হিমন্ত বিশ্ব শৰ্মা
অসমৰ এগৰাকী সুদক্ষ ৰাজনীতিবিদ তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা পাঁচবাৰকৈ – ২০০১, ২০০৬ আৰু ২০১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্বৰ সদস্য, শৰ্মাই ২০১৫ চনৰ আগষ্ট মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ২০২১ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়।
১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত শৰ্মাই উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। তেওঁ ১৯৯১-৯২ত কটন কলেজ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক আছিল। তেওঁ কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত ১৯৯০ চনত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে। শৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯৬ৰ পৰা ২০০১ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। তেওঁ ৰিণিকি ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু নন্দীল আৰু সুকন্যা তেওঁলোকৰ সন্তান।
Morning News: পুটিনৰ ভ্ৰমণৰ পৰা ইণ্ডিগ’ৰ সমস্যালৈ, পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত
দুদিনীয়া ভ্ৰমণসূচী সামৰি শুকুৰবাৰে দিল্লীৰ পৰা মস্কোলৈ উভতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। এই ভ্ৰমণকালত ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে।
- Monjit Dutta
- Updated on: Dec 6, 2025
- 08:22 am
ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত নতুন সংযোজন, উমাৰাংছুত ক্রিকেট ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্ৰীৰ
প্রায় ১৫,০০০ আসন ক্ষমতা বিশিষ্ট এই আকর্ষণীয় ভূ-গেলাৰীৰ ব্যৱস্থা সম্পন্ন অত্যাধুনিক ক্রিকেট ষ্টেডিয়াম আৰু ছেঙিয়া তুলাৰাম পেভেলিয়ানৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ২০২১ চনৰ ২৫ ছেপ্টেম্বৰত এই ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
- Monjit Dutta
- Updated on: Dec 5, 2025
- 18:41 pm
১৫ জানুৱাৰীৰ ভিতৰত চয়-নিশ্চয় হ’ব ২০২৬ ৰ নিৰ্বাচনৰ বাবে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰাৰ
অহা বছৰ অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন। পূৰ্বৰ দৰেই মিত্ৰতা অক্ষুণ্ণ ৰাখি যুঁজত নামিবলৈ সাজু হৈছে অগপ-বিজেপি। এইবাৰ কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব, তাক লৈ দল দুটাৰ মাজত আলোচনা চলি আছে। অহা ১৫ জানুৱাৰীৰ পূৰ্বেই সকলো চয়-নিশ্চয় হ'ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে।
- Raj Saikia
- Updated on: Dec 5, 2025
- 16:27 pm
অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দুদিনীয়া অসম ভ্রমণ সন্দর্ভত মুখ্যমন্ত্ৰীৰ বৈঠক
এই বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই গুৱাহাটী আৰু নামৰূপত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ দুয়োটা বৃহৎ অনুষ্ঠানৰে প্রস্তুতি সন্দৰ্ভত সবিশেষ আলোচনা কৰে। অনুষ্ঠান দুটা যাতে সুকলমে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে তেওঁ শীর্ষ বিষয়াসকলক যাবতীয় নির্দেশনা প্রদান কৰে।
- Barasha Misra
- Updated on: Dec 4, 2025
- 07:48 am
চাহ শ্ৰমিকক ভূমি পট্টা দিয়া সভালৈ গৌৰৱ গগৈকো মাতিব মুখ্যমন্ত্ৰীয়ে…
Himanta Biswa Sarma: কংগ্ৰেছ আৰু এজেপিক কটাক্ষ কৰি পুনৰ মন্তব্য প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, চাহ শ্ৰমিকক ভূমি পট্টা দিয়া সভালৈ গৌৰৱ গগৈকো মাতিব।
- Barasha Sarma
- Updated on: Dec 3, 2025
- 17:00 pm
পুনৰ হ’ব চৰকাৰী নিযুক্তি, প্ৰায় ৫০০০ পদৰ বাবে দিয়া হ’ব নিযুক্তি, দুই-এদিনতে প্ৰকাশ পাব বিজ্ঞাপন
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি চৰকাৰী নিয়োগ আৰু চাহ বাগিচাৰ শ্ৰমিকৰ কল্যাণৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নয়নৰ ওপৰত আলোকপাত কৰে। ৫ হাজাৰৰো অধিক আৰক্ষী কনিষ্টবল পদৰ বাবে শীঘ্ৰেই প্ৰকাশ পাব বিজ্ঞাপন।
- Raj Saikia
- Updated on: Dec 3, 2025
- 15:16 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰা সকলৰ সৈতে আলোচনাত বহিব তিনিজনীয়া মন্ত্ৰী গোট
মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই প্ৰতিবেদনে ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ পথ সহজ কৰি তুলিব আৰু বৰ্তমানৰ জনজাতীয় সম্প্ৰদায়ক প্ৰভাৱিত নকৰে। প্রতিবেদনত ৰাজ্যৰ জনজাতীয় জনগোষ্ঠী সমূহৰ সংৰক্ষণ শ্রেণীবিভাজনৰ তিনি স্তৰীয় শ্রেণীবিভাজনৰ পৰামৰ্শ দিয়া হৈছে যাতে বৰ্তমানৰ জনজাতীয় গোষ্ঠীসমূহৰ সংৰক্ষণত কোনো প্রভাৱ নপৰাকৈ চাহিদা পূৰণ কৰিব পৰা যায় ৷
- Raj Saikia
- Updated on: Dec 1, 2025
- 14:09 pm
শ্ৰীভূমিত অসম আৰক্ষীৰ জালত ১১ জন ‘নমতা আলহী’, মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ মন্তব্য…
অনুপ্ৰৱেশকাৰী বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে সামাজিক মাধ্যম যোগে প্ৰচাৰ কৰি আহিছে। কালি নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ নিজা ফেচবুক একাউণ্ট যোগে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা প্ৰতিহত কৰাৰ তথ্য সদৰী কৰিছে।
- Monjit Dutta
- Updated on: Dec 1, 2025
- 10:35 am
Assam Cabinet: কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ পৰা মিছন বসুন্ধৰালৈ, কেবিনেটৰ সিদ্ধান্তসমূহ…
Assam Cabinet Decision: দেওবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত। য'ত চৰকাৰে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি ইয়াৰ সবিশেষ জনায়।
- Barasha Sarma
- Updated on: Nov 30, 2025
- 22:31 pm
Morning News: বিধানসভা অধিৱেশনৰ পৰা পুটিনৰ ভাৰত ভ্ৰমণলৈ, পলকতে পঢ়ক পুৱাৰ কিছু গুৰুত্বপূৰ্ণ খবৰ
অসম বিধানসভাৰ চলিত শীতকালীন অধিৱেশনৰ সময়ত শুকুৰবাৰে সদনত গৃহীত হয় 'দ্য আছাম ফিক্সেশ্যন অৱ চিলিং অন লেণ্ড হ'ল্ডিংছ (এমেণ্ডমেন্ট) বিল, ২০২৫'। এই বিধেয়কৰ জৰিয়তে চাহ শ্ৰমিকৰ মাজত ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
- Monjit Dutta
- Updated on: Nov 29, 2025
- 07:53 am
অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ বাক-যুদ্ধত উত্তাল বিধানসভা, অখিলৰ বিৰুদ্ধে হত্যাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ
অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ তীব্ৰ বাক-যুদ্ধত বিধানসভাত স্থান পায় প্ৰণৱ বড়োৰ প্ৰসংগ। প্ৰণৱ বড়োক কোনে হত্যা কৰিলে সেই সন্দৰ্ভটো সদনত অখিল গগৈক প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, 'জনজাতীয় প্ৰণৱ বড়োক আপুনি হত্যা কৰিছিল। চাহ শ্ৰমিকক মাটি দিয়াটো ভাল পোৱা নাই আপুনি।'
- Barasha Misra
- Updated on: Nov 28, 2025
- 20:22 pm
দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ‘প্ৰেৰণা আঁচনি’ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ…
Prerona scheme: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে প্ৰেৰণা আঁচনিৰ। ইয়াৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলে মাহে ৩০০ টকাকৈ লাভ কৰিব।
- Barasha Sarma
- Updated on: Nov 28, 2025
- 14:43 pm
আনিব UCC, বৃদ্ধি হ’ব যুৱতীৰ বিয়াৰ ন্যূনতম বয়স! সদনত মুখ্যমন্ত্ৰীয়ে কি কি ক’লে…
Himanta Biswa Sarma On UCC: চলি থকা শীতকালীন অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, পুনৰ মুখ্যমন্ত্ৰী হ'লে তেওঁ সদনত ইউনিফৰ্ম চিভিল কোড আনিব।
- Barasha Sarma
- Updated on: Nov 28, 2025
- 10:31 am
Assam Prohibits Polygamy: বহুবিবাহ প্ৰতিৰোধ বিধেয়ক কি? ইয়াৰ অধীনত কি কি শাস্তি হ’ব পাৰে, জানক সকলো…
Assam Prohibition Of Polygamy Bill 2025: অৱশেষত অসম বিধানসভাত গৃহীত বহুবিবাহ প্ৰতিৰোধ বিধেয়ক ২০২৫। ইয়াৰ পাছতে এই বিধেয়ক অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। এই বিধেয়ক আইনত পৰিণতি হলে অপৰাধীক বিভিন্ন শাস্তি বিহা হ'ব।
- Barasha Sarma
- Updated on: Nov 28, 2025
- 07:48 am
বিধানসভাত গৃহীত হ’ল বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, মুখ্যমন্ত্ৰীয়ে কৰিলে আন এক ডাঙৰ ঘোষণা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত এই বিধেয়ক উত্থাপন কৰাৰ পিছতে তীব্ৰ বিতৰ্কৰ সূচনা হয়। অৱশ্যে দীঘলীয়া বিতৰ্কৰ পিছত সদনত গৃহীত হয় বিধেয়কখন। এই বিধেয়ক উত্থাপনৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত বিধেয়কখনৰ সমৰ্থনত বক্তব্য আগবঢ়ায়।
- Monjit Dutta
- Updated on: Nov 27, 2025
- 18:00 pm