ভোগালীৰ পিছতে ঘটিব লাভ দৃষ্টি যোগ; এই ৪ ৰাশিত হ’ব ভোগৰ সময়, আগমন হ’ব ধন-সুখৰ
'লাভ দৃষ্টি যোগ' চাৰিটা বিশেষ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব বুলি জ্যোতিষে আগজাননী কৰিছে। সেই অনুসৰি এই ৪টা ৰাশিয়ে লাভ দৃষ্টি যোগৰ শুভ প্ৰভাৱত আৰ্থিক, কেৰিয়াৰ ইত্যাদি সকলো দিশতে সুখকৰ অভিজ্ঞতা লাভ কৰিব। জানো আহক এই বিষয়ে।
ৰাজ্যবাসীৰ মাজত এতিয়া হেঁপাহৰ ভোগালীৰ আনন্দ-উদ্দীপনা। প্ৰতিজন লোকেই এতিয়া ভোগালী বিহুৰ প্ৰস্তুতিত ব্যস্ত। এই বিহুৱে জীৱনতো ভৰপূৰ ভোগৰ সমাহাৰ ঘটাব বুলি সকলোৱে আশা কৰিছে। লক্ষণীয়ভাৱে অসমত ভোগালী বা মাঘ বিহুৰ সমান্তৰালকৈ দেশৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হ’ব মকৰ সংক্ৰান্তি। জ্যোতিষ মতে উৎসৱৰ এই সময়ছোৱা বহু ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব। বিশেষ কেইটামান ৰাশিৰ বাবে এই সময়ছোৱাই অত্যন্ত শুভ খবৰ লৈ আহিছে।
জ্যোতিষ শাস্ত্ৰ মতে, এই সময়ছোৱাতে শনি আৰু শুক্ৰ গ্ৰহৰ মাজত এক বিশেষ সংযোগ ঘটিব। এই সংযোগক ‘লাভ দৃষ্টি যোগ’ বুলি কোৱা হয়। অহা ১৫ জানুৱাৰীত শনি আৰু শুক্ৰ গ্ৰহ পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত অৱস্থান কৰিব। এই বিৰল স্থিতিৰ ফলতে ‘লাভ দৃষ্টি যোগ’ৰ সৃষ্টি হ’ব। আজি শুক্ৰ গ্ৰহে শনিৰ ৰাশি মকৰত প্ৰৱেশ কৰিব, যাৰ ফলত এই যোগৰ প্ৰভাৱ আৰু অধিক শক্তিশালী হৈ পৰিব।
এই ‘লাভ দৃষ্টি যোগ’ চাৰিটা বিশেষ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব বুলি জ্যোতিষে আগজাননী কৰিছে। সেই অনুসৰি এই ৪টা ৰাশিয়ে লাভ দৃষ্টি যোগৰ শুভ প্ৰভাৱত আৰ্থিক, কেৰিয়াৰ ইত্যাদি সকলো দিশতে সুখকৰ অভিজ্ঞতা লাভ কৰিব। জানো আহক এই বিষয়ে-
বৃষ ৰাশি
বৃষ ৰাশিৰ অধিপতি হ’ল শুক্ৰ। শনিৰ সৈতে হোৱা এই যোগৰ ফলত বৃষ ৰাশিৰ লোকসকলৰ আৰ্থিক উন্নতি আৰু চাকৰিত পদোন্নতিৰ যোগ আছে। সমাজত মান-সন্মান বৃদ্ধি পাব আৰু জীৱনত সুখ-সুবিধা বৃদ্ধি পাব।
তুলা ৰাশি
তুলা ৰাশিৰ স্বামীও শুক্ৰ গ্ৰহ। এই শুভ যোগৰ ফলত অবিবাহিতসকলৰ বিবাহৰ যোগ শক্তিশালী হ’ব। আপোনাৰ ব্যক্তিত্বৰ প্ৰভাৱ বাঢ়িব আৰু দীৰ্ঘদিনৰ পৰা কৰি থকা পৰিশ্ৰমৰ উচিত ফল লাভ কৰিব।
মকৰ ৰাশি
যিহেতু মকৰ ৰাশিৰ অধিপতি শনি গ্ৰহ, গতিকে এই লাভ দৃষ্টি যোগে আপোনাৰ জীৱনলৈ স্থিৰতা আনিব। অসম্পূৰ্ণ হৈ থকা পুৰণি কামবোৰ সম্পূৰ্ণ হ’ব আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ অধিপতিও শনি গ্ৰহ। এই যোগৰ ফলত আপোনাৰ কামৰ বাধা-বিঘিনিবোৰ আঁতৰিব। পেছাদাৰী আৰু ব্যক্তিগত জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা দিব আৰু নতুন প্ৰচেষ্টাত সুফল পাব।