নিশা দেৰিকৈ খাদ্য খোৱাৰ অভ্যাসে বৃদ্ধি কৰে নেকি ব্লাড চুগাৰৰ মাত্ৰা! বিশেষজ্ঞৰ পৰামৰ্শ চাওক এতিয়াই
গভীৰ নিশা খাদ্য খোৱা আৰু ব্লাড চুগাৰৰ মাজত এক শক্তিশালী সম্পৰ্ক দেখা গৈছে। এই অভ্যাস সন্দৰ্ভত বিশেষজ্ঞসকলে সাৱধানতাৰ পৰামৰ্শ দিয়ে। গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে ব্লাড চুগাৰৰ মাত্ৰাত কিয় প্ৰভাৱ পৰে, জানো আহক এই বিষয়ে।
বৰ্তমানৰ ব্যস্ত জীৱনশৈলী, মোবাইলৰ অত্যধিক ব্যৱহাৰ আৰু কৰ্মব্যস্ততাৰ বাবে মানুহৰ আহাৰ গ্ৰহণৰ সময় সম্পূৰ্ণৰূপে সলনি হৈছে। বহু লোকে নিশা পলমকৈ আহাৰ গ্ৰহণ কৰাটো এক স্বাভাৱিক অভ্যাস বুলি ভাবে, কিন্তু এই অভ্যাসে লাহে লাহে আপোনাৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ পলমকৈ খোৱা অভ্যাসে শৰীৰৰ ভাৰসাম্য নষ্ট কৰাৰ লগতে ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি কৰাৰ সম্ভাৱনা থাকে। এই সমস্যা কেৱল ডায়েবেটিছ ৰোগীৰ মাজতে সীমাবদ্ধ নহয়; স্বাভাৱিক ব্যক্তিৰ ক্ষেত্ৰতো সময়ৰ লগে লগে ব্লাড চুগাৰৰ মাত্ৰা প্ৰভাৱিত হ’ব পাৰে।
গতিকে নিশা দেৰিকৈ খাদ্য খোৱাৰ অভ্যাসক সহজভাৱে লোৱা উচিত নহয়। গভীৰ নিশা খাদ্য খোৱা আৰু ব্লাড চুগাৰৰ মাজত এক শক্তিশালী সম্পৰ্ক দেখা গৈছে। এই অভ্যাস সন্দৰ্ভত বিশেষজ্ঞসকলে সাৱধানতাৰ পৰামৰ্শ দিয়ে। গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে ব্লাড চুগাৰৰ মাত্ৰাত কিয় প্ৰভাৱ পৰে, জানো আহক এই বিষয়ে।
কিয় হয় এনে
চিকিৎসা বিশেষজ্ঞসকলৰ মতে, নিশা পলমকৈ আহাৰ গ্ৰহণ আৰু ব্লাড চুগাৰৰ মাজত এক গভীৰ সম্পৰ্ক আছে। আৰ.এম.এল হাস্পতালৰ অধ্যাপক ডাঃ সুভাষ গিৰিয়ে জানিবলৈ দিয়া মতে, দিনৰ তুলনাত নিশা আমাৰ শৰীৰৰ পাচনতন্ত্ৰ আৰু অন্যান্য কাম-কাজ লেহেমীয়া হৈ পৰে। এনে অৱস্থাত পলমকৈ খোৱা আহাৰ সঠিকভাৱে শক্তিলৈ ৰূপান্তৰিত হ’ব নোৱাৰে, যাৰ ফলত ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পায়।
প্ৰায়েই দেখা যায় যে যিসকলে নিশা গধুৰ বা মিঠা খাদ্য খায়, তেওঁলোকৰ পুৱাৰ ফাষ্টিং চুগাৰৰ মাত্ৰাও বৃদ্ধি পায়। নিয়মিতভাৱে এনে কৰিলে শৰীৰৰ প্ৰাকৃতিক ৰুটিনত ব্যাঘাত জন্মাব পাৰে, ইয়াৰ ফলত ব্লাড চুগাৰৰ ভাৰসাম্য ৰক্ষা কৰাটো কঠিন হৈ পৰে। এই কাৰণেই চিকিৎসকে গভীৰ নিশাৰ খাদ্য গ্ৰহণৰ অভ্যাস পৰিহাৰ কৰি সময়মতে খাদ্য গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে।
সুস্থ লোকৰ বাবেও বিপদৰ সংকেত
অনেক লোকে ভাবিব পাৰে, নিশা পলমকৈ খাদ্য খোৱাৰ এই অভ্যাসে ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰতহে সমস্যাৰ সৃষ্টি কৰে। পিছে সেই ধাৰণা ভুল। এজন সম্পূৰ্ণ সুস্থ লোকৰ ক্ষেত্ৰতো পলমকৈ খোৱা অভ্যাসে ভৱিষ্যতে ডায়েবেটিছৰ জন্ম দিব পাৰে। ইয়াৰ ফলত শৰীৰৰ ইনচুলিন প্ৰক্ৰিয়াত প্ৰভাৱ পৰে আৰু লাহে লাহে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়।
চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ উপায়
শুবলৈ যোৱাৰ অন্ততঃ ২-৩ ঘণ্টা পূৰ্বে নিশাৰ আহাৰ গ্ৰহণ কৰক।
নিশা সদায় পাতল আৰু সুষম আহাৰ বাছনি কৰক।
পলমকৈ মিঠা, তেলত ভজা বা ফাষ্ট ফুড খোৱাৰ পৰা বিৰত থাকক।
প্ৰতিদিনে শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰক।
আহাৰ গ্ৰহণ আৰু টোপনিৰ এটা নিৰ্দিষ্ট সময়সীমা বান্ধি লওক।