শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

NRC ত নাম থকাসকলক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী আমছুৰ, নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ…

সমাগত অসম বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে আমছুৱে নিৰ্বাচন আয়োগলৈ এক বিশেষ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত তেওঁলোকে এন আৰ চিত স্থান লাভ কৰাসকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনাইছে।

NRC ত নাম থকাসকলক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী আমছুৰ, নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ…
প্ৰতীকী ফটোImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 13 Jan 2026 10:56 AM

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (AAMSU)ই ভাৰতীয় নিৰ্বাচন আয়োগক এক বিশেষ আহ্বান জনাইছে। ছাত্ৰ সংগঠনটোৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ত অন্তৰ্ভুক্ত ব্যক্তিৰ নাম ভোটাৰ তালিকাত প্ৰতিফলিত কৰিবলৈ আয়োগক এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। লগতে কৈছে যে, NRC ৰ পৰা বাদ পৰা ভোটাৰসকলক তেওঁলোকৰ সকলো আইনী প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত নিৰ্বাচন তালিকাৰ পৰা আঁতৰাই দিব নালাগে।

নিৰ্বাচন আয়োগৰ দাখিল কৰা স্মাৰক পত্ৰত আমছুৱে কৈছে যে, অসম একমাত্ৰ ৰাজ্য য’ত এন আৰ চিৰ কাম কৰা হৈছে। গতিকে NRC ত স্থান পোৱা সকলৰ নাম যদি চূড়ান্ত ভোটাৰ তালিকাৰ পৰা বাহিৰ কৰা হয় তেন্তে এন আৰ চিৰ উদ্দেশ্য শেষ হৈ যাব। লগতে কয় যে,২০১৯ চনত প্ৰকাশ পোৱা এন আৰ চিৰ তালিকাৰ পৰা ১৯,০৬,৬৫৭ জন লোক বাহিৰ হৈছিল। কিন্তু এয়া ভাৰতৰ মহাপঞ্জীয়কে আনুষ্ঠানিকভাৱে অৱগত কৰা নাই, যাৰ বাবে ইয়াৰ কোনো আইনী বৈধতা নাই।

আমছুৰ সভাপতি ইমতিয়াজ হুছেইন আৰু সাধাৰণ সম্পাদক মিন্নাতুল ইছলামৰ স্বাক্ষৰিত এই স্মাৰক পত্ৰখনত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে চলি থকা SR ৰ নামত বিসংগতি তথা জালিয়াতি হোৱা বুলি অভিযোগ কৰিছে। সংগঠনটোৱে নিৰ্বাচন আয়োগক এই দিশসমূহৰ ওপৰত ভালদৰে তদন্ত কৰিবলৈ আহ্বান জনাইছে যাতে যোগ্যসকলে ভোটৰ অধিকাৰৰ পৰা বঞ্চিত নহয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ছাত্ৰ সংগঠনটোৱে কয় যে, মুখ্যমন্ত্ৰী তথা শাসকীয় দলৰ নেতাসকলে ভূমিৰ পৰা বাদ পৰা লোকসকলৰ ভোটৰ অধিকাৰ সন্দৰ্ভত ৰাজহুৱা মন্তব্য কৰিছে, যি ঠিক নহয়। ৰাজহুৱা স্থানত SR সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত নকৰিবলৈ মুখ্যমন্ত্ৰী আৰু শাসকীয় পক্ষত আহ্বান জনাই দলটোয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, চৰকাৰী তথ্য অনুসৰি অসমৰ খচৰা নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণত সন্দেহজনত ভোটাৰক বাদ দি মুঠ ভোটাৰৰ সংখ্যা ২,৫১,০৯,৭৫৪ জন। বৰ্তমান দাবী আৰু আপত্তি দাখিলৰ প্ৰক্ৰিয়া চলি আছে। ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ শিৱসাগৰক ধুবুৰী বনোৱাৰ হুংকাৰ! কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?