গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ  উপায়...

13 Jan 2026

TV9 ASSAM

আজিকালি বহুতৰে গেছৰ সমস্যা হোৱা দেখা যায়। কিছুমান সাধাৰণ তথা ঘৰুৱা উপায়ৰ দ্বাৰা আপুনি গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

গেছৰ সমস্যা

গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পুৱা কুহুমীয়া পানী খাব পাৰে।  বিশেষ সমস্যা নাথাকিলে এই পানীত নেমু অলপ মিহলাই খাব পাৰে।

পানী

গেছৰ সমস্যা হ্ৰাস কৰিবলৈ আদা চাহ খাব লাগে। ইয়াৰোপৰি নেমু ৰসত আদাৰ টুকুৰা এটা তিয়াই খাব লাগে। এনে কৰিলে গেছৰ সমস্যা কম হয়।

আদা

পদিনা খালেও পেট ভাল হয়। গতিকে পুৱা পদিনা পাত এটা চোবাই চোবাই খাব লাগে। ইয়াৰোপৰি ডায়েটত এই পাত অন্তৰ্ভুক্ত কৰিব পাৰে।

পদিনা

পদিনা, আদা, মেথি গুটি আদি উপাদানে পেট ফুলাৰ পৰা উপশম ঘটাব পাৰে। এইবোৰ চাহে পাচনতন্ত্ৰত পেশীৰ সংকোচন হ্ৰাস কৰে। যাৰ বাবে গেছ কম হয়।

আৰু কি কি

ইয়াৰোপৰি আপুনি এক চামুচ ঘিউ, অলপ ৰক চল্ট আৰু অলপ হিং দি খাব পাৰে। এয়া খালে পেট ফুলা, গেছ বা অন্যান্য সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

আৰু কি

আজৱাইন পানী খালেও গেছৰ সমস্যা কম হয়। ১ কাপ সাধাৰণ পানীত আধা চামুচ আজৱাইন মিহলাই সেয়া খাব পাৰে। এয়া খালে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাৰে।

আজৱাইন পানী

ভিটামিন বি ১২ অভাৱৰ লক্ষণ

পঢ়িবলৈ ক্লিক কৰক