিগত শিক্ষানুষ্ঠানত অনুষ্ঠিত নহয় মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা। চৰকাৰী শিক্ষানুষ্ঠানত, চৰকাৰী শিক্ষকৰ নিৰীক্ষণত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কোনো বিতৰ্ক নাই, কেৱল মিঞাকহে জাননী প্ৰেৰণ কৰা হৈছে: SR সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক’লে…

ড০ শৰ্মাই কয়, "ভোটাৰ পুনৰীক্ষণ অভিযানৰ সময়ত বাংলাভাষী মুছলমানসকলৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা শব্দ ‘মিঞা’ লৈহে জাননী প্ৰদান কৰা হৈছে। তেওঁলোকক হেঁচাত ৰাখিবলৈ এই কাম কৰা হৈছে।"

ডাভোছৰ বিশ্ব অৰ্থনৈতিক মঞ্চত অসমে লাভ কৰিছে ১ লাখ কোটি টকাৰ বিনিয়োগ, মুখ্যমন্ত্ৰীয়ে ক’লে…

পিটিআইৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রীয়ে কয়, "ডাভোছত অসমৰ উপস্থিতি এক জ্ঞানপূৰ্বক অভিজ্ঞতা। যিয়ে ৰাজ্যখনক বিশেষকৈ উত্তৰ-পূর্বাঞ্চলৰ বাবে উদীয়মান বিনিয়োগৰ গন্তব্যস্থান হিচাপে স্থান দিয়াত সহায় কৰিছে ৷" তেওঁ কয়, বিনিয়োগৰ প্ৰতিশ্ৰুতিসমূহ কম সময়ৰ ভিতৰতে  বিশ্বব্যাপী মঞ্চত নিয়োজিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে নিশ্চিত কৰা হৈছিল।"

ৰাজ্যৰ গৱেষক ছাত্ৰসকললৈ সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে, চাকৰিৰ প্ৰস্তুতি চলোৱা স্নাতক শিক্ষাৰ্থীয়েও পাব জলপানি

গৱেষকসকলৰ উপৰিও সদ্য স্নাতকসকলৰ বাবেও চৰকাৰে ‘জীৱন প্ৰেৰণা আঁচনি’ নামেৰে আন এক আঁচনি ঘোষণা কৰিছে। অহা ১০ ফেব্ৰুৱাৰীতে এই আঁচনিখন আৰম্ভ কৰা হ’ব। এই আঁচনিৰ জৰিয়তে ২০২৫ বৰ্ষৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিত সহায় হোৱাকৈ জলপানি লাভ কৰিব।

পত্নীৰ সৈতে মিলি সম্পত্তিৰ পাহাৰ গঢ়িছে হিমন্ত বিশ্ব শৰ্মাই! কংগ্ৰেছৰ চৰকাৰ আহিলে ইয়াৰ হিচাপ হ’ব- ভূপেশ বাঘেল

সংবাদমেলত বাঘেলে কয়, "অসম চাহ, এশিঙীয়া গঁড়, ব্ৰহ্মপুত্ৰ, মা কামাখ্যা, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ বাবে বিখ্যাত। এনে এখন সুজলা-সুফলা অসমক এতিয়া হকে-বিহকে ঋণ লৈ ভালপোৱা এজন অভদ্ৰ আৰু দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামেৰেও জনা যায়। এয়া সমগ্ৰ অসমবাসীৰ বাবেই দুৰ্ভাগ্যৰ কথা।"

অসমৰ যিকোনো উন্নয়নে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপকাৰ কৰে: হিমন্ত বিশ্ব শৰ্মা

ডাভ'ছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফ'ৰাম (WEF)ত অংশগ্ৰহণ কৰি শৰ্মাই কয় যে, "অসমক উত্তৰ-পূৰ্বাঞ্চলৰ বাকী অংশৰ পৰা বিচ্ছিন্ন নহয়। তেওঁ কয়, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ মাজত পৰস্পৰৰ সম্পৰ্ক আছে। অসমৰ যিকোনো উন্নয়নে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপকাৰ কৰে। যেতিয়া অসমত কোনোবাই বৃহৎ বিনিয়োগ কৰে, তেতিয়া সেইবোৰ সমগ্ৰ অঞ্চলটোৰ বাবেই হয়।"

মোগলৰ দৰে ২০২৬ ত পতন ঘটিব হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, গোৱালপাৰাত নিৰ্বাচনৰ ৰণডংকা বজালে গৌৰৱ গগৈয়ে

কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অহংকাৰ, খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি দখল, নিৰ্বাচনী তালিকাত হেতালি খেলাৰ অভিযোগ উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত চোকা আক্ৰমণ চলায়।