শীঘ্ৰেই ভাৰতলৈ আহিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, অংশ ল’ব AI সন্মিলনত…
শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন। এই সময়চোৱাত তেওঁ AI ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰিব। লগতে বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোচনা হ'ব পাৰে। ইয়ে দুই দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।
অহা মাহত ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সাক্ষাৎ কৰে মেক্ৰনক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে জয়শংকৰে পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰদূতসকলৰ সন্মিলনত ভাষণ দি বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। তেওঁ বাণিজ্য আৰু শক্তিৰ দৰে খণ্ডৰ দ্বাৰা পৰিচালিত সমসাময়িক বিশ্ব পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মেক্ৰনৰ সৈতে হোৱা সাক্ষাৎকাৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট দি জয়শংকৰে এই বিষয়ে সবিশেষ জনায়। তেওঁ কয় যে, “আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে বৈঠকত মিলিত হৈ মোদীৰ শুভকামনা দি সুখী হ’লো। সমসাময়িক বিশ্ব উন্নয়নৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ দৃষ্টিভংগী আৰু আমাৰ কৌশলগত অংশীদাৰিত্বৰ বাবে তেওঁৰ ইতিবাচক আৱেগৰ গভীৰ শলাগ লৈছো”।
ফ্ৰান্স ভ্ৰমণৰ সময়ত জয়শংকৰে সামাজিক মাধ্যমত কেইবাটাও পোষ্ট শ্বেয়াৰ কৰে। এটা পোষ্টত ভাৰত-ফ্ৰান্সৰ অংশীদাৰিত্ব সন্দৰ্ভত তেওঁ কয় যে, “পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত সন্মিলনত ভাষণ দিয়া মোৰ বাবে গৌৰৱৰ কথা। মই বিত্ত, বাণিজ্য, প্ৰযুক্তি, শক্তি, সম্পদ, আৰু সংযোগৰ দ্বাৰা পৰিচালিত সমসাময়িক বিশ্ব পৰিৱৰ্তনত গুৰুত্ব দিও”।
Delighted to call on President @EmmanuelMacron of France today and convey warm wishes of PM @narendramodi.
Deeply appreciate his perspectives on contemporary global developments and positive sentiments for our Strategic Partnership.
🇮🇳 🇫🇷 pic.twitter.com/hFKoafAtlD
— Dr. S. Jaishankar (@DrSJaishankar) January 8, 2026
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
ফ্ৰান্সৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, মেক্ৰনে কয় যে, অহা মাহত তেওঁ ভাৰত ভ্ৰমণ কৰিব। নতুন দিল্লীয়ে AI ইমপেক্ট চামিটৰ আতিথ্য কৰিব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে ফ্ৰান্সৰ কূটনৈতিক সফলতাৰ বিষয়ে উল্লেখ কৰি পেৰিছত অনুষ্ঠিত হোৱা AI চামিটৰ বাবে বিশ্ব একেলগে অহা আৰু এই ক্ষেত্ৰত কাম কৰাৰ ওপৰত মন্তব্য কৰে।
তেওঁ কয়, যোৱা বছৰ ফ্ৰান্সৰ কূটনৈতিক সফলতাৰ লগতে আমি কি কি পালো চাও আহক। কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন (AI Summit).সমগ্ৰ বিশ্ব পেৰিছলৈ আহিল। আমি এই ক্ষেত্ৰত অগ্ৰগতি কৰিলো আৰু আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকৰ সৈতে সহ অধ্যক্ষতা কৰো। অহা মাহত মই ফলোআপৰ বাবে ভাৰতত থাকিম।
উল্লেখ্য যে,ফ্ৰান্সৰ এ আই একচন ছামিটত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-এআই ইমপেক্ট ছামিট ২০২৬ (India-AI Impact Summit)ৰ ঘোষণা কৰিছিল। এই সন্মিলন ১৯-২০ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ’ব। অফিচিয়েল ৱেবছাইটৰ মতে, গ্ল’বেল চাউথত অনুষ্ঠিত হ’বলগীয়া এইটোৱেই হ’ব প্ৰথমখন গ্ল’বেল এআই শীৰ্ষ সন্মিলন।
অন্য খবৰ পঢ়কঃ লক্ষ্য ভাৰতক শাস্তি দিয়াৰ! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰিব ৫০০% শুল্ক…