শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
দুৰ্ঘটনাত আহত লোকক উদ্ধাৰ কৰিলে পাব ২৫ হাজাৰ টকা! পিছে কিদৰে?

দুৰ্ঘটনাত আহত লোকক উদ্ধাৰ কৰিলে পাব ২৫ হাজাৰ টকা! পিছে কিদৰে?

Monjit Dutta
Monjit Dutta | Published: 12 Jan 2026 21:22 PM

অৱশ্যে, এই পুৰস্কাৰৰ বাবে উদ্ধাৰ কৰা ৰোগীজনৰ প্ৰাণ ৰক্ষা পৰাটো বাধ্যতামূলক। ভাৰতৰ ভয়াৱহ পথ দুৰ্ঘটনা আৰু বিশেষকৈ দুৰ্ঘটনাৰ ফলত হোৱা অপ্ৰত্যাশিত মৃত্যুৰ হাৰ হ্ৰাস কৰাই এই আঁচনিৰ মূল লক্ষ্য।

পথ দুৰ্ঘটনাত পতিত লোকৰ প্ৰাণ ৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এক অভিলাষী আঁচনি ‘পিএম-ৰাহত’ (PM-RAHAT)। এই আঁচনিৰ অধীনত দুৰ্ঘটনাত আহত ব্যক্তিয়ে হাস্পতালত ভৰ্তি হোৱাৰ প্ৰথম ৭ দিনলৈকে সম্পূৰ্ণ বিনামূলীয়া আৰু নগদবিহীন (Cashless) চিকিৎসা লাভ কৰিব। অহা ১ মাৰ্চৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সেৱা শুভাৰম্ভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ আৰক্ষীৰ ভয়ত সহায় নকৰা মানসিকতা সলনি কৰিবলৈ চৰকাৰে উদ্ধাৰকাৰীৰ বাবে ২৫ হাজাৰ টকা আৰু পদকৰ বিশেষ পুৰস্কাৰ ঘোষণা কৰিছে।

অৱশ্যে, এই পুৰস্কাৰৰ বাবে উদ্ধাৰ কৰা ৰোগীজনৰ প্ৰাণ ৰক্ষা পৰাটো বাধ্যতামূলক। ভাৰতৰ ভয়াৱহ পথ দুৰ্ঘটনা আৰু বিশেষকৈ দুৰ্ঘটনাৰ ফলত হোৱা অপ্ৰত্যাশিত মৃত্যুৰ হাৰ হ্ৰাস কৰাই এই আঁচনিৰ মূল লক্ষ্য।