শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আমাৰ আত্মবিশ্বাস বাঢ়িছে, অসুৰ বধ হ’বই লাগিব: গৰিমা গাৰ্গ

গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে ,আজি ভাৰ্চুৱেলি আদালতত হাজিৰ হোৱা ৭ জন অভিযুক্তৰ মুখত কোনো কোনো অনুসূচনা নাই। এই কাৰ্যক অমানৱীয় আৰু অগ্ৰাহ্য বুলি অভিহিত কৰি অভিযুক্তই কঠোৰতম শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি পুনৰ এবাৰ উল্লেখ কৰে গৰিমা গাৰ্গে ।

আমাৰ আত্মবিশ্বাস বাঢ়িছে, অসুৰ বধ হ’বই লাগিব: গৰিমা গাৰ্গ
গৰিমা শইকীয়া গাৰ্গ
Trishna Kalita
Trishna Kalita | Updated On: 17 Jan 2026 16:47 PM

আজি সম্পন্ন হয় জুবিন গাৰ্গ হত্যাৰ গোচৰৰ চতুৰ্থটো শুনানি । জিলা সত্র ন্যায়াধীশৰ আদালতত সম্পন্ন শুনানি। ২২ জানুৱাৰীত হ’ব জুবিন গাৰ্গ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। আদালতত চৰকাৰী পক্ষই বিচাৰিছে অতিৰিক্ত সময়। শুনানিৰ সময়ত আদালতত উপস্থিত থাকে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ মাজতে গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে, এইবাৰ ৫ জনে জামিন আবেদন দাখিল কৰিছে। পূৰ্বে ৩ জন আছিল। আজি ভাৰ্চুৱেলি আদালতত হাজিৰ হোৱা ৭ জন অভিযুক্তৰ মুখত কোনো কোনো অনুসূচনা নাই। এই কাৰ্যক অমানৱীয় আৰু অগ্ৰাহ্য বুলি অভিহিত কৰি অভিযুক্তই কঠোৰতম শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি পুনৰ এবাৰ উল্লেখ কৰে গৰিমা গাৰ্গে।

ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ দৃঢ়তাৰে কয় যে, জুবিন গাৰ্গে অৱশেষত ন্যায় লাভ কৰিব বুলি আশাবাদী। জুবিনে ন্যায় পোৱাক লৈ আত্মবিশ্বাস বঢ়া বুলিও উল্লেখ গৰিমাৰ। তেওঁ কয়, “নতুনকৈ চৰকাৰে নিয়োগ কৰা অধিবক্তাৰ দলটোৱে আদালতত সঠিককৈ যুক্তি দৰ্শাইছে।” নতুনকৈ নিযুক্তি দিয়া চৰকাৰী অধিবক্তাৰ দলটোক প্ৰশংসা কৰি গৰিমাই কয়, “তেওঁলোকে আদালতৰ সন্মুখত শক্তিশালী, নিখুঁত আৰু উচিত যুক্তি আগবঢ়াইছে।”

ইফালে ছিংগাপুৰ আৰক্ষীৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰাৰ কথাও উল্লেখ কৰে গৰিমাই।  তেওঁ কয়, “এই গোচৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমন্বয় অতি গুৰুত্বপূৰ্ণ হৈ আছে।” ইয়াৰ লগত জড়িত জটিলতাসমূহৰ ওপৰত আলোকপাত কৰি গৰিমা গাৰ্গে আঙুলিয়াই দি কয় যে, তাত বিচাৰ প্ৰক্ৰিয়া আৰু ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ বেলেগ। তাত বিচাৰ প্ৰক্ৰিয়া এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। তেওঁ আৰু প্ৰকাশ কৰে যে ২০২৫ চনৰ ১৯ ​​ছেপ্টেম্বৰত (জুবিন গাৰ্গৰ মৃত্যুৰ দিন) য়টত উপস্থিত থকা প্ৰৱাসী অসমীয়াক তদন্তৰ আওতালৈ অনাৰ বাবে বাৰে বাৰে দাবী উত্থাপন কৰা হৈছে।

গৰিমাৰ মতে, এই মৰ্মান্তিক ঘটনাটো গুৰুতৰ গাফিলতিৰ বাবেই সংঘটিত হৈছে আৰু কেৱল ৭ অভিযুক্তৰ মাজতে সীমাবদ্ধ হৈ থাকিলে নহ’ব। এইসকল অভিযুক্তৰ দৰেই য়টত উপস্থিত থকা প্ৰৱাসী অসমীয়া ব্যক্তিসকলো সমানেই দায়ী।’- তদন্তত তেওঁলোকক অন্তৰ্ভুক্ত কৰাৰ বাবে পুনৰবাৰ বিশেষ অনুসন্ধান দল (এছ আই টি)লৈ আবেদন দাখিল কৰা হৈছে বুলি উল্লেখ কৰে গৰিমা শইকীয়াই।

ইফালে অধিবক্তা অপূৰ্ব শৰ্মাই জনাইছে যে, জামিন আবেদনৰ শুনানি অহা ২২ জানুৱাৰীত, আনহাতে গোচৰৰ নিয়মীয়া শুনানি অহা ৩০ জানুৱাৰীত অনুষ্ঠিত হ’ব। অভিযুক্ত শেখৰজ্যোতি গোম্বামীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কাৰণ দৰ্শাই অধিবক্তাই আবেদন দাখিল কৰি উপযুক্ত চিকিৎসা বিচাৰিছে। অধিবক্তা শৰ্মাই বিশেষ আদালতৰ জৰিয়তে বিচাৰ চলোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি কয় যে, কেৱল দৈনিক শুনানিয়েহে জুবিন গাৰ্গৰ ক্ষিপ্ৰ ন্যায় নিশ্চিত কৰিব। তেওঁ দৃঢ়তাৰে কয়, ‘পলম হ’লে জনবিশ্বাস দুৰ্বল হ’ব। দ্ৰুত বিচাৰ অতি প্ৰয়োজনীয়।

গোচৰটোৰ সন্দৰ্ভত অধিবক্তা জিয়াউল কামাৰে কয়, শ্যামকানু আৰু সিদ্ধাৰ্থই দাখিল কৰা দুখন আবেদন গ্ৰাহ্য কৰিছে আদালতে । চৰ্ত সাপেক্ষে আদালতে আবেদন দুখন গ্ৰাহ্য কৰিছে। বাহিৰৰ পৰাই সকলো বিচাৰ প্ৰক্ৰিয়াত অংশ লবলৈ দাখিল কৰিছিল আবেদন শুনানিত যেতিয়া অভিযুক্তৰ চিনাক্তকৰণ কৰা হয় তেতিয়া আদালতত সো-শৰীৰে হাজিৰ হোৱাৰ চৰ্ত দি মঞ্জুৰ কৰা হয় আবেদন। গোচৰটোত কিছু নথি-পত্ৰ অভিযুক্তই নোপোৱাৰ কথা উল্লেখ কৰিও আদালতত আবেদন দাখিল কৰা হৈছে। পৰৱৰ্তী ২২ জানুৱাৰীৰ পূৰ্বে আটাইবোৰ কঁপি প্ৰদান কৰিব চৰকাৰী সংস্থাই।