মাঘ বিহু
পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়।এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি জ্বলোৱা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়।
জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে।
আজি পহিলা মাঘ: ৰাজ্যৰ মঠ-মন্দিৰত ভক্তৰ ভিৰ, বিভিন্ন প্ৰান্তত পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন…
ভোগালীৰ বিহু উদযাপনৰ পাছত আজি মাঘ মাহৰ প্ৰথমটো দিন। সমগ্ৰ ৰাজ্যতে ভোগালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা। পুৱাৰে পৰা ৰাজ্যৰ মন্দিৰ, নামঘৰত ভক্তৰ ভিৰ। মঠ- মন্দিৰত নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা বিভিন্নজনৰ।
- Trishna Kalita
- Updated on: Jan 15, 2026
- 08:55 am
কাইলৈ পহিলা মাঘ, আপুনি জানেনে বৰপেটাত কিয় পহিলা মাঘত মেজি জ্বলোৱা হয়?
বৰপেটাত আজি সকলোৱে উৰুকা পালন কৰি আৰু কাইলৈ পহিলা মাঘত সকলোৱে মেজি জ্বলাব । কালি অসমৰ বিভিন্ন অঞ্চলত উৰুকা উদযাপন কৰি আজি মেজি জ্বলোৱা হৈছে যদিও বৰপেটাত কিছু সুকীয়া। সবিশেষ জানো আহক...
- Barasha Misra
- Updated on: Jan 14, 2026
- 23:13 pm
সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰো বিভিন্ন প্ৰান্তত উলহ-মালহৰে উদযাপন হেঁপাহৰ ভোগালী
মাঘ বিহু ইংৰাজী বছৰৰ লেখেৰে বছৰৰ প্ৰথম আৰু অসমীয়া মাহৰ লেখেৰে বছৰৰ শেষ বিহু। চহা কৃষকৰ গভীৰ আশা আৰু প্ৰত্যয়ৰ লগতে প্ৰয়োজনৰ ভাতমুঠি যেতিয়া পথাৰৰ পৰা ভঁৰাললৈ আহে, তেতিয়াই তেওঁলোকৰ মনত সীমাহীন আনন্দই বিৰাজ কৰে।
- Barasha Misra
- Updated on: Jan 14, 2026
- 18:02 pm
আজি হেঁপাহৰ মাঘ বিহু, বৰপাৰা খেলপথাৰত মেজি প্ৰজ্বলন সাংসদ ফণীভূষণ চৌধুৰীৰ
Magh Bihu 2026: আজি সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। অন্য প্ৰান্তৰ লগতে বঙাইগাঁৱতো এই বিহু পালন কৰা হৈছে। সাংসদ ফণীভূষণ চৌধুৰীয়ে সমূহ অসমবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।
- Barasha Sarma
- Updated on: Jan 14, 2026
- 12:37 pm
আজি মাঘ বিহুঃ মেজিৰ অগ্নিক সেৱা জনাই আশীৰ্বাদ বিচাৰিলে অসমীয়াই…
Magh Bihu 2026: আজি সমূহ অসমীয়াই পালন কৰিছে হেঁপাহৰ মাঘ বিহু। উৰুকাৰ নিশা প্ৰীতি ভোজ খোৱাৰ পাছত আজি মেজি জ্বলাই অগ্নিক সেৱা কৰি আশীৰ্বাদ বিচাৰিছে অসমীয়াই। জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈছে কনিষ্ঠই।
- Barasha Sarma
- Updated on: Jan 14, 2026
- 01:30 am
Magh Bihu Wishes In Assamese: মেজিৰ অগ্নিশিখাই নাশ কৰক অপশক্তি… হেঁপাহৰ ভোগালী বিহুত আপোনজনক জনাওক শুভকামনা
আজি উৰুকা, নিশা সকলোৱে লগে ভাগে এসাঁজ খাই কৰিব আনন্দ। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদিৰে অসমীয়াৰ ঘৰ উপচি পৰে।
- Barasha Misra
- Updated on: Jan 13, 2026
- 19:10 pm
Magh Bihu 2026: মাঘ বিহুৰ দিনটোত নকৰিব এই ভুল! কি কৰিলে শুভ ফল পাব? জানক…
যদি আপুনিও মাঘ বিহুৰ পবিত্ৰ দিনটোৰ সম্পূৰ্ণ সুফল লাভ কৰিব বিচাৰে তেন্তে আপুনি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে সেই বিষয়ে জানি লওক। এইবোৰ তলত দিয়া ধৰণৰ-
- Trishna Kalita
- Updated on: Jan 13, 2026
- 17:52 pm
Uruka 2026: আজি উৰুকা, বজাৰত উভৈনদী ভোগালীৰ সামগ্রী
অসমৰ চৌদিশে এতিয়া ভোগালী বিহুৰ উচাহ। আজি ভোগালী বিহুৰ উৰুকা, কি উজনি, কি নামনি, সকলোতে মাথোঁ বাঢ়িছে ব্যস্ততা।
- Barasha Misra
- Updated on: Jan 13, 2026
- 16:05 pm
Magh Bihu Wishes: পৰিয়াল তথা বন্ধুবৰ্গক এনেকৈ দিয়ক ভোগালী বিহুৰ শুভেচ্ছা…
মাঘ বিহুৰ বতৰত এতিয়া চৌদিশ উখল-মাখল।অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুত ইজনে সিজনক শুভেচ্ছা দিয়াটো পৰম্পৰা। আপুনিও সহজতে আপোনজনক পঠিয়াব পৰাকৈ মাঘ বিহুৰ বিভিন্ন শুভেচ্ছা বাৰ্তা তলত উল্লেখ কৰা হৈছে
- Trishna Kalita
- Updated on: Jan 13, 2026
- 15:30 pm
ভোগালীৰ উৰুকাৰ পৰম্পৰা: হেঁপাহৰ মাঘ বিহুক আদৰিবলৈ সাজু অসমীয়া…
মাঘৰ বিহু উৰুকাৰ আছে সুকীয়া এক মাদকতা। এই দিনটোত ডেকাসকলে ভেলাঘৰত ভোজভাত খায়। ইয়াৰোপৰি কৰ্মসূত্ৰে বা বিভিন্ন কাৰণত ঘৰৰ বাহিৰত থকাসকল এই সময়ত ঘৰলৈ আহি পৰিয়ালৰ সৈতে উৰুকাৰ ভাত খায়। উৰুকাৰ নিশা লগে ভাগে ভাত ৰান্ধি, জুইৰ উত্তাপ লৈ ভোজভাত খোৱাৰ আনন্দই পৃথক।
- Trishna Kalita
- Updated on: Jan 13, 2026
- 12:17 pm
Magh Bihu Wishes: এইদৰে সকলোকে জনাওক মাঘ বিহুৰ শুভকামনা…
উৰুকাৰ নিশা অসমৰ ঠায়ভেদে পৰম্পৰাসমূহ পৃথক যদিও, সকলোৰে উদ্দেশ্য এটাই। লগে-ভাগে মিলি সম্প্ৰীতিৰ এসাঁজ খোৱা। কিছুমানে যদি ভেলাঘৰত গাঁৱৰ ৰাইজৰ সৈতে ভোজৰ আয়োজন কৰে, কিছুমানে পৰিয়ালৰ সৈতে ঘৰতে এসাঁজ খায়। এই বিশেষ দিনত আপুনিও আপোনজনক এইদৰে জনাব পাৰে শুভেচ্ছা...
- Trishna Kalita
- Updated on: Jan 12, 2026
- 14:29 pm
মহানগৰীত মেজি জ্বলাই ভোগালী চ’ৰা উদযাপন, অনুষ্ঠিত কৰা হয় পৰম্পৰাগত খেল ধেমালি…
মহানগৰীটো দেখা গৈছে ভোগালীৰ উছাহ। খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তুৰে ভৰিছে বজাৰ। ইয়াৰ মাজতে উৰুকাৰ আগদিনাই মেজি জ্বলিল গুৱাহাটীত।
- Trishna Kalita
- Updated on: Jan 12, 2026
- 12:25 pm
Magh Bihu Wishes: এনেকৈ আপোনজনক প্ৰেৰণ কৰক ভোগালী বিহুৰ শুভেচ্ছা…
Magh Bihu Wishes: সকলোৰে হেঁপাহৰ মাঘ বিহু। এই সময়চোৱাত সকলোৱে মিলি প্ৰীতি ভোজ খাই, আনন্দ কৰে। মাঘ বিহুক লৈ সকলোৰে নিজা প্ৰস্তুতি। এই সময়চোৱাত বিভিন্নজনে আত্মীয়ক প্ৰেৰণ কৰে হেঁপাহৰ বিহুটিৰ শুভেচ্ছা।
- Barasha Sarma
- Updated on: Jan 11, 2026
- 22:03 pm
Magh Bihu: মাঘ বিহুৰ সময়ত খেলা পৰম্পৰাগত খেলসমূহৰ চমু আভাস
বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়।
- Barasha Misra
- Updated on: Jan 11, 2026
- 09:15 am
উৰুকালৈ মাজত মাত্ৰ এটা দিন, তাৰ পূৰ্বে জানক মাঘ মাহত কি কৰিব আৰু কি নকৰিব…
হিন্দু ধৰ্মত মাঘ মাহক বিশেষভাৱে পবিত্ৰ আৰু শুভ বুলি গণ্য কৰা হয়। এই মাহত ভগৱান বিষ্ণু আৰু লক্ষ্মীৰ পূজাৰ গুৰুত্ব আছে। শ্ৰী হৰি বিষ্ণু আৰু লক্ষ্মীক পূজা কৰিলে জীৱনত সুখ, সমৃদ্ধি পোৱা যায়। মাঘ মাহত গংগাত স্নান কৰাৰো বিশেষ তাৎপৰ্য আছে। এই মাহত গংগাত স্নান কৰিলে পূণ্য পোৱা যায় আৰু শুভ ফল লাভ কৰা যায়।
- Barasha Misra
- Updated on: Jan 11, 2026
- 08:39 am