শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভাৰতীয়ক প্ৰদান কৰা নহয় ভিছা! ইউনুছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ভাৰতীয়ক প্ৰদান কৰা নহয় ভিছা! ইউনুছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

Trishna Kalita
Trishna Kalita | Published: 08 Jan 2026 20:32 PM

জানিব পৰা মতে ভাৰতীয়ক কেৱল ছাত্ৰ ভিছা আৰু বিজনেছ ভিছাহে প্ৰদান কৰা হ’ব। অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে পৰ্যটকৰ ভিছা। ইয়াৰ পূৰ্বে দিল্লীত থকা বাংলাদেশৰ দূতাবাস আৰু আগৰতলাত থকা উপ-দূতাবাসে পৰ্যটকৰ ভিছা প্ৰদান বন্ধ কৰি দিছিল।

ক্ৰমাৎ অস্থিৰ হৈ পৰিছে পৰিস্থিতি। ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ উত্তেজনাৰ মাজতে বাংলাদেশ চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত। বাংলাদেশে ভাৰতীয়ক ভিছা প্ৰদান বন্ধ কৰি দিছে। এতিয়াৰ বাবে অনিৰ্দিষ্টকাললৈ পৰ্যটকৰ ভিছা সেৱা বন্ধ কৰি দিয়া হৈছে। পুনৰ কেতিয়া ভিছা দিয়া হ’ব সেই সন্দৰ্ভত কোনো উত্তৰ দিয়া নাই সেই দেশৰ চৰকাৰে। সূত্ৰ অনুসৰি বাংলাদেশত ভাৰতীয়ৰ নিৰাপত্তাৰ সন্দৰ্ভত ইউনুছ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।