শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰে'লত পানীৰ বটল বেছি কিমান লাভ কৰে ৰে'লৱেই? জানিলে হ’ব আচৰিত...

ৰে’লত পানীৰ বটল বেছি কিমান লাভ কৰে ৰে’লৱেই? জানিলে হ’ব আচৰিত…

Monjit Dutta
Monjit Dutta | Published: 31 May 2025 00:15 AM

ৰে’ল যাত্ৰা কৰাৰ সময়ত আপুনিও হয়তো কেতিয়াবা ক্ৰয় কৰিছে ৰে’ল নীৰ নামৰ এটা পানীৰ বটল। এই পানীৰ ব্যৱসায় পৰিচালিত হয় ইণ্ডিয়ান ৰে’লৱে কেটাৰিং আৰু টুৰিজিম ক’ৰ্প’ৰেচন, চমুকৈ IRCTC- ৰ অধীনত। পিছে এই পানী ব্যৱসায়ৰ দ্বাৰা IRCTC- এ কিমান পৰিমাণৰ উপাৰ্জন কৰে কেতিয়াবা ভাবি চাইছেনে?

ৰে’ল যাত্ৰা কৰাৰ সময়ত আপুনিও হয়তো কেতিয়াবা ক্ৰয় কৰিছে ৰে’ল নীৰ নামৰ এটা পানীৰ বটল। এই পানীৰ ব্যৱসায় পৰিচালিত হয় ইণ্ডিয়ান ৰে’লৱে কেটাৰিং আৰু টুৰিজিম ক’ৰ্প’ৰেচন, চমুকৈ IRCTC- ৰ অধীনত। অৰ্থাৎ IRCTC- ৰ মালিকানাধীন এই ৰে’ল নীৰ নামৰ পানীৰ ব্যৱসায়। পিছে এই পানী ব্যৱসায়ৰ দ্বাৰা IRCTC- এ কিমান পৰিমাণৰ উপাৰ্জন কৰে কেতিয়াবা ভাবি চাইছেনে? এই পানীৰ ব্যৱসায়ৰ দ্বাৰা IRCTC- এ বহু লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে। সমান্তৰালকৈ ইয়াৰ জৰিয়তে বিপুল পৰিমাণৰ আয়ৰ পথো মুকলি কৰিছে IRCTC- এ।

ইণ্ডিয়ান ৰে’লৱে কেটাৰিং আৰু টুৰিজিম ক’ৰ্প’ৰেচনে শেহতীয়াকৈ প্ৰকাশ কৰিছে চতুৰ্থ ত্ৰৈমাসিকৰ ফলাফল। এই ফলাফলত উল্লেখ থকা মতে ২০২৫ চনৰ চতুৰ্থ ত্ৰৈমাসিকত ৰে’ল নীৰৰ পৰা ইণ্ডিয়ান ৰে’লৱে কেটাৰিং আৰু টুৰিজিম ক’ৰ্প’ৰেচনে ৯৬ কোটি টকা উপাৰ্জন কৰিছিল। এই বিষয়ে বিশদভাৱে চাওঁ আহক…