12 Jan 2026
TV9 ASSAM
বৃক্কই আমাৰ শৰীৰত ফিল্টাৰৰ দৰে কাম কৰে। বৃক্কৰ সমস্যা হ'লে বিভিন্ন লক্ষণে দেখা দিয়ে। কেতিয়াবা এইবোৰ মানুহে সাধাৰণ বুলি আওকাণ কৰা দেখা যায়।
বৃক্কৰ সমস্যা হ'লে প্ৰস্ৰাৱত ফেন আহে লগতে বুৰবুৰণি উঠে। কিডনীৰ সমস্যা হ'লে প্ৰটিন প্ৰস্ৰাৱৰ দ্বাৰা বাহিৰ হয়, যাৰ বাবে ফেন আহে।
বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত পানী জমা হয়। এনে অৱস্থাত ভৰি, ভৰিৰ পতা, মুখ আদিৰ ওচৰে পাজৰে ফুলিব পাৰে। দীৰ্ঘদিন এনে হ'লে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।
যদি নিশা বাৰে বাৰে প্ৰস্ৰাৱ আহে তেন্তে এয়া বৃক্কৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। কিডনী বেয়া হলে ভালদৰে তৰল পদাৰ্থ ফিল্টাৰ নহয়, যাৰ বাবে বাৰে বাৰে এনে হয়।
যেতিয়া বৃক্কই ঠিকমতে কাম নকৰে,তেতিয়া প্ৰস্ৰাৱৰ ৰং গাঢ় হৈ উঠে। যদি দীৰ্ঘদিন প্ৰস্ৰাৱৰ লগত জড়িত এনে সমস্যা দেখা দিয়ে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
বৃক্কই সঠিকভাৱে কাম নকৰিলে বহুত ভাগৰ লাগি থাকিব পাৰে। শৰীৰত বেয়া পদাৰ্থ জমা হোৱাৰ বাবে এনে হয়। ইয়াৰ লগতে দুৰ্বল, মনোযোগত অসুবিধা আদি হ'ব পাৰে।
মুখত অস্বাভাৱিত সোৱাদ লাগিহ পাৰে। এয়া বৃক্কৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। বৃক্কৰ সমস্যা হোৱাৰ বাবে খাদ্য তিতা বা অন্য আজৱ সোৱাদ লাগিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক