Skin Care: ছালত নপৰে বয়সৰ প্ৰভাৱ! হৈ পৰিব ধুনীয়া, পুৱা খাবলৈ আৰম্ভ কৰক এই ৪ পানীয়…
Skin Care Routine: সকলোৱে এখন ধুনীয়া ছাল বিচাৰে। এই ক্ষেত্ৰত আপোনাক কিছুমান ঘৰুৱা উপায়ে সহায় কৰিব পাৰে। ঘৰত প্ৰস্তুত কৰা বিশেষ পানীয়ই এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে। কি এই পানীয় জানেনে?
ছাল ধুনীয়া আৰু সুন্দৰ হোৱাতো প্ৰায় সকলোৱে বিচাৰে। যাৰ বাবে মানুহে বিভিন্ন ধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰে। কিন্তু তাৰ পাছতে বহুতৰ মুখত শালমইনা, দাগ বা বয়সৰ প্ৰভাৱ পৰা দেখা যায়। কেতিয়াবা বয়সৰ তুলনাত বেছি বুঢ়া দেখা যায়। এনে অৱস্থাত কিছুমান বিশেষ পানীয় খাব পাৰে, যিয়ে আপোনাৰ ছাল (Skin Care) ধুনীয়া আৰু উজ্বল কৰি তুলিব। প্ৰতিদিনে আপুনি এই জুচ বা পানীয় (Juice) খাব পাৰে। তলত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ল।
৪ বিধ পানীয়
এলোভেৰা জুচঃ মুখ উজ্বল কৰিবলৈ প্ৰতিদিনে পুৱা এলোভেৰা জুচ (Aloevera) খাব পাৰে। ই ছাল হাইড্ৰেট কৰি ৰাখে আৰু ঠাণ্ডা কৰে। লগতে ই প্ৰদাহ কমোৱাত সহায় কৰে। এলোভেৰাৰ ৰসে শৰীৰত কলাজেন আৰু ইলাষ্টিন উৎপাদন বৃদ্ধি কৰি ছাল কোমল আৰু ধুনীয়া কৰাত সহায় কৰে।
আলমখিৰ জুচঃ ধুনীয়া আৰু উজ্বল ছালৰ বাবে আমলখি (Amla)ৰ ৰস পুৱা খাব পাৰে। ইয়াত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে, যি ছালৰ বাবে ভাল। এয়া খোৱাৰ ফলত শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ হোৱাত সহায় হয় আৰু ছাল ধুনীয়া হৈ পৰে।
গ্ৰীণ টিঃ ছাল ধুনীয়া কৰিবলৈ প্ৰতিদিনে পুৱা গ্ৰীণ টি (Green Tea) খাব পাৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে ছালৰ ফ্লী ৰেডিকেল্সৰ পৰা হ’বলগীয়া ক্ষতিৰ পৰা ৰক্ষা কৰে। লগতে ছাল নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। এয়া খোৱাৰ ফলত ছালত মিহি ৰেখা আৰু বলিৰেখা কমি যায়, ছাল ধুনীয়া তথা উজ্বল হৈ উঠে।
বীট আৰু গাজৰৰ জুচঃ গাজৰ আৰু বীটত (Carrot And Beetroot Juice) প্ৰচুৰ পৰিমাণে ভিটামিন, এন্টিঅক্সিডেন্ট আদি থাকে। যি ছাল ধুনীয়া কৰাত সহায় কৰে। এয়া সদায় খোৱাৰ ফলত ছাল স্বাস্থ্যবান হয়। ইয়াৰ ফলত ছালৰ পৰা শালমইনাৰ দৰে সমস্যা নোহোৱা হয়।
ইয়াৰোপৰি দিনটোত প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু শাৰীৰিক কাৰ্যকলাপ কৰা প্ৰয়োজন। কিন্তু আপোনাৰ যদি কিবা বিশেষ ৰোগ আছে তেন্তে যিকোনো পানীয় খোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
অন্য খবৰ পঢ়কঃ শীতকালত বৃদ্ধি পাই মিঠা খোৱাৰ ইচ্ছা! ডায়েবেটিছ ৰোগীয়ে কেনেকৈ নিয়ন্ত্ৰণ কৰিব চুগাৰ, চিকিৎসকৰ পৰা জানক…