শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কেৱল নামতেই নহয়, কামতো কিং! মন্নতৰ নতুন ৰূপেৰে অনুৰাগীক চমক দিবলৈ সাজু শ্বাহৰুখ

কেৱল নামতেই নহয়, কামতো কিং! মন্নতৰ নতুন ৰূপেৰে অনুৰাগীক চমক দিবলৈ সাজু শ্বাহৰুখ

Barasha Misra
Barasha Misra | Published: 08 Jan 2026 19:34 PM

সূত্ৰ অনুসৰি, মন্নতৰ মূল ‘হেৰিটেজ বাংলো’ত কোনো পৰিৱৰ্তন কৰা নহ’ব। যিহেতু ই এক ঐতিহ্যৰ গাঁথনি, গতিকে কোনো ধৰণৰ পৰিৱৰ্তনৰ অনুমতি দিয়া হোৱা নাই। সেইবাবেই ইয়াৰ ঠিক পিছফালে অৱস্থিত আধুনিক ‘এনেক্স’ ভৱনটোত সম্প্ৰসাৰণৰ কাম চলি আছে। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে মূল গাঁথনিৰ ক্ষতি নকৰাকৈ অতিৰিক্ত বাসস্থান সৃষ্টি কৰা।

বলীউডৰ কিং শ্বাহৰুখ খানৰ বাংলো ‘মন্নত’ কেৱল ঘৰ নহয়, মুম্বাইৰ অন্যতম প্ৰধান ল্যাণ্ডমাৰ্ক। বান্দ্ৰাৰ বেণ্ডষ্টেণ্ডত অৱস্থিত এই বাংলোটোৰ আভাস পাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীয়ে ভিৰ কৰে। এতিয়া সেই অনুৰাগীসকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে। কিং খানৰ এই অট্টালিকাটোৰ উচ্চতা বাঢ়িছে। লাভ কৰা তথ্য অনুসৰি মন্নত চৌহদত অৱস্থিত ‘মন্নাত এনেক্স’ ভৱনত দুটা নতুন মহলা সংযোজন কৰা হৈছে। আগতে এই ভৱনটো ৬ মহলীয়া আছিল যদিও নতুনকৈ নিৰ্মাণৰ পিছত এতিয়া ৮ মহল হ’বলৈ গৈ আছে।

সূত্ৰ অনুসৰি, মন্নতৰ মূল ‘হেৰিটেজ বাংলো’ত কোনো পৰিৱৰ্তন কৰা নহ’ব। যিহেতু ই এক ঐতিহ্যৰ গাঁথনি, গতিকে কোনো ধৰণৰ পৰিৱৰ্তনৰ অনুমতি দিয়া হোৱা নাই। সেইবাবেই ইয়াৰ ঠিক পিছফালে অৱস্থিত আধুনিক ‘এনেক্স’ ভৱনটোত সম্প্ৰসাৰণৰ কাম চলি আছে। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে মূল গাঁথনিৰ ক্ষতি নকৰাকৈ অতিৰিক্ত বাসস্থান সৃষ্টি কৰা।

মন্নতৰ এই নতুন দুটা মহলা কেৱল কোনো সাধাৰণ ঘৰ নহয়। জানিব পৰা মতে, এই সম্প্ৰসাৰণৰ ফলত বাংলোটোৰ মূল আকাৰত প্ৰায় ৬,৬৩০ বৰ্গফুট নতুন ঠাই সংযোজন হ’ব। এই নতুন মহলাসমূহত থাকিব ‘আল্ট্ৰা-লাক্সাৰী’ ইণ্টেৰিয়ৰ ডিজাইন। ইয়াত থকা বাসস্থান মুম্বাইৰ গড় ১বিএইচকে ফ্লেটতকৈ ডাঙৰ বুলি কোৱা হয়। চলিত বৰ্ষৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।