শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ছিংগাপুৰত চলি থকা জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দৰ্ভত কি ক’লে খুড়াক মনোজ বৰঠাকুৰে…

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অসমৰ লগতে ছিংগাপুৰতো চলি আছে তদন্ত। শেহতীয়াকৈ এই গোচৰ সন্দৰ্ভত ছিংগাপুৰৰ এখন আদালতত শুনানি হৈছিল। ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত জুবিনৰ খুড়াকে সামাজিক মাধ্যমত এক পোষ্ট কৰিছে।

ছিংগাপুৰত চলি থকা জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দৰ্ভত কি ক’লে খুড়াক মনোজ বৰঠাকুৰে…
জুবিন গাৰ্গImage Credit source: Facebook (Zubeen garg)
Barasha Sarma
Barasha Sarma | Updated On: 16 Jan 2026 11:44 AM

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এতিয়াও অপেক্ষাৰত লাখ লাখ জনতা। এই দিশ সন্দৰ্ভত শেহতীয়াকৈ ছিংগাপুৰৰ কোৰোনাৰ আদালতে কয় যে, মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে বহুত বেছি সুৰাপান কৰিছিল। তেওঁৰ সুৰাসত্ত অৱস্থাত লাইফ জেকেট অবিহনে পানীত নামিছিল, যাৰ বাবে পানীত ডুবি তেওঁৰ মৃত্যু হৈছিল। কিন্তু একাংশই এই সময়চোৱাত জুবিনৰ পৰিয়ালৰ প্ৰতি বহু অভিযোগ উত্থাপন কৰিছে।

শেহতীয়াকৈ এই সন্দৰ্ভত জুবিনৰ খুড়াক মনোজ বৰঠাকুৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা পোষ্টতো তলত অসম্পাদিত ৰূপত আগবঢ়োৱা হ’ল-

“লেজাৰাচ আইলেণ্ডৰ ওচৰত সংঘটিত ৰহস্যাবৃত ঘটনাত গল্ডীৰ(জুবিন গাৰ্গ)ৰ অকাল বিয়োগ ঘটিল। অভূতপূৰ্ব খং, ক্ষোভ, হতাশা আৰু বুকুভৰা দুঃখৰ প্ৰৱল জোকাৰণিত বৰ অসমত পুনৰ এবাৰ বৰ ভূইকঁপ হ’ল । প্ৰাণস্পন্দনৰ অসহনীয় এই মৃত্যুৰ প্ৰতিবাদত বা ইয়াৰ স্পষ্ট কাৰণ বিচাৰি অসমৰ উপৰি চিংগাপুৰতো আদালতত ভিন্নজনে আইনী অনুসন্ধানৰ বাবে আবেদন জনাইছিল । চিংগাপুৰ চৰকাৰেও জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিলে সেই দেশৰ ক’ৰ’ণাৰ আদালতত। চিংগাপুৰৰ আইন মন্ত্ৰালয়ৰ কৰ’ণা বিচাৰালয়( Coroner’s Court) এক বিশেষ সাংবিধানিক প্ৰবধান‌।চিংগাপুৰ চৰকাৰৰ মুখ্য ন্যায়ালয়ৰ অধীনৰ এইখন দণ্ডাধীশৰ ন্যায়ালয়ে,(Magistrial Court) এনেবোৰ হঠাতে হোৱা মৃত্যুৰ সবিশেষ উলিয়াবলৈ চেষ্টা কৰে যিবোৰ মৃত্যু ৰহস্যঘন পৰিস্থিতিৰ মাজত হয়,বা যি মৃত্যৰ কাৰণবোৰ অস্পষ্ট হৈ থাকে বুলি পুলিচ বিভাগে ঘোষণা কৰে, কিন্তু মৃত্যুৰ কাৰণ উদ্ঘাটন কৰাটো আইনৰ দৃষ্টিত জৰুৰী বুলি বিবেচিত হয়। এই ক্ষেত্ৰত মেজিষ্ট্ৰেটক আৰক্ষী আৰু বিশেষ চিকিৎসা বিভাগৰ( পেথলজিকেল) দলে সহায় কৰে। চিংগাপুৰত বছৰি প্ৰায় ২৫০০০ কেছ এই আদালতলৈ আহে তাৰে ৭৪% কেছ পষ্ট মৰ্তেমৰ ৰিপোৰ্ট ৰ ভিত্তিত‌ কৰা হয় ।

বন্ধুবৰ্গৰ জনাওঁ যে এই কৰ’ণাৰছ আদালতে সাগৰীয় পুলিচ বিভাগৰ সহায়ত জুবিনৰ মৃত্যুৰ ঘটনা টোৰ অনুসন্ধান কৰি আছে। গৰীমাৰ স্বাস্থ্যজনিত কাৰণত ইয়াত উপস্থিত হ’ব নোৱাৰাত পৰিয়ালৰ ফালৰ পৰা‌ মই উপস্থিত হৈছিলো কালি ১৪ জানুৱাৰীত। । মোৰ লগত চিংগাপুৰৰ আদালতত উপস্থিত আছিল ৰাহুল গৌতম শৰ্মা । গুৱাহাটী-কলিকতা_ভুৱনেশ্বৰ হৈ আহোঁতে ১৪ তাৰিখে পুৱা ৪ বজাত চিংগাপুৰৰ উচ্চ আদালতৰ সমীপৰ হেভলক মাৰ্গত থকা ফুৰাণা হোটেলত ৰুম লৈ ,অলপ জিৰণি লৈ ঠিক ৮-৩০ বজাত বিশাল আধুনিক কৰণাৰ আদালত কক্ষত উপস্থিত হৈছিলো। চিংগাপুৰত অনুভৱ কৰিলো সকলো সঠিক সময়ত সঠিক নিয়মত চলাচল কৰে।

ইয়ালৈ আহি আদালত খনৰ আইনী ব্যৱস্থাৰ লগত প্ৰথম পৰিচয় হলো,যদিও ইয়াৰ সবিশেষ একেদিনাই বুজিব পৰা নহয়। বিশেষ মন কৰিব লগীয়া যে এই সৰু দ্বীপ ৰাষ্ট্ৰখনৰ আইনৰ বা জনসাধাৰণৰ বাবে ন্যায় বিচাৰৰ এক সুকীয়া দায়িত্বপুৰ্ণ ব্যৱস্থা আছে, যিটো অন্য বহু ৰাষ্ট্ৰত বোধহয় নাই। অৱশ্যে চিংগাপুৰ ন্যায় ব্যৱস্থা বৃটিছ আৰু ভাৰতীয় ব্যৱস্থাৰ ভিত্তিতে গঢ় লোৱা। এই কৰণাৰজ কোৰ্টখনৰ প্ৰথম ন্যায়াধীশ আছিল এন্ড্ৰু ফাৰ্কোহাৰ ১৮২৭ চনত।

এইখন আদালতে কোন দোষী, কোন নিৰ্দোষী,বা কি শাস্তি পাব দোষীয়ে সেইবোৰ বিষয়ত একো বিধান নিদিয়ে মাত্ৰ মৃত্যুটো স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে পুংখানুপুংখ তদন্ত কৰি। আৰু সকলো পক্ষৰ উপস্থিতিত তদন্ত বা গোচৰটো সমাপ্ত কৰিবলৈ চেষ্টা কৰে। সেই বোৰ বিষয় চিভিল বা ক্ৰিমিনেল গেচৰৰ বিচাৰ অৱশ্যে বেলেগে চলি থাকিব পাৰে য’ত সেই মৃত্যুৰ বাবে দায়ী বা দোষী পক্ষক সাংবিধানিক শাস্তি প্ৰদানৰ ব্যৱস্থা থাকে।যেনেকে অসমৰ দুলু আহমেদ ডাঙৰীয়াই তৰা কেছটোও সুকীয়াকে চলি আছে আৰু থাকিব।

আদালতত আমি উপষ্ঠিত হোৱাত ন্যায়াধীশ গৰাকীয়ে ধন্যবাদ প্ৰকাশ কৰিলে আৰু আমাৰ কিবা ক’ব লগীয়া আছে নেকি আগতীয়াকে জানিব বিছৰাত আমি লিখিতভাবে জনালোঁ যে আমি ঘটনাটোৰ প্ৰথম দিনৰ পৰা তৃতী‌য় দিনলৈকে এটা ক্ৰমানুক্ৰমিক বিবৰণ বিচাৰোঁ।আৰু চিংগাপুৰ চৰকাৰে তদন্তৰ বাবে সংগ্ৰহ কৰা তথ্যাদি আমালে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাওঁ যাতে পৰিয়ালবৰ্গৰ লগতে অসমৰ মানুহখিনিয়ে কিনো হৈছিল ঘটনাটোত তাৰ এটা সম্যক ধাৰণা লাভ কৰক। আদালতৰ মহামান্য ন্যায়াধীশ গৰাকীয়ে জনায় যে তেনে ধৰণৰ তথ্যৰ আদান প্ৰদান গোচৰটো চলি থকাৰ সময়ত সম্ভৱ নহ’লেও পৰৱৰ্তী কালত সেইবোৰ বিষয় আলোচনা হ’ব। ন্যায়াধীশ গৰাকীয়ে বাৰে বাৰে জুবিনৰ মৃত্যুত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সহানুভুতি প্ৰকাশ কৰে।

কালি এই কৰনাৰ আদালতত কেছটোৰ লগত প্ৰত্যক্ষ ভাবে জড়িত প্ৰধান তদন্তকাৰী বিষয়া লীম ইয়ং জিয়াং আগষ্ট, চিংগাপুৰ নিবাসী প্ৰবাসী অসমীয়া ৰূপকমল কলিতা, য়টখনৰ মূল পৰিচালক চু কং কিয়ং, পষ্ট মৰ্টৈম ৰিপোৰ্ট দিয়া পেথলজিষ্ট ডাঃ চু চিজং, য়ট খনৰ চালককে ধৰি পাঁচজন সাক্ষীৰ শুনানি লোৱা হয়।তাৰে দুজনে নিজৰ দোভাষী অধিবক্তাৰ সহায়ত আৰু তিনিজনে ইংৰাজীত নিজৰ বক্তব্য ৰাখে আৰু চৰকাৰী অধিবক্তাৰ প্ৰশ্নৰ উত্তৰ দিয়ে। দিনটোৰ পুৱা ৮-৩০ বজাৰ পৰা বিয়লি ৫ বজাত পৰ্যন্ত ধাৰাবাহিক ভাবে চলা এই বিচাৰ প্ৰক্ৰিয়া অতি ফটফটীয়া,নিৰপেক্ষ যেন অনুভৱ হয়। অহা ,২ আৰু ৩ ফেব্ৰুৱাৰীত বাকী সকলৰ সাক্ষী প্ৰদানৰ পিছতে বোধহয় ন্যায়াধীশ গৰাকীয়ে তেখেতৰ আদেশ ঘোষনা কৰিব। সাক্ষী প্ৰদান কৰিবলৈ এতিয়াও বাকী আছে অভিমন্যু তালুকদাৰ, প্ৰীতম শৰ্মা, তন্ময় ফুকন, ৱাছিল আলম আহমেদ, ভাস্কযৰজ্যোতি দাস, জিয়লান্সাৎ নাৰ্জাৰী,আৰু বহু কেইজন। সেয়ে সদ্যহতে এই বিচাৰ সম্পৰ্কে আগতীয়াকৈ মন্তব্য কৰাটো নিশ্চয় উচিত নহ’ব ।

লগতে গৰীমাৰ লগতে আমি পৰিয়ালটোৱে, আৰু শতসহস্ৰ জুবিন অনুৰাগীয়ে অসম চৰকাৰকো বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তুলিবলৈ পুণৰ অনুৰোধ জনাইছোঁ”।

আৰু লিখে-” গল্ডীৰ (জুবিন)অতি দুৰ্ভাগ্যজনক মৃত্যুক কেন্দ্ৰ কৰি চিংগাপুৰ চৰকাৰে চলাই থকা গোচৰটোত পৰিয়ালবৰ্গই সহযোগ নকৰা বুলি বহু জুবিন অনুৰাগীয়ে ভাবি সামাজিক মাধ্যমত বিষাদগাৰ কৰা আমি দেখিছো। কিন্তু আচলতে তেনে নহয়।উক্ত গোচৰটোৰ প্ৰথমৰ পৰাই গৰীমাই দুৰসংযোগ মাধ্যমেৰে তদন্তকাৰী বিষয়াৰ লগত যোগাযোগ কৰি আছে। কালি অনুষ্ঠিত প্ৰথম শুনানিত আমি শাৰীৰিক ভাবে উপস্থিত থাকি প্ৰয়োজনীয় সহযোগিতা আগবঢ়াইছো আৰু আগলৈকো সহযোগিতা থাকিব”।

 

অন্য খবৰ পঢ়কঃ জুবিন অসমৰ আছিল…দোষীৰ সৰ্বোচ্চ শাস্তি দাবী কৰি গৰিমাই কি কি ক’লে…