যুঁজখন সবল হ’ব, জুবিন গাৰ্গে ন্যায় পাবই লাগিব: সামাজিক মাধ্যমত গৰিমা গাৰ্গৰ পোষ্ট
এটা পোষ্টত গৰিমাই লিখিছে, "কালি জুবিন আমাৰ মাজৰপৰা কায়িকভাৱে নোহোৱা হোৱাৰ চাৰিমহীয়া তিথি পাৰ হ'ল আৰু আজি আদালতত চতুৰ্থটো শুনানি । জুবিন গাৰ্গৰ বাবেই সঁচাকৈ এই সকলোবোৰ ঘটি আছেনে ? মোৰ আৰু আমাৰ পৰিয়ালৰ দৰেই সমগ্ৰ অসমবাসীৰ বাবে এয়া এতিয়াও অবিশ্বাস্য !"
এতিয়াও হয়তো বহুতে মানি ল’ব পৰা নাই সেই কথা। অসমীয়াৰ হিয়াৰ আঁমঠু আৰু নাই। তাৰ মাজতে ন্যায়ৰ বাবে অপেক্ষা কৰিছে সকলোৰে। বিচাৰি উচিত তদন্ত। আজি জিলা সত্র ন্যায়াধীশৰ আদালতত সম্পন্ন হয় জুবিন গাৰ্গ হত্যাৰ গোচৰৰ চতুৰ্থটো শুনানি । ২২ জানুৱাৰীত জুবিন গাৰ্গ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।
ইফালে স্বামীৰ ন্যায়ৰ বাবে বাৰে বাৰে আহ্বান জনাইছে পত্নী গৰিমাৰ লগতে ভগ্নী পামীয়ে। সামাজিক মাধ্যমযোগেও বিভিন্ন কথা প্ৰকাশ কৰি আহিছে গৰিমা গাৰ্গে। আজি শ্বেয়াৰ কৰা এটা পোষ্টত গৰিমাই লিখিছে,
“কালি জুবিন আমাৰ মাজৰপৰা কায়িকভাৱে নোহোৱা হোৱাৰ চাৰিমহীয়া তিথি পাৰ হ’ল আৰু আজি আদালতত চতুৰ্থটো শুনানি । জুবিন গাৰ্গৰ বাবেই সঁচাকৈ এই সকলোবোৰ ঘটি আছেনে ? মোৰ আৰু আমাৰ পৰিয়ালৰ দৰেই সমগ্ৰ অসমবাসীৰ বাবে এয়া এতিয়াও অবিশ্বাস্য !”
তেওঁ লিখিছে, “সত্ৰ আদালতত আজি ভণ্টি পামী আৰু মই উপস্থিত আছিলোঁ । শ্ৰীযুত জিয়াউল কামাৰকে প্ৰমুখ্য কৰি আজি নতুন Public Prosecutor ৰ টীমটো প্ৰথমবাৰৰ বাবে আদালতত উপস্থিত হৈ কেচটোৰ যাৱতীয় দায়িত্ব গ্ৰহণ কৰে । অভিজ্ঞ অধিবক্তা সকলক দেখি মনলৈ অলপ আশা আহিছে যুঁজখন অন্ততঃ সবল হ’ব । কিন্তু, যোৱা ৩ তাৰিখে অমৃতপ্ৰভা মহন্ত , সন্দীপন গাৰ্গ আৰু পৰেশ বৈশ্যৰ বেইল আবেদনৰ লগতে আজি দেখা গ’ল নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও (মুঠতে ৫ জনে)বেইলৰ বাবে আবেদন জনাইছে । এইক্ষেত্ৰত সম্পূৰ্ণ কঠোৰ আৰু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সময় আহি পৰিছে ।”
লগতে উল্লেখ কৰিছে, “অভিযুক্তই নিজৰ পক্ষৰ পৰা সকলো চেষ্টা অব্যাহত ৰাখিছে । গতিকে, আমি ন্যায়ালয় আৰু চৰকাৰৰ লগতে সংশ্লিষ্ট সকলোকে আহ্বান জনাইছো, যাৱতীয় সকলো ধৰণেৰে এনেকুৱা কটকটীয়া আইনী ব্যৱস্থা গ্ৰহণ কৰা হওঁক যাতে মূল অভিযুক্ত কোনো এজনেও বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে কোনোপধ্যে বেইল নাপায় । জুবিন গাৰ্গে ন্যায় পাবই লাগিব । এই ন্যায় কেৱল জুবিন গাৰ্গ অথবা পৰিয়ালৰ বাবে নহয়.. এইয়া সমগ্ৰ অসমৰ বাবে ন্যায়, সমগ্ৰ ৰাজ্যবাসীৰ বাবে ন্যায় আৰু অসম চৰকাৰৰ বাবে হ’ব শ্ৰেষ্ঠতম ন্যায়িক বিজয়!”
লগতে পঢ়ক: ঐতিহাসিক ক্ষণৰ সাক্ষী, প্ৰধানমন্ত্ৰীৰ সন্মুখত ১০ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰিলে বাগৰুম্বা…