কিছুদিন পূৰ্বে গুৱাহাটীৰ বৰাগাঁৱত মুকলি কৰা হৈছিল শ্বহীদ স্মাৰক। অসম আন্দোলনৰ ৮৬০ গৰাকী অমৰ শ্বহীদৰ স্মৃতিত নিৰ্মিত হৈছে এই শ্বহীদ স্মাৰক। এই স্মাৰক উদ্বোধনৰ পাছতে বহুতে তাত উপস্থিত হৈছে। কিন্তু ইয়াৰ মাজতে এগৰাকী যুৱতীয়ে নৃত্য কৰি ভাইৰেল হৈ পৰে। এই যুৱতীগৰাকীৰ নৃত্যক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এনেধৰণৰ নৃত্য শ্বহীদসকলৰ বাবে অপমান বুলি কয় একাংশই।