কলেষ্টেৰল বৃদ্ধি  হোৱাৰ লক্ষণসমূহ কি কি?

9 Jan 2026

TV9 ASSAM

কলেষ্টেৰল শৰীৰৰ বাবে প্ৰয়োজনীয়। কিন্তু বেছি কলেষ্টেৰল শৰীৰৰ বাবে বেয়া। ই হাৰ্ট এটেক,ষ্ট্ৰোকৰ দৰে সমস্যা কৰিব পাৰে। অত্যধিক তেল-মচলাযুক্ত খাদ্য, বেয়া জীৱনশৈলী আদি ইয়াৰ কাৰণ।

কলেষ্টেৰল

কলেষ্টেৰল ৰক্তবাহী নলীত জমা হৈ তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰিব পাৰে। বেয়া কলেষ্টেৰল আমাৰ জীৱনৰ বাবে মাৰাত্মক হৈ পৰিব পাৰে। কলেষ্টেলৰ বৃদ্ধি হ'লে বিভিন্ন লক্ষণে দেখা দিয়ে।

নিয়ন্ত্ৰণ

যদি আপোনাৰ প্ৰায়ে মূৰৰ বিষ, মাজে মাজে মূৰ পাতল লাগে তেন্তে এয়া কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ হ'ব পাৰে। মগজুৰ সকলো স্নায়ুলৈ পৰ্যাপ্ত পৰিমাণে তেজৰ যোগান নধৰিলে এনে হয়।

মূৰৰ বিষ

অলপ সময় কাম কৰাৰ পাছতে উশাহত কষ্ট পোৱা বেয়া  কলেষ্টেৰল বৃদ্ধি হোৱাৰ ইংগিত হ'ব পাৰে। ভাগৰ লাগিব পাৰে। গতিকে দীৰ্ঘদিন এনে অসুবিধা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

উশাহত কষ্ট

কোনো কাৰণ নোহোৱাকৈ ওজন বৃদ্ধি হ'ব পাৰে। পেট গধুৰ গধুৰ লাগিব পাৰে। ইয়াৰোপৰি সাধাৰণতকৈ অধিক ঘাম ওলাব পাৰে। এনে হ'লে কলেষ্টেৰল পৰীক্ষা কৰিব লাগে।

মেদবহুলতা

বুকুত বিষ, অস্বস্তি অনুভৱ কৰিব পাৰে। হৃদস্পন্দন অনিয়ন্ত্ৰিত হ'ব পাৰে। নিশা শোৱাৰ পাছতো এই সমস্যা বেছি হ'ব পাৰে। দীৰ্ঘদিন এনে হ'লে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

বুকুত বিষ

কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ ভাল খাদ্য, জীৱনশৈলী উন্নত হোৱা দৰকাৰ। ব্যায়াম কৰিব লাগে। ইয়াৰোপৰি দীৰ্ঘদিন এনে লক্ষণে দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

কি কৰিব

পঢ়িবলৈ ক্লিক কৰক

হনুমানক সন্তুষ্ট কৰাৰ উপায়