শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আমগুৰিত ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি ৰাজ‌পথত চোঁচৰালে অসমীয়া যুৱ মঞ্চই...

আমগুৰিত ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি ৰাজ‌পথত চোঁচৰালে অসমীয়া যুৱ মঞ্চই…

Barasha Sarma
Barasha Sarma | Published: 12 Jan 2026 22:19 PM

Assam: বৰ্তমান বিতৰ্কত সোমাই পৰিছে ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰ। শেহতীয়াকৈ তেওঁ শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ বনাব বুলি কৈছিল। যাৰ পাছত বিভিন্নজনে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

আমগুৰিত অসমীয়া যুৱ মঞ্চই ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌পথত চোঁচৰাই ওলমালে গছত। কংগ্ৰেছত যোগদান কৰিয়েই শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ পৰিকল্পনাৰ কথা ৰাজহুৱাভাৱে ব্যক্ত কৰি জাতীয় সংগঠনৰ ৰোষত আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰ।

অসমীয়া যুৱ মঞ্চই উভতি ধৰিলে ৰেজাউল কৰিমক। জাতীয় সংগঠনটোৱে আমগুৰি চাৰিআলিত ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌আলিত চোঁচৰাই লৈ ফুৰে। ইয়াৰোপৰি প্ৰতিকৃতিটো গছত ওলোমাই লৈ লঠিয়াই, গোৰিয়াই, থু পেলাই ক্ষোভ প্ৰকাশ কৰে। ইয়াৰ পিছত প্ৰতিকৃতিটো দাহ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…