২৮ জানুৱাৰীত মহাৰাষ্ট্ৰত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ লগতে ৫জনে। আজি অজিত পাৱাৰৰ শেষকৃত সম্পন্ন হয়। এই সময়চোৱাত বিভিন্নজনে শেষকৃত অনুষ্ঠানত অংশগ্ৰহণ কৰি পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি দিয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনেও নাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি জনায়। অজিত পাৱাৰৰ মৃত্যুই মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক ডাঙৰ পৰিবৰ্তন আনিব পাৰে।