শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল ? দিনটোৰ আৰম্ভণিতে চাওঁ আহক।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…
Manas Borah
Manas Borah | Updated On: 09 Jan 2026 10:02 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ২০২০ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে কেৱাইচিৰ নিয়ম সংশোধন কৰে। নতুন সংশোধনীৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানসমূহে ভিডিঅ’ ভিত্তিক গ্ৰাহক চিনাক্তকৰণ কৰিব পাৰিব। এই পদক্ষেপে বেংক আৰু ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক দূৰৈৰ পৰা গ্ৰাহকক চিনাক্ত কৰাত সহায় কৰিব।

২০১২ চনত লিয়নেল মেছিয়ে একেৰাহে দ্বিতীয় বাৰৰ বাবে ফিফা বেলন ডি অৰ (শ্ৰেষ্ঠ ফুটবল খেলুৱৈ) বঁটা লাভ কৰে। তদুপৰি আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ নিউ য়ৰ্ক স্থিত কাৰ্যালয়ৰ মুকলি কৰা হয়। ১৯৫১ চনত মুকলি কৰা এই কাৰ্যালয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ২০১১ চনত ইৰাণ এয়াৰ ফ্লাইট ২৭৭ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ৭৭ জন লোকৰ মৃত্যু হয়।
  2. ২০০৯ চনত লোকসভাৰ অধ্যক্ষ সোমনাথ চেটাৰ্জীয়ে ৰাজহুৱা খণ্ডৰ অসাধাৰণ কামৰ বাবে বেবী জন ফাউণ্ডেশ্যন বঁটাৰ বাবে নিৰ্বাচিত হয়।
  3. ২০০৮ চনত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধুমলে নিজৰ মন্ত্ৰীসভাত ৯ জন মন্ত্ৰী সংযোজন কৰে।
  4. ২০০৭ চনত জাপানত প্ৰথম ৰাজ্যিক মন্ত্ৰালয় গঠন কৰা হয়।
  5. ১৯৯১ চনত ইৰাকে ওমান দখলৰ সন্দৰ্ভত জেনেভা শান্তি সন্মিলনত আমেৰিকা আৰু ইৰাকৰ প্ৰতিনিধিৰ বৈঠক।
  6. ১৯৮২ চনত প্ৰথম ভাৰতীয় বৈজ্ঞানিক দল এন্টাৰ্কটিকাত উপস্থিত হয়।
  7. ১৯৭০ চনত ছিংগাপুৰৰ সংবিধান গৃহীত হয়।
  8. ১৯১৫ চনত দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহি মহাত্মা গান্ধী মুম্বাইত উপস্থিত হয়। ১৯১৪ চনত দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধী ভাৰতলৈ উভতি আহে।
  9. ২০০০ চনত অসমৰ দৌৰবিদ হিমা দাসৰ জন্ম। তেওঁ আই এ এ এফ বিশ্ব ২০ বছৰ অনুৰ্ধ এথলেটিকছ চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ।