শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পিনাক মাল্টি বেৰেল ৰকেট লঞ্চাৰ চিষ্টেমৰ শক্তি বৃদ্ধিৰ দায়িত্ব অৰ্পণ এল এণ্ড টিক

পিনাক মাল্টি বেৰেল ৰকেট লঞ্চাৰ চিষ্টেমৰ শক্তি বৃদ্ধিৰ দায়িত্ব অৰ্পণ এল এণ্ড টিক

Raj Saikia
Raj Saikia | Published: 12 Jan 2026 21:25 PM

পিনাক মাল্টি বেৰেল ৰকেট লঞ্চাৰ চিষ্টেমৰ অভাৰহ’ল, উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে এল এণ্ড টিক প্ৰদান কৰা হৈছে এই চুক্তি। ভাৰতীয় সেনাৰ কৰ্পছ অৱ ইলেক্ট্ৰনিকছ এণ্ড মেকানিকেল ইঞ্জিনিয়াৰৰ পৰা এই চুক্তি লাভ কৰিছে কোম্পানীটোৱে।

ভাৰতীয় সেনাৰ সামৰ্থ আৰু অধিক বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। জানিব পৰা মতে এইবাৰ ঘৰুৱা কোম্পানী লাৰ্চেন এণ্ড টৌব্ৰ’ক অৰ্পণ কৰা হৈছে এই দায়িত্ব। পিনাক মাল্টি বেৰেল ৰকেট লঞ্চাৰ চিষ্টেমৰ অভাৰহ’ল, উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে এল এণ্ড টিক প্ৰদান কৰা হৈছে এই চুক্তি। ভাৰতীয় সেনাৰ কৰ্পছ অৱ ইলেক্ট্ৰনিকছ এণ্ড মেকানিকেল ইঞ্জিনিয়াৰৰ পৰা এই চুক্তি লাভ কৰিছে কোম্পানীটোৱে।

প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে সেনাবাহিনীৰ এই পদক্ষেপে বৰ্তমানৰ পিনাক ৰেজিমেণ্টৰ সামৰ্থ্য আৰু অধিক বৃদ্ধি কৰিব। এল এণ্ড টিয়ে দাবী কৰিছে যে ভাৰতীয় সেনাই ব্যক্তিগত কোম্পানীৰ সৈতে সহযোগিতা কৰা এয়া প্ৰথমটো পদক্ষেপ। এই পদক্ষেপে আৰ্টিলাৰী ব্যৱস্থাৰ জীৱনচক্ৰৰ সমৰ্থনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই কাৰ্যসূচীৰ অধীনত পুৰণি আৰু অচল উপাদানসমূহ সলনি কৰা, একাধিক গুৰুত্বপূৰ্ণ উন্নীতকৰণ আৰু বিভিন্ন সেনা ঘাটিলৈ কাৰিকৰী সহায় আগবঢ়োৱা হ’ব। যিয়ে অধিক শক্তিশালী কৰি তুলিব ভাৰতীয় সেনাক।

মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে সেনাই টাটা এডভান্স চিষ্টেমছকো পিনাক ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে একেধৰণৰ ঠিকা দিছিল। এল এণ্ড টিৰ মতে এই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব অন্যান্য প্ৰতিৰক্ষা খণ্ডৰ বাবে আৰ্হি হ’ব পাৰে। প্ৰসংগক্ৰমে পিনাক ৰকেট লঞ্চাৰ ব্যৱস্থাটো ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ অধীনত পুনেস্থিত অস্ত্ৰ গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে।