শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰা দিল্লীত কংগ্ৰেছৰ বৈঠকলৈ, পলকতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ

আজিৰ দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছোঁ আপোনালোকলৈ । মাত্ৰ ৯ টা পইন্টৰ দ্বাৰা জানি লওক দিনটোৰ মুখ্য খবৰকেইটা ।

গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰা দিল্লীত কংগ্ৰেছৰ বৈঠকলৈ, পলকতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
দিনটোৰ মুখ্য খবৰ
raj-saikia
Raj Saikia | Updated On: 30 May 2025 19:30 PM

১. গুৱাহাটীত কৃত্ৰিম বানৰ ফলত অবৰ্ণনীয় পৰিস্থিতি । আজি হঠাতে পৰিৱেশ সলনি হৈ পৰে গুৱাহাটী মহানগৰীৰ । কালিৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন ঠাইত উদ্ভৱ হৈছে কৃত্ৰিম বানৰ । মহানগৰীৰ ৰাজপথত একাঁঠুৰ পৰা একঁকাল পৰ্যন্ত পানী হোৱা দেখা গৈছে । যোৰাবাটত ৰাজপথতে চলিছে নাও ।

২. ইতিমধ্যে ৰাজ্যত বলিবলৈ আৰম্ভ কৰিছে ২৬ ৰ নিৰ্বাচনী বতাহ । শাসক-বিৰোধীয়ে কেনেকৈ এই নিৰ্বাচনী ৰণত নামিব সেইলৈ কৌশল ৰচনা কৰিছে । ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ ১০ মাহৰো অধিক সময় আছে যদিও দলসমূহে নিৰ্বাচনী ৰণৰ বাবে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত জোৰ দিছে । ইয়াৰ অংশ হিচাপে আজিৰে পৰা ১৫ জুনলৈ ৩৯ খন সাংগঠনিক জিলাত জিলা কাৰ্যনিৰ্বাহক সভা আয়োজন কৰিছে বিজেপিয়ে ।

৩. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ । শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে গগৈয়ে । সামাজিক মাধ্যমত এই সন্দৰ্ভত এক পোষ্ট দি গগৈয়ে অসম চৰকাৰৰ সিদ্ধান্তক গৰিহনা দিয়াৰ লগতে এয়া মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ বিফলতা বুলি কয় ।

৪. মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এক মন্তব্যক লৈ সৰব হৈ পৰিছে তেওঁৰ পত্নী তথা প্ৰখ্যাত লেখিকা ডঃ ৰীতা চৌধুৰী । ৰাজনীতি কৰি নিজৰ সন্তানক পাণ দোকান এখনো দিব পৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ প্ৰত্য়ুত্তৰত এয়া আত্মসন্মানৰ বিষয় বুলি উল্লেখ কৰে ৰীতা চৌধুৰীয়ে । এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা পোষ্ট ।

৫. সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ পাছতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰে আজি দিল্লীত প্ৰথমখন বৈঠক অনুষ্ঠিত হয় । ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশলকলৈ বৈঠকত প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটীৰ সৈতে কেন্দ্ৰীয় নেতৃত্বই বিশদভাৱে আলোচনা কৰা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ পাছত কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বৰে এইখন প্ৰথম বৈঠক।

৬. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ দিনজানত ৰাজ্যৰ প্ৰথমটো বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ কথা ঘোষণা কৰিছে । ২৫০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা এই প্ৰতিষ্ঠানটো ১২০ বিঘাত বিস্তৃত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে । এই পদক্ষেপে অত্যাধুনিক নিদান, ফৰেনছিক আৰু নীতিগত সহায়ৰ জৰিয়তে আমাৰ জৈৱ বৈচিত্ৰ্যক সুৰক্ষিত কৰিব বুলিও তেওঁ লগতে কয় ।

৭. শুকুৰবাৰে কানপুৰত এক সমাৱেশত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নিজৰ ভাষণত তেওঁ পুনৰ সন্ত্ৰাসবাদক গৰিহনা দিয়াৰ লগতে ভাৰতীয় সেনাৰ বীৰত্বক প্ৰশংসা কৰে । তেওঁ কয় যে ভাৰতে প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত উত্তৰ দিব । ইয়াৰ সময়, পদ্ধতি আৰু চৰ্ত আমাৰ সেনাই নিৰ্ধাৰণ কৰিব ।

৮. পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাৰ এখন ছবিয়ে চিন্তিত কৰিছে সকলোকে । কাঞ্চনজংঘাৰ শিখৰ সদায় তুষাৰাবৃত হৈ থাকে যদিও আজি পুৱা তোলা ছবিখনত দেখা গৈছে ক’লা শিলাখণ্ড । কাঞ্চনজংঘাৰ বৰফ গলা বিষয়ক লৈ চিন্তিত হৈ পৰিছে বিশেষজ্ঞসকল । এয়া গোলকীয় উষ্ণতাৰ বাবে হোৱা বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে ।

৯. আইপিএলত আজি অনুষ্ঠিত হৈছে এলিমিনেটৰ মেচ । গুজৰাট আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হৈছে মেচখন । ইতিমধ্যেই ফাইনেলত প্ৰৱেশ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে । আজি জয়ী হোৱা দলটো মুখামুখি হ’ব পঞ্জাব কিংছৰ ।