বাজেট
বাজেট (Budget) হৈছে এক নিৰ্ধাৰিত ম্যাদৰ (সাধাৰণতে এবছৰ) বাবে এক বিত্তীয় পৰিকল্পনা। ইয়াত পৰিকল্পিত বিক্ৰী-পৰিমাণ আৰু ৰাজহ, সম্পদৰ পৰিমাণ, খৰচ আৰু ব্যয়, সম্পত্তি, দায়বদ্ধতা বা লায়েবিলিটি আৰু নগদ প্ৰবাহ (কেশ্ব ফ্লো) অন্তৰ্ভুক্ত থাকিব পাৰে। কোম্পানী, চৰকাৰ, পৰিয়াল আৰু অন্যান্য সংগঠনে ইয়াক পৰিমাপযোগ্য পৰিভাষা অৰ্থাৎ হিচাপ কৰিব পৰা ভাষাত বিভিন্ন কাৰ্যকলাপ বা ঘটনাৰ কৌশলগত পৰিকল্পনা প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰে। বাজেট হৈছে এক নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে আৱণ্টন কৰা বিত্তীয় যোগফল আৰু সেইবোৰ কেনেদৰে পূৰণ কৰিব লাগে তাৰ প্ৰস্তাৱৰ সৈতে অভিপ্ৰেত ব্যয়ৰ সাৰাংশ। ইয়াত ৰাহি বাজেট অৰ্থাৎ ভৱিষ্যতৰ সময়ত ব্যৱহাৰৰ বাবে অতিৰিক্ত ধন প্ৰদান, বা এক ঘাটি বাজেট য’ত ব্যয় উপাৰ্জনতকৈ অধিক, এই দুয়োবিধ অন্তৰ্ভুক্ত থাকিব পাৰে। বাজেট শব্দটো পুৰণি ফৰাচী শব্দ বৌগেটৰ পৰা আহিছে যাৰ অৰ্থ হৈছে “সৰু চামৰাৰ পাৰ্চ”। বিত্তীয় পৰিকল্পনাৰ ক্ষেত্ৰত ইয়াৰ প্ৰথম ব্যৱহাৰ উইলিয়াম পুলটেনিৰ দ্বাৰা মুকলি কৰা বাজেট পত্ৰিকাৰ পৰা আহিছে যি সুৰা আৰু ধঁপাতৰ ওপৰত চৰকাৰৰ বিত্তীয় নীতি বৰ্ণনা আৰু সমালোচনা কৰিবলৈ বাজেট শব্দটো ব্যৱহাৰ কৰে।
দেওবাৰ হোৱাৰ পাছতো সলনি নহ’ল বাজেট দাখিলৰ তাৰিখ, ১ ফেব্ৰুৱাৰীৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?
প্ৰথমে বহুতে কল্পনা কৰিছিল যে, ১ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ বাবে সোমবাৰে অৰ্থাৎ ২ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। কিন্তু সেয়া নহ’ল। গতিকে প্ৰশাসনিক আৰু বিত্তীয় দৃষ্টিকোণৰ পৰা এই দেওবাৰটো ভাৰতীয় অৰ্থনীতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্মদিন হৈ পৰিছে।
- Manas Borah
- Updated on: Jan 27, 2026
- 12:57 pm
Budget 2026: প্ৰত্যেক বছৰে ১ ফেব্ৰুৱাৰীত কিয় কেন্দ্ৰীয় বাজেট দাখিল কৰা হয়? এই তাৰিখৰ আঁৰৰ ৰহস্য জানক
আপুনি কেতিয়াবা ভাবিছেনে যে বাজেট দাখিলৰ তাৰিখ হিচাপে ১ ফেব্ৰুৱাৰীক কিয় বাছি লোৱা হয় ? এই প্ৰশ্নটো প্ৰায়ে সাধাৰণ মানুহৰ মনত উদয় হয়।
- Manas Borah
- Updated on: Jan 23, 2026
- 17:37 pm
আপুনি বিবাহিত নেকি? আয়কৰ সন্দৰ্ভত বাজেটে দিব ভাল খবৰ…
বিবাহিত দম্পতীয়ে আয়ৰ ওপৰত পৃথক পৃথক আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ পৰিৱৰ্তে একেলগে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। ইয়াক ‘জইণ্ট টেক্সেচন’ বা যৌথ কৰ ব্যৱস্থা বুলি কোৱা হয়। বৰ্তমান ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে পৃথকে পৃথকে কৰ দাখিল কৰে। অৰ্থাৎ ব্যক্তিগত কৰ।
- Trishna Kalita
- Updated on: Jan 21, 2026
- 13:00 pm
বাজেটৰ পৰা দেশৰ উদ্যোগিক ক্ষেত্ৰখনে কি বিচাৰে? দাবী পূৰণ কৰিব পাৰিবনে বিত্তমন্ত্ৰীয়ে?
এই বাজেট এনে এটা সময়ত দাখিল কৰিব যেতিয়া বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তা, আমেৰিকাৰ শুল্কৰ প্ৰভাৱ আৰু ভূ-ৰাজনৈতিক উত্তেজনা চিন্তাৰ বিষয় হৈয়ে আছে। ১ ফেব্ৰুৱাৰীত ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে।
- Manas Borah
- Updated on: Jan 21, 2026
- 07:42 am
Budget 2026: বাজেট কি? কিয় প্ৰতি বছৰে বাজেট প্ৰস্তুত কৰে চৰকাৰে?
বাজেট ইংৰাজী বাজেট শব্দৰ পৰা আহিছে। এই শব্দৰ অৰ্থ হৈছে প্ৰশাসনৰ আৰ্থিক অৱস্থা। কিন্তু বাজেট শব্দটোৰ উৎপত্তি হৈছে, ইয়াৰ অৰ্থ আন কিবা। আচলতে বাজেট ফৰাচী শব্দ Bougette ৰ পৰাই উদ্ভৱ হৈছে। আনহাতে Bougette Bouge ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে চামৰাৰ ব্ৰীফকেছ।
- Barasha Misra
- Updated on: Jan 18, 2026
- 17:13 pm
ৰে’লৱে টিকটত ৫০ শতাংশ ৰেহাই পাব নেকি জ্যেষ্ঠ নাগৰিকে! বাজেটৰ পূৰ্বে চলিছে আলোচনা
শেহতীয়াকৈ ভাৰতীয় ৰে’লৱেই যাত্ৰীৰ ভাড়া বৃদ্ধি কৰিছে। এই ভাড়া বৃদ্ধিৰ জৰিয়তে ৰে’ল বিভাগে অতিৰিক্ত ৬০০ কোটি টকা উপাৰ্জনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এনে সময়তে আসন্ন ২০২৬ চনৰ বাজেটত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পূৰ্বৰ ৰেহাই পুনৰ ঘূৰাই অনাৰ দাবী উঠিছে।
- Monjit Dutta
- Updated on: Jan 10, 2026
- 12:28 pm
প্ৰথমবাৰৰ বাবে দেওবাৰৰ দিনটোত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট, ৰাষ্ট্ৰপতিৰ অনুমোদন…
দেওবাৰ হোৱাৰ পিছতো ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। ১৩ ফেব্ৰুৱাৰীত বাজেট অধিবেশনৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিব। দ্বিতীয় পৰ্যায় ৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ২ এপ্ৰিললৈকে চলিব।
- Manas Borah
- Updated on: Jan 9, 2026
- 21:35 pm
Budget 2026: ১ ফেব্ৰুৱাৰী দেওবাৰ, গতিকে কেন্দ্ৰীয় বাজেট দাখিলৰ তাৰিখ সলনি হ’ব নেকি?
কেলেণ্ডাৰৰ মতে, এইবাৰ ১ ফেব্ৰুৱাৰী "দেওবাৰ" পৰিছে। সাধাৰণতে দেওবাৰে চৰকাৰী কাৰ্যালয় বন্ধ থাকে। কিন্তু প্ৰশ্ন হয় যে, এইবাৰ বন্ধৰ দিনত বাজেট কৰিব নেকি চৰকাৰে?
- Manas Borah
- Updated on: Jan 6, 2026
- 18:08 pm
১ এপ্ৰিলৰ পৰা বহু নিয়মেই সলনি হোৱাৰ পথত, জানি লওক সবিশেষ
অহা ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নতুন বিত্তীয় বৰ্ষ । কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত ঘোষণা কৰাৰ দৰে এতিয়া নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ লগে লগে অৰ্থাৎ ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কেতবোৰ নতুন নিয়ম কাৰ্যকৰী হ'ব । এই পৰিৱৰ্তনত কৰ কৰ্তন (টিডিএছ) আৰু উৎসত কৰ সংগ্ৰহ (টিচিএছ)ৰ বাবেও নতুন নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ বিষয়ে বিতংভাৱে জানি লওক ।
- Raj Saikia
- Updated on: Mar 20, 2025
- 15:40 pm
Assamsat: অসমত স্থাপন হ’ব নিজা কৃত্ৰিম উপগ্ৰহ ‘আছামছাট’…
ASSAMSAT: অসমে স্থাপন কৰিব নিজা কৃত্ৰিম উপগ্ৰহ আছামছাট। সোমবাৰে বিধানসভাত বাজেট দাখিল কৰি এই ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।
- Barasha Sarma
- Updated on: Mar 11, 2025
- 10:15 am
Assam Budget 2025-26: মাত্ৰ ২ মিনিটত পঢ়ক অসম বাজেটৰ ২০ টা ডাঙৰ ঘোষণা…
Assam Budget 2025-26: আজি অসম বিধানসভাত দাখিল হয় অসম বাজেট ২০২৫-২৬। বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
- Barasha Sarma
- Updated on: Mar 11, 2025
- 09:54 am
ভূমি অধিকাৰৰ পৰা অসমীয়া ভাষালৈ! অসম চুক্তিৰ ৬নং দফা ৰূপায়ন সন্দৰ্ভত বাজেটত ডাঙৰ ঘোষণা…
Assam budget: আজি বিধানসভাত বিত্তমন্ত্ৰীয়ে দাখিল কৰে অসম বাজেট ২০২৫-২৬। এই সময়চোৱাত অসম চুক্তি ৰূপায়ন সন্দৰ্ভতো ডাঙৰ ঘোষণা কৰে চৰকাৰে।
- Barasha Sarma
- Updated on: Mar 10, 2025
- 17:14 pm
চিকিৎসা খণ্ডৰ পৰা বাঁহ স্মার্ট চিটিলৈ,অসম বাজেটৰ প্ৰধান ঘোষণাসমূহ…
Assam budget: আজি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে অসম বাজেট ২০২৫-২৬। এই বাজেটত চৰকাৰে বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
- Barasha Sarma
- Updated on: Mar 10, 2025
- 16:16 pm
Assam Budget : পেঞ্চন আঁচনিৰ পৰা চিকিৎসা সুবিধালৈ… চৰকাৰী কৰ্মচাৰীৰ বাবে বাজেটত আছে বহু ভাল খবৰ…
২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্রক আৰু উন্নয়ন কর্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ (NPS) তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ ওভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনিৰ (OPS) সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি-নিৰ্দেশনা অনুসৰণ কৰিব ৰাজ্য চৰকাৰে।
- Trishna Kalita
- Updated on: Mar 10, 2025
- 14:34 pm
Assam Budget 2025: ২০০৬ বা তাৰ পূৰ্বে স্থাপিত বিদ্যালয়ৰ প্রাদেশিকীকৰণৰ প্ৰস্তাৱ, শিক্ষকলৈ উন্নীতকৰণ কৰা হ’ব টিউটৰক
মহিলাৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীলৈ, দৰিদ্ৰৰ পৰা আৰম্ভ কৰি মধ্যবিত্তলৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয় বাজেটত। বিদ্যালয় প্রাদেশিকীকৰণক লৈও বাজেটত লোৱা হৈছে বহু ডাঙৰ সিদ্ধান্ত।
- Trishna Kalita
- Updated on: Mar 10, 2025
- 13:30 pm