শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বাজেট

বাজেট

বাজেট (Budget) হৈছে এক নিৰ্ধাৰিত ম্যাদৰ (সাধাৰণতে এবছৰ) বাবে এক বিত্তীয় পৰিকল্পনা। ইয়াত পৰিকল্পিত বিক্ৰী-পৰিমাণ আৰু ৰাজহ, সম্পদৰ পৰিমাণ, খৰচ আৰু ব্যয়, সম্পত্তি, দায়বদ্ধতা বা লায়েবিলিটি আৰু নগদ প্ৰবাহ (কেশ্ব ফ্লো) অন্তৰ্ভুক্ত থাকিব পাৰে। কোম্পানী, চৰকাৰ, পৰিয়াল আৰু অন্যান্য সংগঠনে ইয়াক পৰিমাপযোগ্য পৰিভাষা অৰ্থাৎ হিচাপ কৰিব পৰা ভাষাত বিভিন্ন কাৰ্যকলাপ বা ঘটনাৰ কৌশলগত পৰিকল্পনা প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰে। বাজেট হৈছে এক নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে আৱণ্টন কৰা বিত্তীয় যোগফল আৰু সেইবোৰ কেনেদৰে পূৰণ কৰিব লাগে তাৰ প্ৰস্তাৱৰ সৈতে অভিপ্ৰেত ব্যয়ৰ সাৰাংশ। ইয়াত ৰাহি বাজেট অৰ্থাৎ ভৱিষ্যতৰ সময়ত ব্যৱহাৰৰ বাবে অতিৰিক্ত ধন প্ৰদান, বা এক ঘাটি বাজেট য’ত ব্যয় উপাৰ্জনতকৈ অধিক, এই দুয়োবিধ অন্তৰ্ভুক্ত থাকিব পাৰে। বাজেট শব্দটো পুৰণি ফৰাচী শব্দ বৌগেটৰ পৰা আহিছে যাৰ অৰ্থ হৈছে “সৰু চামৰাৰ পাৰ্চ”। বিত্তীয় পৰিকল্পনাৰ ক্ষেত্ৰত ইয়াৰ প্ৰথম ব্যৱহাৰ উইলিয়াম পুলটেনিৰ দ্বাৰা মুকলি কৰা বাজেট পত্ৰিকাৰ পৰা আহিছে যি সুৰা আৰু ধঁপাতৰ ওপৰত চৰকাৰৰ বিত্তীয় নীতি বৰ্ণনা আৰু সমালোচনা কৰিবলৈ বাজেট শব্দটো ব্যৱহাৰ কৰে।

Read More

Economic Survey 2026: গোলকীয় অনিশ্চয়তাৰ মাজতো গতিশীল ভাৰতীয় অৰ্থনীতি; অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ এনে তথ্য

দেশৰ অৰ্থনীতিৰ শেহতীয়া স্থিতি দাঙি ধৰাৰ লগতে অহা বিত্তীয় বৰ্ষত ভাৰত কোন দিশলৈ আগবাঢ়িব, তাৰ এক আভাস এই সমীক্ষাত পোৱা গৈছে। সমীক্ষা অনুসৰি, গোলকীয় অৰ্থনৈতিক অনিশ্চয়তা সত্ত্বেও ভাৰতৰ অৰ্থনীতি স্থিতিশীল আৰু গতিশীল হৈ আছে।

হ্ৰাস পাব নেকি জীৱনদায়িনী ঔষধৰ দাম! দেশৰ ফাৰ্মা খণ্ডলৈ বাজেটে আনিব পাৰে এনে সংস্কাৰ

আগন্তুক কেন্দ্ৰীয় বাজেটলৈ অধীৰ আশাৰে অপেক্ষা কৰিছে দেশবাসীয়ে। দেশৰ বিভিন্ন খণ্ডৰ দৰে ভাৰতীয় ফাৰ্মা উদ্যোগো (Pharma Industry) কেন্দ্ৰীয় বাজেটক লৈ এতিয়া যথেষ্ট আশাবাদী। জানো আহক এই বিষয়ে।

কিদৰে সলনি হৈছে গ্ৰাম্য ভাৰতৰ ছবি? অৰ্থনৈতিক জৰীপে প্ৰকাশ কৰিলে এনে তথ্য

এইবাৰৰ অৰ্থনৈতিক সমীক্ষাত আটাইতকৈ চৰ্চিত বিষয়টো হ’ল গ্ৰাম্য ভাৰতৰ উত্থান। চৰকাৰৰ মতে, দেশৰ গাঁওসমূহ এতিয়া কেৱল আঁচনিৰ হিতাধিকাৰী হৈ থকা নাই, বৰঞ্চ দেশৰ অৰ্থনীতিৰ এক শক্তিশালী অংশীদাৰ হৈ পৰিছে।

অৰ্থনৈতিক জৰীপ ২০২৬ তাৰিখ আৰু সময়: কেতিয়া আৰু ক’ত লাইভ চাব, পিডিএফ কেনেকৈ ডাউনলোড কৰিব জানক সবিশেষ

মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ কাৰ্যালয়ে প্ৰস্তুত কৰা অৰ্থনৈতিক জৰীপে বাজেটৰ সিদ্ধান্তৰ বিশ্লেষণাত্মক ভেটি হিচাপে কাম কৰে। ই কৰ পৰিৱৰ্তন বা নীতিগত ব্যৱস্থা ঘোষণা নকৰে যদিও ই অৰ্থনীতিৰ অৱস্থাৰ বিষয়ে গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি প্ৰদান কৰে।

Budget 2026: এইবাৰৰ বাজেটত কমিব নেকি আপোনাৰ স্বাস্থ্য বীমাৰ খৰচ? জানক…

Budget Expectation: কৰ বিশেষজ্ঞসকলে চৰকাৰৰ ওপৰত যি আশা ৰাখিছে। তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল গৃহ ঋণৰ সুতৰ হাৰ আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ৰেহাই। বৰ্তমান এই সুবিধাসমূহ কেৱল পুৰণি কৰ গাঁথনিতহে উপলব্ধ, নতুন কৰ গাঁথনিত আয়কৰ দাখিল কৰাসকলে এই সুবিধা নাপায়।

Budget: দাখিলৰ পূৰ্বে ফাদিল, বিত্তমন্ত্ৰীৰ পদত্যাগ! ১৯৫০ৰ পাছত এতিয়া কেনেকৈ সুৰক্ষা দিয়া হয় বাজেটক?

Budget 2026: মাজত মাত্ৰ দুটা দিন বাকী। ১ ফেব্ৰুৱাৰীত দাখিল হ'ব বাজেট। কিন্তু আপুনি জানেনে এবাৰ বাজেট দাখিল হোৱাৰ পূৰ্বে গোপন নথি ফাদিল হৈছিল। তাৰ পাছতেই কটকটীয়া কৰা হৈছিল সুৰক্ষা।

Budget 2026: আত্মবিশ্বাসেৰে সমৃদ্ধ  ভাৰত আজি বিশ্বৰ বাবে আশাৰ কিৰণ- বাজেট অধিবেশন সম্বোধন কৰি কি কি ক’লে মোদীয়ে…

Budget 2026: অহা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট। আজি বাজেটৰ দ্বিতীয় দিন। এই সময়চোৱাত মোদীয়ে বাজেট অধিবেশনত সম্বোধন কৰিব বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।

Budget 2026: অভিলেখ গঢ়াৰ দিশে নিৰ্মলা সীতাৰমণ! জানক বাজেট সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা…

Budget 2026: একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সকলোৰে চকু এই বাজেটত। কিয়নো বাজেটৰ প্ৰভাৱ প্ৰতিগৰাকী ভাৰতীয়ৰ জেপত পৰে।

Budget 2026: কৰদাতাৰ বাবে ভাল খবৰ, নিৰ্মলা সীতাৰমণৰ বাজেটে দিব নতুন সুবিধা…

যোৱা বছৰ চৰকাৰে নতুন কৰ ব্যৱস্থা সংশোধন কৰি কৰ ৰেহাই বৃদ্ধি কৰিছিল। যাৰ ফলত ১২ লাখ পৰ্যন্ত আয় থকাসকলে শূন্য কৰ ব্যৱস্থা কৰা হৈছিল। ইফালে দৰমহাপ্ৰাপ্ত শ্ৰেণীটোৱে ৭৫ হাজাৰৰ মানক কৰ্তনৰ ফলত ১২.৭৫ লাখ পৰ্যন্ত উপাৰ্জন কৰাসকলক সকাহ প্ৰদান কৰিছে।

Union Budget Session: ৰাষ্ট্ৰপতিৰ ভাষণেৰে আজিৰ পৰা আৰম্ভ হ’ব বাজেট অধিৱেশন…বিৰোধীৰ দাবী নাকচ চৰকাৰৰ

আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হ’ব অধিৱেশন। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে কালি চৰকাৰে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি বিৰোধী পক্ষক সহযোগিতা কৰিবৰ বাবে আবেদন জনায় যদিও VB-G RAM G আইন আৰু SIR প্ৰক্ৰিয়া সন্দৰ্ভত নতুন আলোচনাৰ দাবী নাকচ কৰে চৰকাৰে।

দেওবাৰ হোৱাৰ পাছতো সলনি নহ’ল বাজেট দাখিলৰ তাৰিখ, ১ ফেব্ৰুৱাৰীৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?

প্ৰথমে বহুতে কল্পনা কৰিছিল যে, ১ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ বাবে সোমবাৰে অৰ্থাৎ ২ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। কিন্তু সেয়া নহ’ল। গতিকে প্ৰশাসনিক আৰু বিত্তীয় দৃষ্টিকোণৰ পৰা এই দেওবাৰটো ভাৰতীয় অৰ্থনীতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্মদিন হৈ পৰিছে।

Budget 2026: প্ৰত্যেক বছৰে ১ ফেব্ৰুৱাৰীত কিয় কেন্দ্ৰীয় বাজেট দাখিল কৰা হয়? এই তাৰিখৰ আঁৰৰ ৰহস্য জানক

আপুনি কেতিয়াবা ভাবিছেনে যে বাজেট দাখিলৰ তাৰিখ হিচাপে ১ ফেব্ৰুৱাৰীক কিয় বাছি লোৱা হয় ? এই প্ৰশ্নটো প্ৰায়ে সাধাৰণ মানুহৰ মনত উদয় হয়।

আপুনি বিবাহিত নেকি? আয়কৰ সন্দৰ্ভত বাজেটে দিব ভাল খবৰ…

বিবাহিত দম্পতীয়ে আয়ৰ ওপৰত পৃথক পৃথক আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ পৰিৱৰ্তে একেলগে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। ইয়াক ‘জইণ্ট টেক্সেচন’ বা যৌথ কৰ ব্যৱস্থা বুলি কোৱা হয়। বৰ্তমান ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে পৃথকে পৃথকে কৰ দাখিল কৰে। অৰ্থাৎ ব্যক্তিগত কৰ।

বাজেটৰ পৰা দেশৰ উদ্যোগিক ক্ষেত্ৰখনে কি বিচাৰে? দাবী পূৰণ কৰিব পাৰিবনে বিত্তমন্ত্ৰীয়ে?

এই বাজেট এনে এটা সময়ত দাখিল কৰিব যেতিয়া বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তা, আমেৰিকাৰ শুল্কৰ প্ৰভাৱ আৰু ভূ-ৰাজনৈতিক উত্তেজনা চিন্তাৰ বিষয় হৈয়ে আছে। ১ ফেব্ৰুৱাৰীত ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে।

Budget 2026: বাজেট কি? কিয় প্ৰতি বছৰে বাজেট প্ৰস্তুত কৰে চৰকাৰে?

বাজেট ইংৰাজী বাজেট শব্দৰ পৰা আহিছে। এই শব্দৰ অৰ্থ হৈছে প্ৰশাসনৰ আৰ্থিক অৱস্থা। কিন্তু বাজেট শব্দটোৰ উৎপত্তি হৈছে, ইয়াৰ অৰ্থ আন কিবা। আচলতে বাজেট ফৰাচী শব্দ Bougette ৰ পৰাই উদ্ভৱ হৈছে। আনহাতে Bougette Bouge ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে চামৰাৰ ব্ৰীফকেছ।