শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভাৰতৰ আকাশত পাকিস্তান ড্ৰ’ন! শত্ৰুপক্ষৰ উদ্দেশ্য কি?

ভাৰতৰ আকাশত পাকিস্তান ড্ৰ’ন! শত্ৰুপক্ষৰ উদ্দেশ্য কি?

Trishna Kalita
Trishna Kalita | Published: 12 Jan 2026 22:07 PM

সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, সীমান্তৰ সিপাৰৰ পৰা ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছিল উৰণীয়া বস্তু। কিছু সময় আকাশত ঘূৰাৰ পিছত গুৰুত্বপূৰ্ণ অঞ্চলৰ ওপৰেৰে উৰা মাৰি পাকিস্তানলৈ উভতি যায়। ইয়াৰ মাজতে উৰণীয়া বস্তুটো সেনা আৰু নিৰাপত্তাৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে সতৰ্ক কৰি দিয়া হয়।

গণৰাজ্য দিৱসৰ পূৰ্বে ভাৰত-পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত গুলীচালনা। ১১ জানুৱাৰী দেওবাৰে জম্মু-কাশ্মীৰৰ কেইবাখনো জিলাত সন্দেহজনক ড্ৰ’ন দেখা যায়। সেনাই দাবী কৰা মতে, এইবোৰ পাকিস্তানী ড্ৰ’ন।  তাৰ পিছতে ড্ৰ’ন দেখি গুলীচালনা কৰে কৰ্তব্যৰত সেনাই। ভাৰতীয় আকাশমাৰ্গত কমেও ৫ খন ড্ৰোন প্ৰৱেশ কৰাৰ খবৰ পোৱা গৈছে। ভাৰতীয় সেনাই ড্ৰ’নবোৰ ধ্বংস কৰিবলৈ সীমান্তত এই গুলীচালনা আৰম্ভ কৰে।

জম্মু-কাশ্মীৰৰ সাম্বা, ৰাজৌৰী আৰু পুঞ্চ জিলাত কেইবাখনো সন্দেহজনক ড্ৰ’ন দেখা যায়। ইয়াৰ পিছত জাৰি কৰা হৈছে হাই এলাৰ্ট । ড্ৰ’ন দেখা পোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত ব্যাপক অনুসন্ধান অভিযান আৰম্ভ কৰা হয়। সন্দেহজনক ড্ৰ’নখন প্ৰেৰণ কৰি পাকিস্তানে ভাৰতলৈ অস্ত্ৰ বা ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাইছিল বুলি অনুমান কৰা হৈছে।