শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেওবাৰ হোৱাৰ পাছতো সলনি নহ’ল বাজেট দাখিলৰ তাৰিখ, ১ ফেব্ৰুৱাৰীৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?

প্ৰথমে বহুতে কল্পনা কৰিছিল যে, ১ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ বাবে সোমবাৰে অৰ্থাৎ ২ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। কিন্তু সেয়া নহ’ল। গতিকে প্ৰশাসনিক আৰু বিত্তীয় দৃষ্টিকোণৰ পৰা এই দেওবাৰটো ভাৰতীয় অৰ্থনীতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্মদিন হৈ পৰিছে।

দেওবাৰ হোৱাৰ পাছতো সলনি নহ’ল বাজেট দাখিলৰ তাৰিখ, ১ ফেব্ৰুৱাৰীৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?
Manas Borah
Manas Borah | Published: 27 Jan 2026 12:57 PM

অহা দেওবাৰে ২০২৬-২৭ বৰ্ষৰ বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। দেওবাৰৰ দিনটো বন্ধ দিন হোৱাৰ পাছতো এইবাৰ দাখিল কৰা হ’ব বাজেট। কাৰণ এইবাৰ ১ ফেব্ৰুৱাৰী দেওবাৰ পৰিছে। পৰম্পৰা অনুসৰি, ১ ফেব্ৰুৱাৰীৰ দিনটোত দাখিল কৰা হয় কেন্দ্ৰীয় বাজেট। প্ৰথমে বহুতে কল্পনা কৰিছিল যে, ১ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ বাবে সোমবাৰে অৰ্থাৎ ২ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। কিন্তু সেয়া নহ’ল। গতিকে প্ৰশাসনিক আৰু বিত্তীয় দৃষ্টিকোণৰ পৰা এই দেওবাৰটো ভাৰতীয় অৰ্থনীতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্মদিন হৈ পৰিছে।

২০১৭ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে বাজেট দাখিলৰ তাৰিখ আগুৱাই আনে। সেই বছৰৰ পৰাই ভাৰতৰ কেন্দ্ৰীয় বাজেট ১ ফেব্ৰুৱাৰীত দাখিল কৰিবলৈ আৰম্ভ কৰে। উদ্দেশ্য হৈছে- ভাৰতত ১ এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হয়। নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ আগতেই বাজেটৰ প্ৰস্তাৱ যাতে সংসদত গৃহীত কৰিব পাৰে, সেইবাবেই ২ মাহ আগতে বাজেট দাখিল কৰা হয়। ইয়াৰ ফলত কোনো নীতি ৰূপায়ণত পলম নহয়। প্ৰকল্পৰ ৰূপায়ণো সময়মতে হয়।

যদিও এইবাৰ ১ ফেব্ৰুৱাৰী দেওবাৰ পৰিছে, তথাপিও চৰকাৰে বাজেট দাখিলৰ তাৰিখ সলনি কৰা নাই। অৱশ্যে বন্ধৰ দিনত বাজেট দাখিল কৰাৰ এটা সুবিধা আছে। এই দিনটোত চৰকাৰী কাৰ্যালয়কে ধৰি একাধিক খণ্ডৰ নিয়মীয়া কাম-কাজত কোনো ধৰণৰ অসুবিধা নহয়।

দেওবাৰে বাজেট দাখিল কৰাত কোনো আইনী বাধা নাই। অৰ্থাৎ ভাৰতৰ সংবিধান বা সংসদীয় নিয়মত দেওবাৰে বাজেট দাখিল কৰাত কোনো নিষেধাজ্ঞা নাই। প্ৰয়োজন হ’লে বিশেষ অধিবেশন আহ্বান কৰি সকলো আৰ্থিক কাম সম্পূৰ্ণ কৰা হয়।

২০১৭ চনৰ আগতে যিহেতু ফেব্ৰুৱাৰী মাহৰ শেষত বাজেট দাখিল কৰা হৈছিল, সেয়েহে ‘ভোট অন একাউণ্ট’ৰ প্ৰয়োজন হৈছিল। এতিয়া যিহেতু ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰা হয়, গতিকে ৩১ মাৰ্চৰ পূৰ্বে এপ্ৰ’প্ৰিয়েচন বিল গৃহীত কৰিব পাৰে। ফলত সম্পূৰ্ণ বাজেট অনুসৰি নতুন বিত্তীয় বৰ্ষ আৰম্ভ হয়।

২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এইবাৰৰ বাজেট অধিবেশন। ১ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত পোনপটীয়াকৈ বাজেটৰ সম্প্ৰচাৰ কৰা হ’ব । মুঠতে দেওবাৰে বাজেট দাখিল কৰাটো ইয়াৰ ব্যতিক্ৰম নহয়—ভাৰতৰ বিত্তীয় পৰিকল্পনাক অধিক ফলপ্ৰসূ কৰি তোলাৰ কৌশলগত সিদ্ধান্ত।