শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Income Tax Act 2025: ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কেনে প্ৰভাৱ পৰিব আপোনাৰ ওপৰত?

১৯৬১ চনৰ আয়কৰ আইনখন সেই সময়ৰ অৰ্থনীতিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল। বিগত দশকবোৰত কেইবাশবাৰো সংশোধনী কৰাৰ ফলত এই আইনখন ইমানেই জটিল হৈ পৰিছিল যে সাধাৰণ কৰদাতাৰ বাবে ই দুৰ্বোধ্য হৈ পৰিছিল।

Income Tax Act 2025: ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কেনে প্ৰভাৱ পৰিব আপোনাৰ ওপৰত?
দেশত কাৰ্যকৰী হ’ব নতুন আয়কৰ আইনImage Credit source: Getty Images
Monjit Dutta
Monjit Dutta | Published: 12 Jan 2026 11:53 AM

ভাৰতৰ আয়কৰ ব্যৱস্থাৰ ইতিহাসত এক বৈপ্লৱিক পৰিৱৰ্তন ঘটাৰ দিশে আগবাঢ়িছে। দেশৰ আয়কৰ আইনক অধিক সৰল আৰু সহজসাধ্য কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে পুৰণি ৬৪ বছৰীয়া আইনখন সলনি কৰি ‘আয়কৰ আইন ২০২৫’ (Income Tax Act 2025) বলবৎ কৰিবলৈ সাজু হৈছে। অহা ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে এই নতুন আইনখন কাৰ্যকৰী হ’ব। এই নতুন আইনখনে ১৯৬১ চনৰ পুৰণি আয়কৰ আইনখনৰ স্থান ল’ব।

কিয় সলনি হ’ব পুৰণি আইনখন

১৯৬১ চনৰ আয়কৰ আইনখন সেই সময়ৰ অৰ্থনীতিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল। বিগত দশকবোৰত কেইবাশবাৰো সংশোধনী কৰাৰ ফলত এই আইনখন ইমানেই জটিল হৈ পৰিছিল যে সাধাৰণ কৰদাতাৰ বাবে ই দুৰ্বোধ্য হৈ পৰিছিল। বিশেষকৈ চৰকাৰী চাকৰিয়াল, ক্ষুদ্ৰ ব্যৱসায়ী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ই এক ডাঙৰ সমস্যা আছিল।

নতুন আয়কৰ আইন ২০২৫-ৰ বিশেষত্ব

বৰ্তমানৰ ডিজিটেল আৰু আধুনিক যুগৰ সৈতে খাপ খুৱাই নতুন আইন প্ৰৱৰ্তন কৰা হৈছে। নতুন আইনখনৰ আকাৰ পুৰণি আইনখনতকৈ প্ৰায় ৫০ শতাংশ চুটি হ’ব। ইয়াৰ ভাষা সহজ কৰা হৈছে যাতে সাধাৰণ মানুহে বিশেষজ্ঞৰ সহায় নোহোৱাকৈ নিয়মবোৰ বুজি পায়।

আইনখনৰ পৰা অপ্ৰয়োজনীয় আৰু পুৰণি হৈ পৰা ধাৰাসমূহ আঁতৰাই পেলোৱা হৈছে। ইয়াৰ ফলত কৰ সম্পৰ্কীয় বিবাদ আৰু আদালতৰ গোচৰ হ্ৰাস পাব। সকলোতকৈ সকাহৰ কথাটো হ’ল যে কৰৰ হাৰ বা শ্লেবৰ কোনো সালসলনি কৰা হোৱা নাই। চৰকাৰৰ উপাৰ্জনতো ইয়াৰ কোনো প্ৰভাৱ নপৰে; কেৱল নিয়মবোৰহে সহজ কৰা হৈছে।

এতিয়াৰে পৰা ‘Previous Year’ আৰু ‘Assessment Year’-ৰ দৰে বিভ্ৰান্তিকৰ শব্দৰ সলনি কেৱল ‘Tax Year’ শব্দ ব্যৱহাৰ কৰা হ’ব। ইয়াৰ ফলত ITR দাখিল কৰা প্ৰক্ৰিয়া অতি সহজ হৈ পৰিব। যদি কোনো লোকে নিৰ্ধাৰিত তাৰিখৰ পিছতো ৰিটাৰ্ণ ফাইল কৰে, তথাপিও তেওঁ TDS ৰিফাণ্ড পোৱাৰ অধিকাৰী হ’ব। এই ব্যৱস্থা পূৰ্বে ইমান সহজ নাছিল।

আগন্তুক বাজেটত প্ৰভাৱ

অহা ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটত ব্যক্তিগত আয়কৰ, কৰ্পোৰেট টেক্স বা HUF সম্পৰ্কীয় যি নতুন ঘোষণা কৰা হ’ব, সেই সকলোবোৰ এই নতুন ‘আয়কৰ আইন ২০২৫’-ৰ অধীনতে অন্তৰ্ভুক্ত কৰা হ’ব। চৰকাৰে বৰ্তমান ইয়াৰ বাবে প্ৰয়োজনীয় নতুন ফৰ্মসমূহ প্ৰস্তুত কৰি আছে।

চৰকাৰৰ এই পদক্ষেপৰ মূল লক্ষ্য হ’ল কৰ ব্যৱস্থাটোক অধিক স্বচ্ছ, বিশ্বাসযোগ্য আৰু জনহিতকৰ কৰি তোলা। এয়া চাকৰিয়াল, ক্ষুদ্ৰ ব্যৱসায়ী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক ডাঙৰ সকাহ হিচাপে বিবেচিত হৈছে।