শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Vande Bharat: কি কি বিশেষ ব্যৱস্থা আছে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত?

Vande Bharat: কি কি বিশেষ ব্যৱস্থা আছে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত?

Barasha Sarma
Barasha Sarma | Published: 12 Jan 2026 21:30 PM

Vande Bharat Sleeper: বহু নতুন নতুন সুবিধাৰে নিৰ্মাণ কৰা হৈছে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। এই ট্ৰেইনত যাত্ৰীসকলৰ বাবে থাকিব বিশেষ সুবিধা। ইয়াৰোপৰি কেৱল কনফৰ্ম টিকটৰ যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিব।

বৰ্তমান চৰ্চাত আছে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। এই ট্ৰেইনখনে বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই ট্ৰেইনত আছে অত্যাধুনিক সা সুবিধা। নিশাৰ যাত্ৰাৰ বাবে এই ট্ৰেইনখন ভাল বিকল্প বুলি কব পাৰিব। ইয়াত পৰিষ্কাৰ বিচনা চাদৰ, কম্বল আদি লাভ কৰিব। ইয়াৰোপৰি থাকিব ধুনীয়া লাইটিং, চাৰ্জিং পইন্ট আদিৰ সুবিধা। মুঠতে বহু ন ন সুবিধা উপলব্ধ হ’ব এই ট্ৰেইনত।

ইয়াৰোপৰি এই ট্ৰেইনত নাই কোনো ভি আই পি ব্যৱস্থা। নাই আৰ এ চি টিকটৰ সুবিধা। এক কথাত টিকট কনফৰ্ম হ’লেহে এই ট্ৰেইনত যাত্ৰা কৰিব পাৰিব। ইয়াৰোপৰি আনৰ সৈতে আসন শ্বেয়াৰ কৰি যাব নালাগে এই ট্ৰেইনত। সকলোকে প্ৰদান কৰা হ’ব সমান সুবিধা।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…