শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam BJP: সাজু বিজেপি! ২৬’ৰ বাবে কোনে লাভ কৰিব কি সমষ্টিৰ টিকট? মুখ্যমন্ত্ৰীৰ ঘোষণা…

Assam Assembly Election: মাজত মাত্ৰ কেইটামান দিন। সম্ভৱতঃ কিছুদিন পাছতেই ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ দিন। ইয়াকে লৈ ইতিমধ্যে প্ৰতিটো দল-সংগঠনে নিজা নিজা প্ৰস্তুতি চলাই গৈছে। পিছে কোনে পাব ক'ৰ পৰা টিকট?

Assam BJP: সাজু বিজেপি! ২৬’ৰ বাবে কোনে লাভ কৰিব কি সমষ্টিৰ টিকট? মুখ্যমন্ত্ৰীৰ ঘোষণা…
হিমন্ত বিশ্ব শৰ্মা, বিশ্বজিত ফুকনImage Credit source: Facebook (himanta biswa sarma)
Barasha Sarma
Barasha Sarma | Published: 09 Jan 2026 08:19 AM

সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬। ইয়াৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰতিটো দল-সংগঠন। কোনটো দলৰ পৰা কোনে কি সমষ্টিৰ টিকট লাভ কৰিব তাক লৈ বহুতৰ মনত জল্পনা-কল্পনা। এতিয়ালৈকে কোনোৱে আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই যদিও প্ৰতিটো দলে চলাই গৈছে নিজা নিজা প্ৰস্তুতি। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, ইতিমধ্যে বিজেপিৰ ৫০ জনীয়া তালিকা প্ৰস্তুত হৈ গৈছে। কেন্দ্ৰীয় নেতৃত্বই ছীল মোহৰ লগালেই হ’ব আনুষ্ঠানিক ঘোষণা।

কিন্তু ইয়াৰ পূৰ্বেই যেন এক প্ৰকাৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰাৰ সময়ত বুধবাৰে মুখ্যমন্ত্ৰীয়ে ২৬’তো বৰ্তমানৰ বিধায়ক নৱ কুমাৰ দলেক ভোট দিয়াৰ আহ্বান জনায়। ইয়াৰ পাছতে বৃহস্পতিবাৰে লখিমপুৰত ২৬’ত মানৱ ডেকা বিজেপিৰ প্ৰাৰ্থী হ’ব বুলি ঘোষণা কৰে শৰ্মাই। এই সন্দৰ্ভত শৰ্মাই কয় যে, বিজেপিৰ প্ৰাৰ্থী সন্দৰ্ভত কোনো হিন্ট নিদিয়ে মুখ্যমন্ত্ৰীয়ে। য’ত ক’ব পাৰি তাত ডাইৰেক্ট কম।

কিছুদিন পূৰ্বে সৰুপথাৰলৈ যোৱা মুখ্যমন্ত্ৰীয়ে বৰ্তমানৰ বিধায়ক বিশ্বজিত ফুকনত ২৬’ত আশীৰ্বাদ দিবলৈ ৰাইজক আহ্বান জনাইছিল। এক কথাত প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে, মুখ্যমন্ত্ৰীয়ে কেইবাটাও সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰি প্ৰচাৰ আৰম্ভ কৰি দিছে।

পিছে কেৱল বিজেপিৰ বাবেই নহয়। মিত্ৰজোঁট অগপৰ বাবেও চলাইছে প্ৰচাৰ অভিযান। কিছুদিনৰ পৰা বহুতে কৈ আহিছিল যে এইবাৰ বোকাখাত সমষ্টি ত্যাগ কৰিব বাবে অতুল বৰাই। কিন্তু ইয়াৰ মাজতে বোকাখাটত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰাৰ সময়ক মুখ্যমন্ত্ৰীগৰাকীয়ে অতুল বৰাই বোকাখাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা প্ৰকাশ কৰে।

উল্লেখ্য যে, এতিয়ালৈকে বিজেপিয়ে কোনো প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। ইয়াক লৈ দলটো আৰু মিত্ৰজোঁটৰ মাজত কিছু সংঘাত হ’ব পাৰে বুলি আশংকা কৰা হৈছে। কেইবাটাও সমষ্টিত প্ৰাৰ্থীক লৈ অগপ আৰু বিজেপিৰ বহু সদস্য সন্তুষ্টি নহয়। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈ থৈ যে যি সমষ্টিত যি বিধায়কৰ ৰিপোৰ্ট কাৰ্ড ভাল, তেওঁলোকৰ টিকট কটা নাযায়। গতিকে কোন সমষ্টিৰ পৰা কোনে টিকট লাভ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

 

অন্য খবৰ পঢ়কঃ লক্ষ্য ভাৰতক শাস্তি দিয়াৰ! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰিব ৫০০% শুল্ক…