শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কিদৰে সলনি হৈছে গ্ৰাম্য ভাৰতৰ ছবি? অৰ্থনৈতিক জৰীপে প্ৰকাশ কৰিলে এনে তথ্য

এইবাৰৰ অৰ্থনৈতিক সমীক্ষাত আটাইতকৈ চৰ্চিত বিষয়টো হ’ল গ্ৰাম্য ভাৰতৰ উত্থান। চৰকাৰৰ মতে, দেশৰ গাঁওসমূহ এতিয়া কেৱল আঁচনিৰ হিতাধিকাৰী হৈ থকা নাই, বৰঞ্চ দেশৰ অৰ্থনীতিৰ এক শক্তিশালী অংশীদাৰ হৈ পৰিছে।

Monjit Dutta
Monjit Dutta | Published: 29 Jan 2026 16:38 PM
২০২৬ চনৰ কেন্দ্ৰীয় বাজেট উত্থাপনৰ পূৰ্বে চৰকাৰে সংসদত চলিত বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ খতিয়ান অৰ্থা 'অৰ্থনৈতিক সমীক্ষা' (Economic Survey) দাঙি ধৰিছে। এই গুৰুত্বপূৰ্ণ দস্তাবেজখনত চৰকাৰে ২০২৭ বিত্তীয় বৰ্ষৰ বাবে দেশৰ জিডিপি (GDP) বিকাশৰ হাৰ ৬.৮% ৰ পৰা ৭.২%ৰ ভিতৰত থাকিব বুলি পূৰ্বানুমান কৰিছে।

1 / 5
গোলকীয় অস্থিৰতাৰ মাজতো ভাৰতৰ এই বিকাশৰ হাৰক ইতিবাচক বুলি গণ্য কৰা হৈছে। এইবাৰৰ অৰ্থনৈতিক সমীক্ষাত আটাইতকৈ চৰ্চিত বিষয়টো হ’ল গ্ৰাম্য ভাৰতৰ উত্থান। চৰকাৰৰ মতে, দেশৰ গাঁওসমূহ এতিয়া কেৱল আঁচনিৰ হিতাধিকাৰী হৈ থকা নাই, বৰঞ্চ দেশৰ অৰ্থনীতিৰ এক শক্তিশালী অংশীদাৰ হৈ পৰিছে।

2 / 5
নাৱাৰ্ডৰ (NABARD) শেহতীয়া সমীক্ষা অনুসৰি, ৭৯.২% গ্ৰাম্য পৰিয়ালে বৰ্তমানৰ অৰ্থনৈতিক স্থিতিক লৈ আত্মবিশ্বাস প্ৰকাশ কৰিছে। গ্ৰাম্য পৰিয়ালসমূহৰ মাহিলী উপাৰ্জনৰ ৬৭% খৰচ হয় উপভোগ্য সামগ্ৰীৰ (Consumption) ওপৰত। ইয়াৰ পৰা স্পষ্ট হয় যে গাঁৱৰ বজাৰ এতিয়া যথেষ্ট শক্তিশালী হৈ উঠিছে আৰু গ্ৰাম্য অৰ্থনীতি স্বাৱলম্বী হ’বলৈ আৰম্ভ কৰিছে।

3 / 5
আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত মহিলাসকলক আৰ্থিক সাহাৰ্য আৰু কাৰিকৰী দক্ষতা প্ৰদান কৰি তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত লাখপতি দিদী আঁচনিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিছে। ইফালে G-Ram G- এ MGNREGA আঁচনিক কেৱল মজুৰিভিত্তিক কামৰ পৰা উন্নত কৰি কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশৰ এক সুদূৰপ্ৰসাৰী আঁচনিলৈ ৰূপান্তৰিত কৰিছে।

4 / 5
অতি পিছপৰা জনজাতীয় গোটসমূহৰ (PVTGs) সৰ্বাংগীণ উন্নয়ন আৰু ন্যায় নিশ্চিত কৰিবলৈ PM-JANMAN আঁচনিখনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চৰকাৰে উল্লেখ কৰিছে যে গ্ৰাম্য উন্নয়ন এতিয়া কেৱল উপাৰ্জন বৃদ্ধিৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। উন্নত স্বাস্থ্যসেৱা আৰু গুণগত শিক্ষাৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ মানৱ সম্পদক শক্তিশালী কৰাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে।

5 / 5