শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Uruka special : গেছৰ সমস্যা বাদ দিয়ক, উৰুকা নিশা এইসমূহ ব্যঞ্জনেৰে খাওক উদৰ পূৰাই!

উৰুকা হৈছে মাঘ বিহু বা ভোগালী বিহুৰ আগদিনা, যিটো অসমীয়াৰ বাবে এক আনন্দৰ উৎসৱ। এই নিশা সকলোৱে মিলি জুইৰ উম লয় আৰু মাছ-মঙহ আৰু বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জনেৰে ভোজ-ভাত খায়। যদি আপুনিও খাই ভাল পায়, তেন্তে উৰুকাৰ নিশা এইবোৰ ব্যঞ্জনৰ জুটি ল'ব পাৰে।

Uruka special : গেছৰ সমস্যা বাদ দিয়ক, উৰুকা নিশা এইসমূহ ব্যঞ্জনেৰে খাওক উদৰ পূৰাই!
Barasha Misra
Barasha Misra | Updated On: 08 Jan 2026 14:26 PM

ভোগালী মানেই ভিন্ন প্ৰাকাৰৰ খাদ্য়ৰ সমাহাৰ। সমাগত উৰুকা, উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈছে সকলো। এই দিনটোৰ পৰা প্ৰজিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি। কেৱল এয়াই নহয়, আজি নিশা সকলোৱে বিভিন্ন ব্যঞ্জনেৰে লগে-ভাগে খাব এসাঁজ। আপুনিও যদি ৰান্ধি ভাল পায় তেন্তে আজি নিশা এই সোৱাদযুক্ত খাদ্যসমূহ প্ৰস্তুত কৰিব পাৰে।

হাঁহ আৰু কোমোৰা

প্ৰতিজন অসমীয়াৰ প্ৰিয় খাদ্য। এই মাংস প্ৰস্তুত কৰিবলৈ হাঁহৰ মাংসখিনিত এচামুচ তেল, নিমখ , হালধি, নহৰু-আদা, গুড়ি মচলা, অলপ কুটা পিঁয়াজ সানি এঘণ্টামান থৈ দিব। তাৰ পিছত এটা কেৰাহীত তেল গৰম কৰি পিঁয়াজ আৰু তেজপাত দি ভালকৈ ভাজি পিঁয়াজ কোমল হোৱাৰ পিছত মাংসখিনি দি দহ মিনিটমান ভাজি ঢাকোন লগাই দিয়ক। পিছত জুই কমাই বিশ মিনিটমান ভাজি বাকী থকা মচলা সমূহ দি ভালদৰে লৰাই কোমোৰা টুকুৰা কেইটা দি অকণমান নিমখ দি কম জুইত ঢাকোন দি আধা ঘণ্টা ভাজিব লাগিব। মাজে মাজে লৰাই থাকি কোমোৰা সম্পূৰ্ণ গলি গলে একাপমান পানী দি উতলাই ঘন হোৱাত অকণমান গৰম মচলা দি নমাই দিব।

পাৰ মাংস আৰু কলডিল বা জালুক

অসমীয়াৰ আন এবিধ প্ৰিয় খাদ্য হ’ল পাৰ মাংস। সাধৰণতে আমাৰ গা বেয়া হ’লে অথবা নিম্ন ৰক্তচাপ হ’লে পাৰ মাংসৰ জালুকীয়া খুৱায়। যিহেতু শীত, সেয়ে আপোনাৰ ঘৰতে থকা সামগ্ৰীৰে অধিক জুতি লগাই খাব পাৰে এই ব্যঞ্জন। অসমীয়াৰ পাৰ মাংসত কেৱল জালুক, জলকীয়া আৰু জীৰাৰ ব্যৱহাৰ কৰা হয় । কলডিল দি ৰন্ধা পাৰৰ মাংসও অসমীয়া খাদ্যৰ এক উল্লেখনীয় জুতি।

প্ৰথমে পাৰ যোৰ ভালদৰে পৰিষ্কাৰ কৰি লৈ সৰু সৰু টুকুৰা কৰি কাটি ল’ব। নিমখ-হালধি আৰু আটাইখিনি মছলা, লগতে অকণমান তেল দি মাংসখিনি ভালদৰে সানিব। আলুকেইটা বাকলি গুচাই সৰু সৰুকৈ কাটি ল’ব। কলডিলটোৰ ডাঠ বাকলিখিনি আঁতৰাই কোমল অংশ উলিয়াই মিহিকৈ কাটি ল’ব। অলপমান নিমখ-পানীত কলডিলখিনি মোহাৰি চেপি ল’ব। জুইত কেৰাহি তুলি দি তেল গৰম কৰি লওক। তেল গৰম হ’লে পাঁচফোৰণ ফুটাই চেনি এচামুচ দি মাংসখিনি দি সঘনে লৰাই থাকিব। মাংসৰ পানী শুকাই আহিলে তাতে কলডিল আৰু আলুখিনি দি লৰাই ঢাকোন মাৰি দিব। অলপ সময়ৰ পিছত হিচাপ মচে গৰমপানী দি জুই বঢ়াই দি উতলিবলৈ দিয়ক। মাংস আৰু আলু সিজি অলপমান জোল থাকোঁতে গৰম মছলা দি নমাই থ’ব। ইচ্ছা কৰিলে জোল নাৰাখি শুকান কৰিবও পাৰে।

পাতত দিয়া মাছ

প্ৰথমতে সৰু মাছ ধুই চাফা কৰি ল’ব। ইয়াৰ পিছত তাত আদা জলকীয়া আৰু নিমখ দি ভালকৈ অলপ সময় থৈ দিয়ক। ইয়াৰ পিছত কলপাত কাটি জুইত লেৰেলাই লৈ মাছখিনি মেৰিয়াই তপত ফুটছাই আৰু আঙঠাৰ তলত দি পাতত দিয়া মাছ প্ৰস্তুত কৰা হয়। আধুনিক কালত তাৱা বা কেৰাহীত খোলাত দিও পাতত দিয়া খাদ্য ৰন্ধা হয়।

মিচিং লোকসকলে কলপাতৰ সলনি তৰাগছৰ পাতেৰে মেৰিয়াইয়ো পাতত দিয়া খাদ্য প্ৰস্তুত কৰে। পাতত দিয়া খাদ্য আমিষ বা নিৰামিষ দুয়োপ্ৰকাৰৰ হ’ব পাৰে। ভাৰতৰ অন্যান্য প্ৰান্ত বা এছিয়া আৰু অন্য মহাদেশৰ বিভিন্ন অঞ্চলত কলপাতেৰে মাছ বা মাংস মেৰিয়াই ভাপত দি সিজোৱা হয়। ইয়াৰ পৰিৱৰ্তে অসমত সাধাৰণতে ভাপত দিয়াৰ সলনি কলপাতৰ টোপোলা বান্ধি জুইত পুৰি পাতত দিয়া খাদ্য প্ৰস্তুত কৰা হয়। গুজৰাটী ৰন্ধনশৈলীতো পাতত দিয়া পদ্ধতিৰ প্ৰয়োগ দেখা যায়।

অমিতাৰ সৈতে ছাগলীৰ মাংস

প্ৰথমে আপোনাক লাগিব ছাগলী মাংস আধা কেজি আৰু এটা অমিতা আৰু আলু। প্ৰয়োজন অনুসৰি আপুনি ছাগলী মাংস ল’ব পাৰে। প্ৰথমে এটা বাটিত ধনিয়াৰ গুড়ি, গৰম মছলা গুড়ি, জলকীয়াৰ গুড়ি, জাইফলৰ গুড়ি একেলগে মিহলাই পেষ্ট তৈয়াৰ কৰি লওক। এতিয়া কটা পিঁয়াজখিনি কেৰাহীত তেলত ভাজি লওক আৰু তাত ছাগলী মাংস, অমিতা,জলকীয়াৰ গুৰি আৰু আদা-নহৰুৰ পেষ্ট দিব। তাত পৰ্যাপ্ত পৰিমাণ অনুসৰি নিমখ দিব। একেদৰে পানী দি শুকাই যোৱালৈকে ৰান্ধি থাকিব । পানী শুকাই গ’লে ধনিয়াৰ পাত দিব । ইয়াৰ পিছতে আপুনি সহজ পদ্ধতিৰে ঘৰতে ৰন্ধা ছাগলী মাংসৰ ৰেচিপি সোৱাদ ল’ব পাৰিব ।

লাই আৰু গাহৰি

লাই শাকৰ সৈতে গাহৰি মাংসৰ আঞ্জাখন ৰান্ধিবলৈ বৰ বেছিকৈ উপকৰণো নালাগে। লাই শাক, গাহৰি মাংস, আলু (প্ৰয়োজন অনুসৰি), পিয়াজ, নহৰু, আদা, জলকীয়া, নিমখ, হালধি লাগিব। কেৰাহি গৰম হোৱাত গাহৰিৰ চৰ্বি থকা মাংস কেইডোখৰ মান দি গাহৰি তেল উলিয়াই ল’ব পাৰে নতুবা সামান্য পৰিমাণে মিঠাতেল দিয়ক। তেল গৰম হ’লে পিয়াজ ৰঙচুৱা হোৱাকৈ ভাজক। কাটি ধুই থোৱা গাহৰি মাংসখিনি দি দিয়ক আৰু সোৱাদ অনুসৰি নিমখ দি ভালদৰে ভাজক। তাৰ পিছত হালধি,আদা-নহৰুৰ খুন্দি থোৱা মিশ্ৰণখিনি দি লৰাই লৰাই ভাজক। লক্ষ্য কৰিব যে মাংসখিনি জুইত জ্বলি নাযায়। মাংসৰ পৰা যেতিয়া নিজে নিজে তেল ওলাবলৈ আৰম্ভ কৰিব তেতিয়া জলকীয়া, আলু, লাই পাত দি দিয়ক আৰু ভাজক। সকলোখিনি সিজাৰ অনুমান পালে জুইৰ পৰা নমাই থওক আৰু গৰম ভাতৰ সৈতে পৰিৱেশন কৰক।

খৰিচা-মাছ বইল

আজিকালি বহুলোকে তেল বা মছলা খোৱা এৰিছে। তেনে লোকসকলে উৰুকাৰ নিশা খৰিচা-মাছ বইল আঞ্জাখন খাব পাৰে। মাছ আৰু খৰিচা বনাবলৈ প্ৰথমে যিকোনো মাছ, খৰিচা, আদা, নহৰু, জলকীয়া, নিমখ, মান ধনীয়া, নগা ধনীয়াৰ পাত, পিয়াঁজ, জালুক লাগিব ৷ কেৰাহিত পৰিমাণ অনুসৰি পানী দিয়ক।খুন্দি থোৱা আদা নহৰু জলকীয়াৰ সংমিশ্ৰণ খিনি, মিহি মিহিকৈ কাটি থোৱা পিয়াঁজ খিনি, কাটি থোৱা বিলাহীখিনি পানীত দি দিয়ক। উতলি সিজিবলৈ অলপ সময় ঢাকোন মাৰি ৰাখক। আধা সিজাৰ উমান পালে মাছৰ টুকুৰাবোৰ দি দিয়ক আৰু সোৱাদ অনুসৰি নিমখ দিয়ক। জলকীয়া দি আকৌ সিজিবলৈ ঢাকোন মাৰি দিয়ক। ৩০ মিনিটৰ পিছত ঢাকোন খুলি চাওক। সিজা যেন অনুমান পালে মান ধনীয়াৰ পাত দি দিয়ক। এনেদৰে হৈ গ’ল আপোনাৰ খৰিচা টেঙাৰ সৈতে মাছৰ আঞ্জা। তাৰপিছত কেৰাহি জুইৰ পৰা নমাই থওক। গৰমে গৰমে ভাতৰ সৈতে পৰিৱেশন কৰক।

বিলাহীৰ সৈতে মাছ

মাছৰ সৈতে বিলাহী ৰান্ধিবলৈ মাছৰ টুকুৰাবোৰ প্ৰথমে ভাজি লওক। তাৰ পিছত আলু সিজাই লওক আৰু ইয়াৰ পিছত তেলত পিঁ‌য়াজ, নহৰু, কেঁচা জলকীয়া আদি দি বিলাহীখিনি দি ভাজি লও। তাৰ পিছত সিজাই থোৱা আলুখিনি দি অলপ ভাজি পানী দি দিয়ক। এতিয়া ইয়াত ভজা মাছখিনি যোগ কৰি উতলিবলৈ দিয়ক। এনেদৰে কিছুসময় উতলোৱাৰ পিছত বিলাহীৰ সৈতে মাছ ভাতৰ সৈতে পৰিৱেশন কৰিব পাৰে।