ঘৰত নহয় যেন বুকুতহে কোবাইছে বুলড’জাৰে, উচ্ছেদিতৰ বিননি
প্ৰচণ্ড শীতৰ মাজত হোৱা এই উচ্ছেদৰ ফলত ১০-১২ বিঘাৰ পুখুৰী আৰু ঘৰৰ সামগ্ৰীসহ প্ৰায় ৩০ লাখ টকাৰ ক্ষতি হোৱা বুলি দাবী কৰিছে একাংশই। উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন অবিহনে চলা এই অভিযানত ক্ষুব্ধ হৈ পৰা ৰাইজে মুখ্যমন্ত্ৰীক বিষয়টো বিবেচনা কৰিবলৈ কাতৰ আহ্বান জনাইছে।
বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটা, সন্তোষপুৰ আৰু চৰুৱাবাখৰাত ধুবুৰী জিলা প্ৰশাসনে পুনৰ এক বৃহৎ উচ্ছেদ অভিযান চলায়। অভিযোগ অনুসৰি, এইবাৰ কোনো আগজাননী নিদিয়াকৈ পট্টাভুক্ত বাসিন্দাৰ বাসগৃহত প্ৰশাসনে বুলডজাৰ চলাইছে। ভুক্তভোগী পৰিয়ালসমূহৰ মতে, মুখ্য সচিবৰ নিৰ্দেশনা তথা শুনানিৰ আবেদন নিষ্পত্তি নোহোৱা পৰ্যন্ত উচ্ছেদ নচলাবলৈ আদেশ থকাৰ পিছতো প্ৰশাসনে এই আদেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি উচ্ছেদ চলায়।
প্ৰচণ্ড শীতৰ মাজত হোৱা এই উচ্ছেদৰ ফলত ১০-১২ বিঘাৰ পুখুৰী আৰু ঘৰৰ সামগ্ৰীসহ প্ৰায় ৩০ লাখ টকাৰ ক্ষতি হোৱা বুলি দাবী কৰিছে একাংশই। উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন অবিহনে চলা এই অভিযানত ক্ষুব্ধ হৈ পৰা ৰাইজে মুখ্যমন্ত্ৰীক বিষয়টো বিবেচনা কৰিবলৈ কাতৰ আহ্বান জনাইছে।
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?