শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চাকৰি এৰাৰ পিছতো একো নকৰাকৈ বাঢ়িব PFৰ ধন! মাত্ৰ কৰিব নালাগে এনে ভুল

যদি চাকৰি নাথাকে আৰু পি এফ একাউণ্টত টকা জমা হোৱা বন্ধ হৈ যায়, তেতিয়া পুৰণি জমা টকাৰ ওপৰত সুত পোৱাটোও বন্ধ হৈ যাব নেকি? এয়া হয়তো বহু লোকৰ মনত উত্থাপিত প্ৰশ্ন। পিছে এই লৈ চিন্তা আছে নে?

চাকৰি এৰাৰ পিছতো একো নকৰাকৈ বাঢ়িব PFৰ ধন! মাত্ৰ কৰিব নালাগে এনে ভুল
EPFOৰ নিয়মImage Credit source: Getty Images
Monjit Dutta
Monjit Dutta | Updated On: 13 Jan 2026 08:40 AM

ব্যক্তিগত খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ বাবে চাকৰিৰ অনিশ্চয়তা কোনো নতুন কথা নহয়। কেতিয়াবা কোম্পানীৰ ছাটাই (Layoffs) বা কেতিয়াবা কেৰিয়াৰৰ উন্নত সুযোগৰ সন্ধানত চাকৰি সলনি কৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। এনে পৰিস্থিতিত যেতিয়া কোনো কৰ্মচাৰী নিবনুৱা হয়, তেতিয়া তেওঁৰ আটাইতকৈ ডাঙৰ চিন্তা হয় নিজৰ জমা পুঁজি অৰ্থাৎ পি এফ (PF) ক লৈ। যদি চাকৰি নাথাকে আৰু পি এফ একাউণ্টত টকা জমা হোৱা বন্ধ হৈ যায়, তেতিয়া পুৰণি জমা টকাৰ ওপৰত সুত পোৱাটোও বন্ধ হৈ যাব নেকি? এয়া হয়তো বহু লোকৰ মনত উত্থাপিত প্ৰশ্ন। পিছে এই লৈ চিন্তা আছে নে?

পি এফ একাউণ্টক লৈ থকা বিভ্ৰান্তি

সাধাৰণতে মানুহৰ মাজত এটা ধাৰণা আছে যে চাকৰি এৰাৰ পিছত যিহেতু একাউণ্টত নতুনকৈ ধন জমা নহয়, সেয়েহে চৰকাৰে পুৰণি টকাখিনিৰ ওপৰত সুত দিয়া বন্ধ কৰি দিয়ে। এই ভয়তে বহুলোকে লৰালৰিকৈ পি এফৰ সকলো টকা উলিয়াই লয়, যাৰ ফলত তেওঁলোকৰ ভৱিষ্যতৰ সঞ্চয়ত বাধা পৰে। কিন্তু প্ৰকৃততে পি এফৰ নিয়ম তেনে নহয়।

চাকৰি এৰাৰ ৩ বছৰ পিছত সুত বন্ধ হয় নেকি

আমাৰ বহুলোকৰ মনত প্ৰচলিত এক ধাৰণা যে একাউণ্টত ৩ বছৰলৈ কোনো লেনদেন নহ’লে সুত বন্ধ হৈ যাব, সেয়া প্ৰকৃততে পুৰণি নিয়ম আৰু আধৰুৱা জ্ঞানৰ ফল। এই নিয়ম কেৱল অৱসৰপ্ৰাপ্ত লোকসকলৰ বাবেহে আছিল, যিসকলে চাকৰি এৰিছে তেওঁলোকৰ বাবে নহয়।

যদি আপোনাৰ চাকৰি গৈছে আৰু আপুনি আগন্তুক ৪-৫ বছৰলৈকে নিবনুৱা হৈ থাকে, তথাপিও আপোনাৰ পি এফ একাউণ্টত থকা টকাখিনি বাঢ়ি থাকিব। ই পি এফ অ’ (EPFO)- এ আপোনাৰ জমা ধনৰ ওপৰত তেতিয়ালৈকে সুত দি থাকিব, যেতিয়ালৈকে আপোনাৰ বয়স ৫৮ বছৰ নহয়।

পি এফৰ গুৰুত্বপূৰ্ণ নিয়ম

চৰকাৰে ২০১৬ চনত ই পি এফ নিয়মৰ এক গুৰুত্বপূৰ্ণ সংশোধন কৰে। এই নিয়ম অনুসৰি যদি কোনো কৰ্মচাৰীয়ে ৫৮ বছৰ বয়সৰ আগতে চাকৰি এৰি দিয়ে, তেতিয়া তেওঁৰ একাউণ্ট ‘ইনএক্টিভ’ (Inactive) বুলি গণ্য কৰা নহয়। একাউণ্টটোত বহু বছৰ ধৰি এটা টকাও জমা নহ’লেও চৰকাৰে বাৰ্ষিক সুতৰ হাৰ অনুসৰি তাত সুত জমা কৰি থাকিব।

সুত কেতিয়া বন্ধ হয়?

পি এফ একাউণ্টত সুত বন্ধ হোৱাটো আপোনাৰ অৱসৰৰ বয়সৰ সৈতে জড়িত। যদি আপোনাৰ বয়স ৫৮ বছৰ হৈছে আৰু আপুনি অৱসৰ লৈছে, তাৰ পিছত যদিহে আপুনি ৩ বছৰলৈকে নিজৰ টকাখিনি উলিয়াই লবলৈ আবেদন (Claim) নকৰে, তেতিয়াহে সেই ধনৰ ওপৰত সুত পোৱাটো বন্ধ হয়।