শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Economic Survey 2026: গোলকীয় অনিশ্চয়তাৰ মাজতো গতিশীল ভাৰতীয় অৰ্থনীতি; অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ এনে তথ্য

দেশৰ অৰ্থনীতিৰ শেহতীয়া স্থিতি দাঙি ধৰাৰ লগতে অহা বিত্তীয় বৰ্ষত ভাৰত কোন দিশলৈ আগবাঢ়িব, তাৰ এক আভাস এই সমীক্ষাত পোৱা গৈছে। সমীক্ষা অনুসৰি, গোলকীয় অৰ্থনৈতিক অনিশ্চয়তা সত্ত্বেও ভাৰতৰ অৰ্থনীতি স্থিতিশীল আৰু গতিশীল হৈ আছে।

Economic Survey 2026: গোলকীয় অনিশ্চয়তাৰ মাজতো গতিশীল ভাৰতীয় অৰ্থনীতি; অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ এনে তথ্য
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণImage Credit source: Getty Images
Monjit Dutta
Monjit Dutta | Published: 30 Jan 2026 13:37 PM

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিলৰ পূৰ্বে ২৯ জানুৱাৰীত সংসদত উপস্থাপন কৰা হ’ল ‘অৰ্থনৈতিক সমীক্ষা’ (Economic Survey)। দেশৰ অৰ্থনীতিৰ শেহতীয়া স্থিতি দাঙি ধৰাৰ লগতে অহা বিত্তীয় বৰ্ষত ভাৰত কোন দিশলৈ আগবাঢ়িব, তাৰ এক আভাস এই সমীক্ষাত পোৱা গৈছে। সমীক্ষা অনুসৰি, গোলকীয় অৰ্থনৈতিক অনিশ্চয়তা সত্ত্বেও ভাৰতৰ অৰ্থনীতি স্থিতিশীল আৰু গতিশীল হৈ আছে। মুদ্ৰাস্ফীতি নিম্নগামী হোৱাৰ বিপৰীতে বেংকিং খণ্ড শক্তিশালী হৈছে আৰু বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰো বৃদ্ধি পাইছে।

GDP বৃদ্ধিৰ আগজাননী

২০২৬-২৭ বিত্তীয় বৰ্ষত প্ৰকৃত জিডিপি (GDP) বৃদ্ধিৰ হাৰ ৭.৪ শতাংশ হোৱাৰ সম্ভাৱনা আছে। চলিত বিত্তীয় বৰ্ষতো ভাৰতে বিশ্বৰ দ্ৰুততম বৰ্ধনশীল প্ৰধান অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। অহা বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধিৰ সম্ভাৱনা ৬.৮ ৰ পৰা ৭.২ শতাংশৰ ভিতৰত থকাৰ আগজাননী দিয়া হৈছে।

ৰাজহ আৰু বিত্তীয় স্থিতিশীলতা

কেন্দ্ৰই জানিবলৈ দিয়া মতে ২০২৫ বিত্তীয় বৰ্ষত কেন্দ্ৰৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ জিডিপিৰ ৯.২ শতাংশ হৈছেগৈ। নন-কৰ্পৰেট কৰ সংগ্ৰহ আৰু প্ৰত্যক্ষ কৰ কভাৰেজ বৃদ্ধি পোৱাৰ বাবেই এই অগ্ৰগতি লাভ কৰা হৈছে।

বেংকিং খণ্ডৰ উন্নতি

২০২৫ চনৰ ছেপ্টেম্বৰ মাহত মুঠ নন-পাৰফৰ্মিং এচেটছ (NPA) বা অনাদায়ী ঋণৰ পৰিমাণ ২.২ শতাংশলৈ হ্ৰাস পাইছে, যিটো কেইবা দশকৰ ভিতৰত সৰ্বনিম্ন। বিত্তীয় সংস্কাৰৰ প্ৰভাৱ এই ফলাফলত স্পষ্ট হৈ পৰিছে।

বিত্তীয় অন্তৰ্ভুক্তি আৰু বিনিয়োগ

কেন্দ্ৰৰ বিভিন্ন বিত্তীয় আঁচনিসমূহে যথেষ্ট সঁহাৰি লাভ কৰিছে। উদাহৰণস্বৰূপে ২০২৫ চনৰ মাৰ্চ পৰ্যন্ত প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত ৫৫.০২ কোটি বেংক একাউণ্ট খোলা হৈছে। ইয়াৰে ৩৬.৬৩ কোটি একাউণ্টেই গ্ৰাম্য আৰু উপনগৰীয় অঞ্চলৰ।

শ্বেয়াৰ বজাৰত খুচুৰা বিনিয়োগকাৰী বৃদ্ধি

দেশত খুচুৰা বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ছেপ্টেম্বৰৰ ভিতৰত ১২ কোটিৰো অধিক ইউনিক ইনভেষ্টৰ (Unique Investor)ৰ সৃষ্টি হৈছে। ইয়াৰে প্ৰায় ২৫ শতাংশ মহিলা বিনিয়োগকাৰী, যি দেশত বিত্তীয় সজাগতা সম্প্ৰসাৰণৰ ইংগিত দিয়ে।

বৈদেশিক মুদ্ৰা আৰু মুদ্ৰাস্ফীতি

চলিত বৰ্ষৰ ১৬ জানুৱাৰীলৈকে দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ (Forex Reserve) ৭০১.৪ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে। মুদ্ৰাস্ফীতিৰ হাৰো যথেষ্ট হ্ৰাস পাইছে।

কৃষি আৰু গ্ৰাম্য অৰ্থনীতি

২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ খাদ্যশস্যৰ উৎপাদন ৩,৫৭৭.৩ লাখ মেট্ৰিক টন। বিগত বছৰৰ তুলনাত এই হাৰ ২৫৪.৩ লাখ মেট্ৰিক টন বৃদ্ধি পাইছে। ধান, ঘেঁহু, কুঁহিয়াৰ আদি শস্যৰ উৎপাদন বৃদ্ধি পাইছে।

পিএম-কিষাণ যোজনা (PM-KISAN)

এই আঁচনিৰ অধীনত বৰ্তমান পৰ্যন্ত দেশৰ কৃষকক ৪.০৯ লাখ কোটিতকৈ অধিক টকা দিয়া হৈছে। এই আঁচনিখন গ্ৰাম্য চাহিদা আৰু কৃষকৰ আয় বৃদ্ধিত সহায়ক হৈছে।

উৎপাদন, নিয়োগ আৰু প্ৰযুক্তি

প্ৰডাকচন লিংকড ইনচেণ্টিভ আঁচনি (PLI)-য়ে মুঠ ১৪টা খণ্ডত ২ লাখ কোটিতকৈ অধিক টকাৰ প্ৰকৃত বিনিয়োগ কৰিছে। ১৮.৭ লাখ কোটি টকাৰ অতিৰিক্ত উৎপাদন হৈছে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত দেশত ১২.৬ লাখৰো অধিক চাকৰিৰ সৃষ্টি হৈছে।

ছেমিকণ্ডাক্টৰ মিছন

ভাৰতে ছেমিকণ্ডাক্টৰ উৎপাদনত বিশেষ গুৰুত্ব দিছে। ১০টা প্ৰকল্পৰ বাবে ১.৬০ লাখ কোটি টকাতকৈ অধিক বিনিয়োগৰ অনুমোদন জনোৱা হৈছে। দেশৰ কেইবাখনো ৰাজ্যত ঘৰুৱা ছেমিকণ্ডাক্টৰ হাব গঢ়ি তোলা হৈছে।

শক্তিশালী ঘৰুৱা মৌলিক দিশ, বিত্তীয় স্থিতিশীলতা আৰু গাঁথনিগত সংস্কাৰৰ বলত বিশ্বব্যাপী অনিশ্চয়তাৰ মাজতো ভাৰত উচ্চ বিকাশৰ পথেৰে অগ্ৰসৰ হৈছে বুলি সামগ্ৰিক মূল্যায়ন হিচাপে অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে।