Top9: কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্যৰ পৰা কলকাতাত ইডিৰ অভিযানলৈ দিনটোৰ শীৰ্ষ খবৰ
শক্তিপীঠ কামাখ্যাত দেশৰ সদ্যপ্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। মা কামাখ্যাৰ আশিস গ্ৰহণ কৰিবলৈ সপৰিয়ালে উপস্থিত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকী। নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে মন্দিৰ দৰ্শন কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। পুনৰবাৰ মাক দৰ্শন কৰি নিজকে ধন্য মনা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ধনখড়ে।
১. ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ। বুধবাৰে দেহাৱসান ঘটে অসম বিজেপিৰ পিতামহ স্বৰূপ নেতাগৰাকীৰ। আজি গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত শ্ৰদ্ধা জনোৱা হয় প্ৰয়াত নেতাগৰাকীক।
২. সোণাপুৰৰ মে ফেয়াৰ ৰিজৰ্টত আজি অনুষ্ঠিত হয় দেশৰ বিভিন্ন ৰাজ্যৰ বস্ত্ৰমন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন। এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী গিৰিৰাজ সিং। দেশৰ ২৮ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিভাগীয় মন্ত্ৰীও উপস্থিত থাকে এই অনুষ্ঠানত। দেশৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগৰ উত্তৰণ সন্দৰ্ভত মত বিনিময় কৰে উপস্থিতসকলে।
৩. আজি ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে সোণাপুৰৰ জুবিন ক্ষেত্ৰত একত্ৰিত হৈ সংকল্প গ্ৰহণ দলীয় নেতা-কৰ্মীৰ। তাৰ পাছতেই সোণাপুৰৰ দিছাং ৰিজৰ্টত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। আসন বুজাবুজিৰ ক্ষেত্ৰত আপোচ নকৰাৰ সিদ্ধান্ত গ্ৰহণ দলটোৰ।
৪. পাঠশালাত অসম গণ পৰিষদৰ পশ্চিম অসম মাণ্ডলিক সমিতিৰ সভা। এই বৈঠকৰ পিছতে সভাপতি অতুল বৰাই আগন্তুক বিধানসভা নিৰ্বাচনত NDA-ৰ সৈতে মিত্ৰতাৰে যুঁজ দিয়াৰ কথা পুনৰ দোহাৰে। অৱশ্যে অগপই কোনকেইটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব, সেই বিষয়ে তেওঁ স্পষ্টকৈ একো কোৱা নাই।
৫. শক্তিপীঠ কামাখ্যাত দেশৰ সদ্যপ্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। মা কামাখ্যাৰ আশিস গ্ৰহণ কৰিবলৈ সপৰিয়ালে উপস্থিত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকী। নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে মন্দিৰ দৰ্শন কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। পুনৰবাৰ মাক দৰ্শন কৰি নিজকে ধন্য মনা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ধনখড়ে।
