উৰুকাৰ দিনটোতে শোকস্তব্ধ ৰাজ্য, চিৰদিনলৈ চকু মুদিলে সংগীত শিল্পী সমৰ হাজৰিকাই
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ তথা ৰাজ্যৰ অন্যতম এগৰাকী প্ৰখ্যাত সংগীত শিল্পী সমৰ হাজৰিকাই আজি শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী।
আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ ভোগালী বিহুটিৰ উৰুকা। এই উপলক্ষে ৰাজ্যজুৰি দেখা গৈছে অনন্য আনন্দ-উছাহ। পিছে এই আনন্দৰ মাজতে আহিছে ৰাজ্যবাসীক শোকস্তব্ধ কৰি তোলা এক খবৰ। অসমৰ সাংস্কৃতিক জগতলৈ পুনৰ নামি আহিছে গভীৰ শোকৰ ছাঁ। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ তথা ৰাজ্যৰ অন্যতম এগৰাকী প্ৰখ্যাত সংগীত শিল্পী সমৰ হাজৰিকাই আজি শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী।
ইতিমধ্যেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ শোকে দহি আছে অসমক। তেনে সময়তে সমৰ হাজৰিকাৰ মৃত্যুৱে ৰাজ্যবাসীক জোকাৰি তুলিছে। বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগত সাংস্কৃতিক জগতৰ লগতে ৰাজ্যজুৰি এক বিৰাট শূন্যতাৰ সৃষ্টি হৈছে।
সাংস্কৃতিক অৱদান
হাজৰিকা পৰিয়ালৰ সংগীতময় পৰিৱেশত ডাঙৰ-দীঘল হোৱা সমৰ হাজৰিকাই নিজৰ সুৰীয়া কণ্ঠৰে অসমীয়া সংগীত জগতক চহকী কৰি থৈ গৈছে। ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ দৰে প্ৰবাদপ্ৰতীম সংগীতজ্ঞৰ ভাতৃ হোৱাৰ পাছতো সমৰ হাজৰিকাই নিজৰ স্বকীয় গায়কীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।
তেওঁৰ কণ্ঠত প্ৰাণ পাই উঠা অসংখ্য গীত আজিও জনপ্ৰিয়। আকাশবাণী আৰু দূৰদৰ্শনৰ এজন স্বীকৃত শিল্পী হিচাপে তেওঁ জনসাধাৰণৰ মাজত পৰিচিত আছিল। ১৯৬০ চনত তেওঁ সংগীত জীৱন আৰম্ভ কৰিছিল। ১৯৬৮ চনত তেওঁ নিজৰ প্ৰথমটো এলবাম ‘উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী’ মুক্তি দিছিল।
ৰাজ্যজুৰি শোকৰ ছাঁ
নিজৰাপাৰাস্থিত বাসগৃহত সমৰ হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰে। শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। গুণমুগ্ধ তথা অনুৰাগীৰ লগতে বিভিন্ন দল-সংগঠন, সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠান তথা ৰাজনৈতিক নেতৃত্বই শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে। এক ফেচবুক পোষ্টযোগে তেওঁ লিখিছে, “ৰাজ্যখনৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ভাতৃ, বৰেণ্য শিল্পী সমৰ হাজৰিকা ডাঙৰীয়াৰ বিয়োগে সমগ্ৰ ৰাজ্যখনক গভীৰ শোকত নিমজ্জিত কৰিছে।”
প্ৰয়াত শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলিও জানিবলৈ দিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। ‘প্ৰয়াত সমৰ হাজৰিকা ডাঙৰীয়াৰ স্মৃতি, কণ্ঠ আৰু সৃষ্টি আমাৰ মাজত সদায় চিৰযুগমীয়া হৈ ৰ’ব’ বুলিও তেওঁ পোষ্টটোত উল্লেখ কৰে।