শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price: নৱবৰ্ষৰ প্ৰথম সপ্তাহত সোণে দেখুৱালে যাদু! আজি গুৱাহাটীত কিমান সোণ-ৰূপৰ মূল্য জানক

Gold-Silver Rate Today: সোণ-ৰূপৰ দাম দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পিছত এক নিৰ্দিষ্ট কাৰণত ইয়াৰ মূল্য হ্ৰাস হৈছে। আজি একেৰাহে তৃতীয় দিন সোণৰ মূল্য, দ্বিতীয় দিনৰ বাবে ৰূপৰ মূল্য হ্ৰাস পাইছে।

Gold Price: নৱবৰ্ষৰ প্ৰথম সপ্তাহত সোণে দেখুৱালে যাদু! আজি গুৱাহাটীত কিমান সোণ-ৰূপৰ মূল্য জানক
Barasha Misra
Barasha Misra | Updated On: 09 Jan 2026 10:00 AM

Gold Rate Today In India: আজি একেৰাহে তৃতীয় দিন সোণৰ মূল্য হ্ৰাস পৰিছে। সোণৰ কথা ক’বলৈ গ’লে এদিনৰ স্থিৰতাৰ পিছত একেৰাহে দুদিনত প্ৰতি দহ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৩০০০ টকা আৰু এতিয়া একেৰাহে তিনিদিনত ৮৩০ টকা সস্তা হৈ পৰিছে। একেদৰে ২২ কেৰেট সোণ, দুদিনত প্ৰতি দহ গ্ৰামত ২৭৫০ টকাকৈ ব্যয়বহুল হোৱাৰ পিছত এতিয়া একেৰাহে তিনিদিনত ৭৬০ টকাকৈ সস্তা হৈ পৰিছে। আজিৰ কথা ক’বলৈ গ’লে প্ৰতি দহ গ্ৰামত ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য ১০ টকা হ্ৰাস পাইছে। এতিয়া ৰূপৰ কথা ক’বলৈ গ’লে দিল্লীত একেৰাহে দ্বিতীয় দিনৰ বাবে এক কেজি ৰূপো সস্তা হৈ পৰিছে। একেৰাহে তিনিদিন বৃদ্ধিৰ অন্তত দুদিনত এক কেজি ৰূপ সস্তা হৈছে ৫১০০ টকা।

চহৰভিত্তিক সোণৰ হাৰ

দেশৰ ডাঙৰ চহৰত ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট বিশুদ্ধতাৰ ১০ গ্ৰাম সোণৰ দাম জানো আহক।

  1. আজি দিল্লীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ১,৩৮,১৪০ টকা, ২২ কেৰেট সোণৰ মূল্য ১,২৬,৬৪০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য ১,০৩,৬৪০ টকা।
  2. আজি মুম্বাইত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ১,৩৮,১৪০ টকা, ২২ কেৰেট সোণৰ মূল্য ১,২৬,৪৯০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য ১,০৩,৪৯০ টকা।
  3. গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১৩,৮৭১ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১২,৭১৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) ১০,৪০৩ টকা।

ৰূপৰ কথা ক’বলৈ গ’লে একেৰাহে তিনিদিন ধৰি বৃদ্ধি পোৱাৰ পাছত একেৰাহে দুদিনত দিল্লীত প্ৰতি কেজিত ৫১০০ টকা হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে এদিনৰ স্থিৰতাৰ পিছত একেৰাহে তিনিদিনত এক কেজি ৰূপৰ মূল্য ১৬০০০ টকা বৃদ্ধি পাইছিল। এতিয়া আজিৰ ৯ জানুৱাৰীৰ কথা ক’লে দিল্লীত প্ৰতি কেজি ২,৫১,৯০০ টকাত ৰূপ বিক্ৰী কৰা হৈছে। আজি ইয়াৰ মূল্য প্ৰতি কিলোগ্ৰামত ১০০ টকা হ্ৰাস পাইছে। আন আন গুৰুত্বপূৰ্ণ মেট্ৰ’ৰ কথা ক’বলৈ গ’লে মুম্বাই আৰু কলকাতাতো একে দামত বিক্ৰী হৈ আছে যদিও চেন্নাইত ৰূপৰ দাম প্ৰতি কেজিত ২,৭১,৯০০ টকা, অৰ্থাৎ চাৰিখন প্ৰধান মেট্ৰ’ৰ ভিতৰত আটাইতকৈ দামী ৰূপ চেন্নাইত।