শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Guwahati
146 Aqi range: 101-150
Good
050
Moderate
100
Poor
150
Unhealthy
200
Severe
300
Hazardous
500+
Air Quality Is
Poor
PM 2.5 60
PM 10 60
Last Updated: 17 September 2026 | 06:30 PM

আটাতকৈ প্ৰদূষিত চহৰ

ৰেংক চহৰ AQI
1Narkatiaganj170
2Sambalpur168
3Sambhal166
4Jind166
5Talcher165
6Moradabad164
7Rampur164
8Fatehabad164
9Bishnupur163
10Durgapur163

আটাইতকৈ কম প্ৰদূষিত চহৰ

ৰেংক চহৰ AQI
1Shamshi25
2Kodaikanal29
3Kullu33
4Shimla38
5Tumkur38
6Unchahar39
7Bijapur42
8Ichalkaranji42
9Manali42
10Mangalore42

বায়ুু গুণমান সূচক মাপ

  • 0-50 AQI
    good
  • 51-100 AQI
    Moderate
  • 101-150 AQI
    Poor
  • 151-200 AQI
    Unhealthy
  • 201-300 AQI
    severe
  • 301-500+ AQI
    Hazardous

FAQ’S

আজি Guwahati ৰ AQI কিমান ?

Guwahati AQI 146 ৯৪ ত উপনীত হৈছে, যি (Poor) বায়ুৰ গুণমানৰ স্থিতিৰ নিৰ্দেশনা দিয়ে, ইয়াৰ মুখ্য কাৰণ PM2.5 আৰু PM10 ৰ দৰে প্ৰদূষকৰ মাত্ৰা বৃদ্ধি ।

কালি Guwahati AQI কিমান আছিল

16 September Guwahati ৰ AQI 120 ত উপনীত হয়, যিয়ে (Poor) বায়ু গুণমানৰ স্থিতিক চিহ্নিত কৰে ।

অস্বাস্থ্যকৰ বায়ুকে কেনেকৈ স্বাস্থ্যত প্ৰভাৱ পেলায়?

প্ৰদূষিত বায়ুৱে স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায় । বিশেষকৈ যেতিয়া বায়ুত PM 2.5, PM 10, ছালফাৰ ডাই অক্সাইড, নাইট্ৰ'জেন অক্সাইড আৰু অ'জনৰ দৰে হানিকাৰক উপাদান মজুত থাকে ।

শ্বাস নলীত প্ৰভাৱ পেলাব পাৰে । যাৰ ফলত হৃদপিণ্ডৰ সমস্যা, চৰ্দি,কাহ, শ্বাস-প্ৰশ্বাসৰ সমস্যাই দেখা দিয়ে । হাপানী আৰু ব্ৰংকাইটিছৰ দৰে ৰোগ বৃদ্ধিৰ আশংকা থাকে । দীৰ্ঘ সময় প্ৰদূষণৰ মাজত থাকিলে ক্ৰনিক অৱষ্টাক্টিভ পালমোনাৰি ডিজীজ (COPD) হ'ব পাৰে । ক্ষতিকাৰক কণা ৰক্ত প্ৰবাহত প্ৰৱেশ কৰিব পাৰে । যিয়ে হাৰ্ট এটেক, উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰোকৰ শংকা বৃদ্ধি কৰে ।

দীৰ্ঘ সময় প্ৰদূষণৰ সংস্পৰ্শত থাকিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় । যাৰ ফলত সংক্ৰমণৰ শংকা বাঢ়ে । বিষাক্ত বায়ুকণাই মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে । যাৰ ফলত মূৰৰ বিষ, বিৰক্তি আৰু বিষণ্ণতাৰ দৰে সমস্যা হ'ব পাৰে ।

দীৰ্ঘসময় প্ৰদূষিত পৰিৱেশত থাকিলে, গৰ্ভৱতী মহিলাৰ গৰ্ভস্থ সন্তানৰ বিকাশত প্ৰভাৱ পৰিব পাৰে । শিশুৰ হাওঁফাওঁৰ বিকাশৰ গতি কম হ'ব পাৰে আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা বাঢ়িব পাৰে । দূষিত বায়ু ছালৰ সমস্যা, খজুৱতি আৰু এলাৰ্জীৰ কাৰণ হ'ব পাৰে । দূষিত বায়ুৰ বাবে চকুৰ জলা-পোৰা, চকু ৰঙা পৰা আৰু চকুৰ পৰা পানী ওলোৱা সমস্যা হয় ।

দীৰ্ঘসময় দূষিত বায়ুৰ মাজত থাকিলে হাওঁফাওঁৰ কেন্সাৰৰ শংকা থাকে । দূষিত বায়ু স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে । যি জীৱনযাত্ৰাৰ মান তথা আয়ুস কমাই আনে । দূষিত বায়ুৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিবলৈ মাস্ক পিন্ধা, ঘৰৰ ভিতৰত বায়ু প্ৰতিৰোধক ব্যৱহাৰ কৰা তথা প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা প্ৰয়োজন ।

বায়ু প্ৰদূষিত হ'লে কি কৰিব লাগে

প্ৰদূষণৰ মাত্ৰা অধিক হ'লে (বিশেষকৈ পুৱা আৰু সন্ধ্যা ভাগত) বাহিৰলৈ ওলোৱা বন্ধ কৰক । কোনো প্ৰয়োজনত যাবলগীয়া হ'লে N95 বা P100 ৰ দৰে উন্নত মানৰ মাস্ক পৰিধান কৰক ।

বিশেষকৈ শিশু আৰু বয়সস্থসকলে ঘৰতে ব্যায়াম কৰক আৰু বাহিৰলৈ যোৱাতো এৰাই চলক । দূষিত বতাহ যাতে ঘৰৰ ভিতৰত প্ৰৱেশ নকৰে, তাৰ বাবে দুৱাৰ-খিৰকী বন্ধ কৰি ৰাখক । আপোনাৰ ঘৰত, বিশেষকৈ শোৱা কোঠাত আৰু অফিচত বায়ু পৰিশোধক ব্যৱহাৰ কৰক । এয়াৰ পিউৰিফায়াৰ কিনাৰ সময়ত HEPA ফিল্টাৰযুক্ত ডিভাইচক অগ্ৰাধিকাৰ দিয়ক । যদি আপোনাৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা আছে, বুকুৰ বিষ বা কাহ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক । অধিক পানী খাওক । খাদ্যৰ তালিকাত এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ফল-পাচলি ৰাখক । যেনে- অমিতা, কমলা, পালেং শাক আদি ।

বায়ুৰ গুণমান সূচক (AQI) পৰীক্ষাৰ বাবে এপ বা ৱেবচাইট ব্যৱহাৰ কৰক । সেই অনুসৰি আপোনাৰ দৈনন্দিন ৰুটিন প্ৰস্তুত কৰক । ঘৰৰ ভিতৰৰ ধূলি-বালি পৰিস্কাৰ কৰক । স্নেক প্লেণ্ট আৰু পিছ লিলিৰ দৰে গছ ঘৰৰ ভিতৰত ৰাখক । ই বায়ু পৰিশোধন কৰে । গাড়ী শ্বেয়াৰ কৰি যাতায়ত কৰক । ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰক । অথবা বৈদ্যুতিক বাহনত যাতায়াত কৰক । বাহিৰৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত আপোনাৰ মুখ-হাত, নাক ভালদৰে পৰিস্কাৰ কৰক । নিয়মিত মাস্ক আৰু পোচাক পৰিস্কাৰ কৰক ।

PM 2.5 আৰু PM10 লেভেৰ মাজত পাৰ্থক্য কি?

PM2.5 আৰু PM10 হ'ল বায়ুত নিহিত কণা, যি প্ৰদূষণৰ মূল উপাদান । দুয়োটা কণাৰ প্ৰধান পাৰ্থক্য হ'ল মূলতঃ আকাৰ, উৎস আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ । PM10 কণাৰ ব্যাস ১০ মাইক্ৰণ বা তাতকৈ কম । কিন্তু PM2.5- ব্যাস ২.৫ মাইক্ৰণ বা তাতোকৈ কম । অৰ্থাৎ PM2.5 কণা PM10 ত কৈ সূক্ষ্ম আৰু বিপজ্জনক ।

PM10 কণাৰ উৎস হ'ল ৰাস্তাৰ ধূলি, নিৰ্মাণ কাৰ্যৰ পৰা ওলোৱা ধূলি আদি । ইফালে PM2.5 কণাৰ উৎপন্ন হয় যান-বাহনৰ ধোঁৱা, কাৰখানাৰ ধোঁৱা, কাঠ-কয়লা জ্বলোৱা ধোঁৱাৰ পৰা । স্বাস্থ্যৰ প্ৰভাৱৰ দিশৰ পৰা PM10 এ নাক আৰু ডিঙিক প্ৰভাৱিত কৰে । ইফালে PM2.5 এ হাওঁফাওঁ আৰু ৰক্তনলীত প্ৰবেশ কৰে, যিয়ে হৃদৰোগ আৰু হাওঁফাওঁৰ সমস্যাৰ দৰে গুৰুতৰ অসুস্থতাৰ কাৰণ হৈ পৰে ।

PM2.5 বতাহত দীৰ্ঘসময় ধৰি থাকে আৰু ধোঁৱাৰ দৰে আৱৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । যাৰ ফলত স্বাস্থ্যৰ ওপৰত অধিক প্ৰভাৱ পৰে ।