Magh Bihu Wishes: ভোগৰ ভোগজৰা লৈ আকৌ আহিল ভোগালী, এই বিহুত আপোনজনক দিয়ক শুভকামনা
ভোগালী যিহেতু ভোগৰ সেয়ে আপোনজনক ভোগালীৰ ওলগ জনোৱাৰ পৰম্পৰা আছে। এইবাৰ ১৩ জানুৱাৰী মঙলবাৰে মাঘ বিহুৰ উৰুকা পৰিছে, ১৪ জানুৱাৰী বুধবাৰে পালন কৰা হ’ব মেজি জ্বলোৱা পৰ্ব আৰু ১৫ জানুৱাৰী বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব মাঘৰ মাহ। এই মাহটো হৈছে ধৰ্মৰ মাহ।
ভোগালী মানেই ভোগৰ বতৰ! সকলো ব্যস্ত হৈ পৰিছে হেঁপাহৰ ভোগালীক আদৰাৰ। কি উজনি, কি নামনি, সকলোতে মাথোঁ বাঢ়িছে ব্যস্ততা। সকলোৰে হেঁপাহ উৰুকা নিশা লগে-ভাগে এসাঁজ খোৱাৰ। ভোগালীত প্ৰতিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি। ইফালে গাঁৱে-ভূঞে আকৰ্ষণীয় মেজি সাজিবলৈ চলিছে অঘোষিত প্ৰতিযোগিতা। মেজি জ্বলাই আজি অসমীয়াই আদৰিলে হেঁপাহৰ ভোগালীক। অসমীয়া ৰাইজে মাঘ বিহুৰ দিনা পুৱাতেই মেজিত অগ্নিসংযাগ কৰে ৷ চাউল, তামোল-পাণ, মাহজাতীয় শস্য, ঘিউ আৰু পিঠাৰ নৈবদ্য দি সূৰ্য-দেৱতা আৰু অগ্নি দেৱতাক সেৱা জনায়।
ভোগালী যিহেতু ভোগৰ সেয়ে আপোনজনক ভোগালীৰ ওলগ জনোৱাৰ পৰম্পৰা আছে। এইবাৰ ১৩ জানুৱাৰী মঙলবাৰে মাঘ বিহুৰ উৰুকা পৰিছে, ১৪ জানুৱাৰী বুধবাৰে পালন কৰা হ’ব মেজি জ্বলোৱা পৰ্ব আৰু ১৫ জানুৱাৰী বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব মাঘৰ মাহ। এই মাহটো হৈছে ধৰ্মৰ মাহ।
বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে। এই ভোগালীত তলত উল্লেখ কৰা ধৰণেৰে জনাওক আপোনজনক শুভকামনা…
- মাঘ বিহুৰ পবিত্ৰ মেজিৰ জুয়ে প্ৰতিজনৰে হৃদয় পৱিত্ৰতাৰে উমাল কৰক। ভোগালীৰ হিয়াভৰা শুভকামনা
- মেজিৰ জুইৰ উত্তাপে সমাজৰ অপায়-অমঙ্গল নাশ কৰি সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাকে কামনা কৰিছোঁ ৷
- ৰং-ৰহইচ, পিঠা-পনাকে ধৰি চহকী ঐতিহ্যৰে সমৃদ্ধ ভোগালী বিহু আমাৰ জাতীয় জীৱনৰ এক সংপৃক্ত অংগ। ভোগালীৰ ওলগ জনালোঁ
- নিয়ৰ সৰা গধুলি, মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালি, চোৱা আহি পালে ভোগালী, ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো।
- প্ৰীতিৰ ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী।ভোগালী বিহুৰ আন্তৰিক শুভকামনা।