শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰস্ৰাৱৰ পৰা অস্বাভাৱিক গোন্ধ? তেন্তে ভুলতো নকৰিব আওকাণ

মহিলাৰ ক্ষেত্ৰত ইউটিআইৰ লক্ষণসমূহ মৃদু যেন লাগিব পাৰে, কিন্তু ইয়াক সহজভাৱে লোৱাটো বিপদজনক হ’ব। সময়মতে চিনাক্ত কৰি চিকিৎসা কৰিলে এই সংক্ৰমণ সহজে আৰোগ্য লাভ কৰিব পৰা যায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা আৰু শৌচাগাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটোৱেই হৈছে ইউটিআই প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায়।

প্ৰস্ৰাৱৰ পৰা অস্বাভাৱিক গোন্ধ? তেন্তে ভুলতো নকৰিব আওকাণ
Barasha Misra
Barasha Misra | Published: 30 Jan 2026 17:40 PM

মহিলাৰ মূত্ৰনলী (urethra) পুৰুষতকৈ সৰু। সেই কাৰণেই মলত উপস্থিত থকা বেক্টেৰিয়া বিশেষকৈ E. coli, মূত্ৰাশয়লৈ প্ৰৱেশ কৰে আৰু সংৰ্ৰমণ হয়। মহিলাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাসেও এই সংক্ৰমণৰ সৃষ্টি কৰে। যেনে শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত ভুলকৈ চাফা কৰা, লেতেৰা বা তিতা আণ্ডাৰগাৰ্মেণ্ট পিন্ধা বা প্ৰস্ৰাৱ বহু সময় ধৰি ৰখা। মাহেকীয়াৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব নিদিয়া আৰু সঘনাই ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰিলেও প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

মহিলাৰ ক্ষেত্ৰত ইউটিআইৰ লক্ষণসমূহ মৃদু যেন লাগিব পাৰে, কিন্তু ইয়াক সহজভাৱে লোৱাটো বিপদজনক হ’ব। সময়মতে চিনাক্ত কৰি চিকিৎসা কৰিলে এই সংক্ৰমণ সহজে আৰোগ্য লাভ কৰিব পৰা যায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা আৰু শৌচাগাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটোৱেই হৈছে ইউটিআই প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায়।

সঘনাই প্ৰস্ৰাৱ কৰাৰ অনুভৱ

  1. প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ
  2. প্ৰস্ৰাৱৰ পৰা অস্বাভাৱিক গোন্ধ
  3. গাঢ় ৰঙৰ বা ৰক্তাক্ত প্ৰস্ৰাৱ
  4. পেটৰ তলৰ অংশত (lower abdomen) বিষ বা হেঁচি ধৰা যেন লগা
  5. ভাগৰুৱা আৰু মৃদু জ্বৰ