শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
মাঘ বিহু

মাঘ বিহু

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়।এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি জ্বলোৱা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়।

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে।

Read More

আজি পহিলা মাঘ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে পৰম্পৰাগত খেল-ধেমালি, মঠ-মন্দিৰত সেৱা ল’লে ভক্তই…

ভোগালীৰ বিহু উদযাপনৰ পাছত আজি মাঘ মাহৰ প্ৰথমটো দিন।সমগ্ৰ ৰাজ্যতে ভোগালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা।বিভিন্ন মঠ- মন্দিৰত নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা ভক্তৰ। অনুষ্ঠিত হৈছে ভোগালীৰ পৰম্পৰাগত খেল-ধেমালি।

Magh Month 2025: আজি হেঁপাহৰ মাঘ বিহু, মাঘ মাহত ভুলতেও নকৰিব এইবোৰ কাম!

হিন্দু ধৰ্মত মাঘ মাহ অতি গুৰুত্বপূৰ্ণ। এই মাহতে ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীক পূজা কৰাৰ পৰম্পৰা আছে। মাঘ মাহত গংগাত স্নান কৰিলে পাপৰ পৰা মুক্ত হয় বুলি ধৰ্মীয় বিশ্বাস আছে। জানক এই মাহত কি কৰিব লাগে আৰু কি কৰিব নালাগে।

অসমবাসীক ভোগালী বিহুৰ ওলগ জনালে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ইউনেস্কৰ সহকাৰী সচিব প্ৰধান লৈ বিভিন্নজনে

আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা শীতত পুৱাই উঠি মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনাইছে প্ৰতিজন অসমীয়াই। আজি অসমীয়াতে ভোগালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্নজনে...

আজি হেঁপাহৰ মাঘ বিহুঃ মেজিৰ অগ্নিক সেৱা জনাই আশীৰ্বাদ বিচাৰিলে অসমীয়াই…

Magh Bihu 2025: আজি অসমীয়াই পালন কৰিছে হেঁপাহৰ মাঘ বিহু। উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ পাছত আজি পুৱা মেজিত অগ্নিসংযোগ আশীৰ্বাদ বিচাৰিছে অসমীয়াই।

২৬ পাৰহৈ এইবাৰ ২৭ বছৰ হ’ল ! গাঁওখনত উদযাপন কৰা নাই ভোগালী উৰুকা, জ্বলা নাই মেজি

আজি ভোগালী বিহুৰ উৰুকা উপলক্ষে উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰে দেখা গৈছে উছাহৰ ধল । কিন্তু এখন গাঁও যোৱা ২৫ টা বছৰৰ দৰেই নিজম পৰি আছে । গাঁওখনত উদযাপন নহয় ভোগালী বিহুৰ উৰুকা । পঢ়ক সবিশেষ-

Magh Bihu Wishes In Assamese: মেজিৰ জুইৰ উত্তাপে নাইকিয়া কৰক হিংসা-বিদ্বেষ আৰু অসূয়া-অপ্ৰীতি… ভোগালী বিহুত আপোনজনক জনাওক শুভকামনা

মাঘ বিহুক ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয়। বিহু উপলক্ষে অসমীয়া ৰাইজে বিভিন্ন ধৰণৰ জা-জলপান, পিঠা-পনা আৰু বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন প্ৰস্তুত কৰে। পৰম্পৰা ৰক্ষা কৰি হেঁপাহৰ ভোগালীত আপোনজনক বিশেষভাৱে জনাওক শুভকামনা।

Uruka Celebration: ৰাজ্যবাসীক ‘উৰুকা’ৰ ওলগ জনাই কি ক’লে ৰাজ্যপাল-মুখ্যমন্ত্ৰীয়ে ?

‘ভোগালী বিহু’ৰ উপলক্ষে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক ওলগ জনায়। এই উপলক্ষে ৰাজ্যপাল গৰাকীয়ে কয় যে, এই উৎসৱমুখৰ পৰিৱেশে জাতি, ধৰ্ম,বৰ্ণ আৰু ভাষাৰ সীমা অতিক্ৰম কৰি ঐক্য, ভাতৃত্ববোধ আৰু বন্ধুত্বৰ মনোভাৱ সুদৃঢ় কৰিছে ।

Magh Bihu 2025: আজি উৰুকা, কোনখন বজাৰত ওলাইছে কিমান দামী মাছ? জানক উৰুকাৰ বজাৰৰ TOP 10 মাছৰ তালিকা

ভোগৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। উৰুকাৰ নিশা হাঁহে-মাহে এসাঁজ খাব অসমীয়াই। সৰু-বৰ মাছেৰে ভৰি পৰিছে ৰাজ্যৰ মাছৰ বজাৰ। পুৱতি নিশাতে বজাৰত নিজৰ পচন্দৰ মাছটো বিচাৰি ভিৰ কৰিছে গ্ৰাহকে।

Uruka special food: আজি উৰুকা, নিশা উদৰ পূৰাই এসাঁজ খাওক এইসমূহ ব্যঞ্জনেৰে

ভোগালী মানেই ভিন্ন প্ৰাকাৰৰ খাদ্য়ৰ সমাহাৰ। আজি উৰুকা, আজিৰে পৰা প্ৰজিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি। কেৱল এয়াই নহয়, আজি নিশা সকলোৱে বিভিন্ন ব্যঞ্জনেৰে লগে-ভাগে খাব এসাঁজ।

আজি হেঁপাহৰ উৰুকাঃ লগে-ভাগে মিলি এসাঁজ খোৱাৰ দিন…

Uruka 2025: আজি হেঁপাহৰ উৰুকা। সমূহ অসমীয়াই আজি উলহ-মালহেৰে পালন কৰিব ভোগালীৰ উৰুকা। উৰুকা মানেই যেন ভোগ, আনন্দ আৰু আবেগ। উৰুকাৰ নিশা জুইৰ উত্তাপ লৈ লগে-ভাগে এসাঁজ খোৱাৰ আনন্দই সুদৃঢ় কৰে সমাজত একতাৰ বান্ধোন।

মাঘৰ দোমাহিত এইবাৰ হাজোৰ মাধৱ মন্দিৰত অনুষ্ঠিত নহয় বুলবুলি চৰাইৰ যুঁজ…

Magh bihu 2025: মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান ক্ষণ। প্ৰতিটো বিহুৰে নিজা নিজা বৈশিষ্ট থাকে। মাঘ বিহুৰ সময়ত বছৰ বছৰ ধৰি বিভিন্ন খেল অনুষ্ঠিত কৰি অহা হৈছে, ইয়াৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ অন্যতম।

ভোগালীৰ ভোগ বিচাৰি গাঁৱলৈ ঢাপলিঃ মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী…

Magh bihu 2025: কাইলৈ বিহুৰ উৰুকা। ইয়াকে লৈ ব্যস্ত প্ৰতিগৰাকী অসমীয়া। উৰুকা মানে ভোগ, উৰুকা মানে আনন্দ আৰু উৰুকা মানে একতা। সেয়ে ব্যস্ত সময়ৰ মাজতো প্ৰতিগৰাকী অসমীয়াই ভোগালীৰ ভোগ বিচাৰি গাঁৱলৈ ঢাপলি মেলিছে।

Magh bihu wish: মাঘ বিহুৰ শুভেচ্ছাঃ আপোনজনক প্ৰেৰণ কৰক এই শুভ বাৰ্তা…

Uruka & Magh bihu 2025: মাজত মাত্ৰ কেইটামান ক্ষণ। লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ১৩ জানুৱাৰীত সমগ্ৰ অসমে পালন কৰিব উৰুকা আৰু পাছদিনা জ্বলাব মেজি। মাঘৰ বিহুক লৈ আনন্দত তত নাইকীয়া হৈছে অসমীয়াৰ।

উৰুকাৰ আগনিশা ভেলাঘৰত খিচিৰি খাই নে ? ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা বিষয়ে জানক…

দেশৰ বিভিন্ন প্ৰান্তত মকৰ সংক্ৰান্তি বিভিন্ন ধৰণে পালন কৰা হয় । এই সময়ত অসমত মাঘ বিহু পালন কৰা হয় । মকৰ সংক্ৰান্তিত যিধৰণে খিৰিচি খোৱা পৰম্পৰা আছে সেই ধৰণে আজি কালি উৰুকাৰ আগনিশা ভেলাঘৰত খিচিৰি খোৱা পৰম্পৰা গঢ়লৈ উঠিছে।

Magh Bihu Wishes: মাঘ বিহুত আপোনজনলৈ প্ৰেৰণ কৰক বিশেষ শুভেচ্ছাবাৰ্তা

Magh Bihu 2025: কাইলৈ উৰুকা, মঙলবাৰে মাঘ বিহু। উৰুকালৈ সাজু হৈছে চহা অসমীয়া। উৰুকাৰ নিশা হাঁহে-মাহে, লগে-ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে ৰাইজে। ইতিমধ্যে ঘৰমুৱা হৈছে কৰ্মমুখী অসমীয়া। মাঘ বিহুৰ দিনা কাহিলীপুৱাতেই মেজিত অগ্নিসংযাগ কৰে অসমীয়া ৰাইজে ৷