Budget 2026: আত্মবিশ্বাসেৰে সমৃদ্ধ ভাৰত আজি বিশ্বৰ বাবে আশাৰ কিৰণ- বাজেট অধিবেশন সম্বোধন কৰি কি কি ক’লে মোদীয়ে…
Budget 2026: অহা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট। আজি বাজেটৰ দ্বিতীয় দিন। এই সময়চোৱাত মোদীয়ে বাজেট অধিবেশনত সম্বোধন কৰিব বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।
আজি ২০২৬ চনৰ বাজেট অধিবেশন (Budget 2026)ৰ দ্বিতীয় দিন। লোকসভাত আজি বিত্তমন্ত্ৰীয়ে দাখিল কৰিব অৰ্থনৈতিক জৰীপ। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিবেশনত ভাষণ প্ৰদান কৰি ভাৰতৰ অৰ্থনৈতিক দিশ আৰু ভাৰতক লৈ বিশ্বৰ আশাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, আত্মবিশ্বাসেৰে সমৃদ্ধ ভাৰত আজি বিশ্বৰ বাবে আশাৰ কিৰণ আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কালি ৰাষ্ট্ৰপতিৰ সম্বোধন আছিল ১৪০ কোটি জনতাৰ আত্মবিশ্বাসৰ প্ৰকাশ আৰু ১৪০ কোটি নাগৰিকৰ প্ৰচেষ্টাৰ হিচাপ।
মোদীয়ে আৰু কয়, সেয়া এনে এক ভাষণ আছিল যিয়ে ১৪০ কোটি দেশবাসী আৰু অধিকাংশ যুৱক-যুৱতীৰ আশা আকাংক্ষাক উজ্বল কৰি তুলিছে। আমি ৰিফৰ্ম এক্সপ্ৰেছত এতিয়া দ্ৰুতগতিত আগবাঢ়ি আছো। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, এয়া বাজেট অধিবেশন। একবিংশ শতিকাৰ ইতিমধ্যে এক চতুৰ্থাংশ পাৰ হৈ গ’ল। ইতিমধ্যে দ্বিতীয় ত্ৰৈমাসিক আৰম্ভ হৈছে। ইয়াৰ লগে লগে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ বাবে ২৫ বছৰৰ যাত্ৰা আৰম্ভ হৈছে। এয়া একবিংশ শতিকাৰ দ্বিতীয় ত্ৰৈমাসিকৰ প্ৰথম বাজেট।
নৱমবাৰলৈ বাজেট দাখিল সীতাৰমণ
মোদীয়ে আৰু কয়, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দেশৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী যিয়ে একেৰাহে নৱমবাৰৰ বাবে সদনত বাজেট দাখিল কৰিব। এই সময় ভাৰতীয় সংসদৰ ইতিহাসৰ বাবে এক গুৰুত্বপূৰ্ণ। মোদীয়ে আৰু কয়, এতিয়া দেশবাসীৰ চকু বাজেটৰ ওপৰত থকা স্বাভাৱিক কথা। কিন্তু এই চৰকাৰৰ পৰিচয় Reform-Perform & Transform। এতিয়া আমি Reform express ত অতি দ্ৰুতগতিত আগবাঢ়ি আছো। এই যাত্ৰাত সহযোগ কৰাৰ বাবে প্ৰতিগৰাকী সহকৰ্মীলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছো।
ইতিবাচক আৰম্ভণি
এই বছৰ ভাৰতৰ বাবে এক ইতিবাচক আৰম্ভণি বুলি মোদীয়ে কয়। ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত হোৱা চুক্তি সন্দৰ্ভত মোদীয়ে কয় যে, আগন্তুক সময় ভাল হ’ব। যুৱ প্ৰজন্মৰ আগত এক উজ্বল ভৱিষ্যত আছে। FTA আত্মনিৰ্ভৰশীল আৰু আকাংক্ষিত যুৱক-যুৱতীসকলৰ বাবে। ইয়াৰোপৰি ভাৰত বিশ্বৰ বাবে এতিয়া আশা আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা বুলি কয় মোদীয়ে।
তেওঁ আৰু কয়, সকলো উৎপাদকক কব বিচাৰো যে মাডাৰ অৱ ডিল স্বাক্ষৰ হৈছে। গতিকে দেশৰ উদ্যোগপতি আৰু উৎপাদকসকলৰ বাবে এক ডাঙৰ বজাৰ মুকলি হৈছে। কেৱল চিন্তা কৰি বহি নাথাকিব। এই সুযোগ পাইছে গতিকে গ্ৰহণ কৰি উৎকৃষ্ট মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়ক।
ৰিফৰ্ম এক্সপ্ৰেছত ভাৰতে এতিয়া দ্ৰুতগতিত আগবঢ়া বুলি মন্তব্য প্ৰকাশ কৰি মোদীয়ে কয় যে, এই ক্ষেত্ৰত সংসদসকলৰো গুৰুত্বপূৰ্ণ অৱদান আছে। আমি এতিয়া দীৰ্ঘম্যাদী সমস্যা সমাধানৰ বাবে আগবাঢ়িছো। ইয়াৰ ফলত বিশ্বৰ আত্মবিশ্বাস বৃদ্ধি পায়। আমি প্ৰযুক্তিৰ সৈতে প্ৰতিযোগিতাও কৰিম আগবাঢ়িও যাম। ইয়াৰ লগতে আমি মানৱকেন্দ্ৰিক ব্যৱস্থাও বজাই ৰাখিম।
অন্য খবৰ পঢ়কঃ অভিলেখ গঢ়াৰ দিশে নিৰ্মলা সীতাৰমণ! জানক বাজেট সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা…