GT vs MI Live Score, IPL 2025: অভিযান সামৰণি পৰিল গুজৰাটৰঃ অলৰাউণ্ড প্ৰদৰ্শনেৰে দ্বিতীয় কোৱালিফায়াৰত প্ৰৱেশ মুম্বাইৰ
Gujarat Titans vs Mumbai Indians Live Score in Assamese: আই পি এল ২০২৫ত অভিযান সামৰণি পৰিল গুজৰাট টাইটানছৰ। মুম্বাই ইণ্ডিয়ানছে শুভমন গিল নেতৃত্বাধীন গুজৰাটক ২০ ৰানত পৰাস্ত কৰি দ্বিতীয় কোৱালিফায়াৰত প্ৰৱেশ কৰিছে।

আই পি এল ২০২৫ৰ আজি এলিমিনেটৰ মেচত মুখামুখি হ’ব গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছ। খিতাপ জয়ৰ আশা সজীৱ কৰি ৰাখিবলৈ আজিৰ মেচত জয় অনিবাৰ্য দুয়োটা দলৰ বাবে। আজি এলিমিনেটৰ মেচত পৰাস্ত হোৱা মানেই ল’ব লাগিব বিদায়ৰ পথ। আনহাতে যিটো দল জয়ী হ’ব, সেই দলটোৱে অহা ১ জুনত পঞ্জাৱ কিংছৰ বিপক্ষে দ্বিতীয় কোৱালিফায়াৰত অৱতীৰ্ণ হ’ব লাগিব। লক্ষণীয়ভাৱে এই গুৰুত্বপূৰ্ণ মেচখনত দুয়োটা দলেই সন্মুখীন হৈছে কিছু সমস্যাৰ। জাতীয় দলৰ দায়িত্বৰ বাবে দুয়োটা দলৰ কেইগৰাকীমান খেলুৱৈ উভতিছে স্বদেশলৈ। সেয়ে আজিৰ মেচত দুয়োটা দলতে মূল একাদশত যথেষ্ট পৰিৱৰ্তন পৰিলক্ষিত হ’ব।
LIVE NEWS & UPDATES
-
গুজৰাটৰ বিদায়, আগবাঢ়িল মুম্বাই
২২৯ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি ২০৮ ৰানত থমকি ৰ’ল গুজৰাট টাইটানছ আৰু ২০ ৰানত পৰাজয় স্বীকাৰ কৰি দলটোৱে আই পি এল ২০২৫ত অভিযানৰ অন্ত পেলাইছে। অন্তিম অভাৰত দলটোক ২৪ ৰানৰ প্ৰয়োজন হৈছিল যদিও মাত্ৰ ৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এই জয়েৰে মুম্বাই ইণ্ডিয়ানছে দ্বিতীয় কোৱালিফায়াৰত প্ৰৱেশ কৰিছে। অহা ১ জুনত পঞ্জাৱ কিংছৰ বিপক্ষে অনুষ্ঠিত হ’ব মুম্বাইৰ এই মেচ।
-
জয়ৰ দিশে মুম্বাই
অন্তিম অভাৰৰ চতুৰ্থ বলত অশ্বনীয়ে দখল কৰিছে শ্বাহৰুখ খানৰ উইকেট। তাৰ পূৰ্বেই অৱশ্যে নিশ্চিত হয় মুম্বাইৰ জয়।
-
অন্তিম অভাৰত ২৪ ৰান
দ্বিতীয় কোৱালিফায়াৰত প্ৰৱেশ কৰিবলৈ গুজৰাটক অন্তিম অভাৰত প্ৰয়োজন ২৪ ৰানৰ। ক্ৰীজত আছে ৰাহুল তেৱাটিয়া আৰু শ্বাহৰুখ খান।
-
ৰাডাৰফ’ৰ্ডো পেভিলিয়নলৈ
চিন্তা বাঢ়িছে গুজৰাটৰ শিবিৰত। অন্তিম দুই অভাৰত দলটোক প্ৰয়োজন হৈছিল ৩৬ ৰানৰ। কিন্তু ১৯ সংখ্যক অভাৰৰ প্ৰথম বলত ব’ল্টে দখল কৰে শ্বেৰফানে ৰাডাৰফ’ৰ্ডৰ গুৰুত্বপূৰ্ণ উইকেট। ৰাডাৰফ’ৰ্ডে ১২টা বলত ২৪ ৰান সংগ্ৰহ কৰি ক্ৰীজ এৰে।
-
১৮ বলত প্ৰয়োজন ৪৫ ৰানৰ
১৭ অভাৰৰ অন্তত মুম্বাইয়ে ১৮৪ ৰান সংগ্ৰহ কৰিছে। হাতত এতিয়াও ৬টা উইকেট বাকী থকা অৱস্থাত অন্তিম ৩ অভাৰত দলটোক এতিয়া জয়ৰ বাবে ৪৫ ৰানৰ প্ৰয়োজন।
-
সুদৰ্শনক বিদায় দিলে গ্লিছনে
গভীৰ সংকটে দেখা দিছে গুজৰাটৰ শিবিৰত। দলটোৰ জয়ৰ আশা জীয়াই ৰখা প্ৰধান তাৰকা ছাই সুদৰ্শনক বিদায় দিছে আই পি এল অভিষেক ঘটোৱা ৰিচাৰ্দ গ্লিছনে। সুদৰ্শনে ৪৯টা বলত ১০টা চাৰি আৰু এটা ছয়েৰে ৮০ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে।
-
সুন্দৰক বিদায় দিলে বুমৰাহে
দলৰ প্ৰধান অস্ত্ৰ স্বৰূপ বুমৰাহৰ হাতত বল তুলি দি ফল লাভ কৰিলে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। মুম্বাইৰ সমুখত চিন্তাৰ কাৰণ হৈ পৰা সুদৰ্শন-সুন্দৰ যুটি ভংগ কৰি সুন্দৰৰ উইকেট দখল কৰে বুমৰাহে। সুন্দৰে ২৪টা বলত ৫টা চাৰি আৰু ৩টা ছয়েৰে ৪৮ৰান সংগ্ৰহ কৰি বিদায় লয়।
-
৯ অভাৰত প্ৰয়োজন ১১০ ৰানৰ
মেণ্ডিছৰ বিদায়ৰ পিছত সুদৰ্শন আৰু সুন্দৰে গুজৰাটৰ ইনিংছক দিছে গতি। দুয়োৰে আক্ৰমণাত্মক বেটিঙৰ সুবাদত গুজৰাটে ১১ অভাৰত ১১৯ ৰান সংগ্ৰহ কৰিছে। এইদৰে অন্তিম ৯ অভাৰত দলটোক জয়ৰ বাবে ১১০ ৰানৰ প্ৰয়োজন।
-
সুদৰ্শনৰ যুঁজ অব্যাহত
ধাৰাবাহিকতা অব্যাহত ৰাখি ছিজনত আন এটা অৰ্ধশতক অৰ্জন কৰিছে ছাই সুদৰ্শনে। ২৮টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰা সুদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিছে দলৰ জয়ৰ আশা।
-
কুশল মেণ্ডিছৰ বিদায়
হিট উইকেটৰ ৰূপত নিজৰ উইকেটৰ উপহাৰ তুলি দিছে কুশল মেণ্ডিছে। আক্ৰমণাত্মকভাৱে তেওঁ ২০ ৰান সংগ্ৰহ কৰিছিল যদিও চেণ্টনাৰৰ বলত তেওঁ হিট উইকেট হৈ ক্ৰীজ এৰিবলগা হয়।
-
৫০ ৰান সম্পূৰ্ণ
গুজৰাটৰ ইনিংছত সম্পূৰ্ণ হৈছে ৫০ ৰান। অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বলত একেলগে দুটা চাৰি কোবাই ৪.৪ অভাৰত দলক ৫০ ৰানত উপনীত কৰায় সুদৰ্শনে।
-
সুদৰ্শন-কুশলৰ আক্ৰমণ
গিলৰ বিদায়ৰ পিছতো দলৰ স্থিতি লঘু হ’বলৈ দিয়া নাই সুদৰ্শন আৰু কুশল মেণ্ডিছে। দুয়োৰে আক্ৰমণৰ সুবাদত গুজৰাটে ৩ অভাৰত ৩০ ৰান সংগ্ৰহ কৰিছে। ব’ল্টে কৰা নিজ স্পেলৰ তৃতীয় অভাৰত দুয়ো ২১ ৰান সংগ্ৰহ কৰে।
-
নিটিকিল গিল
ইনিংছৰ প্ৰথম অভাৰতে গুৰুত্বৰ সংকটত পৰিছে গুজৰাট। দলৰ বেটিং লাইন আপৰ প্ৰধান শক্তি অধিনায়ক শুভমন গিলক চতুৰ্থ বলতে পেভিলিয়নলৈ উভতাই পঠিয়াইছে ট্ৰেণ্ট ব’ল্টে। গিলৰ বেটৰ পৰা আহে মাত্ৰ ১ ৰান।
-
ক্ৰীজত গিল-সুদৰ্শন
২২৯ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি দলক জয়ৰ লক্ষ্যত উপনীত কৰোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব লাগিব গুজৰাটৰ অপেনাৰদ্বয় শুভমন গিল আৰু ছাই সুদৰ্শনে। সেয়ে দুয়ো আজি প্ৰতিযোগিতাত এইপৰ্যন্ত দেখুৱাই অহা প্ৰদৰ্শনৰ পুনৰাবৃত্তি ঘটোৱাৰ আশা কৰিছে অনুৰাগীয়ে।
-
মুম্বাইৰ সংগ্ৰহ ২২৮ ৰান
জেৰাল্ড ক’টজিয়ে কৰা ইনিংছৰ অন্তিম অভাৰত হাৰ্দিক পাণ্ডিয়াই ৩টাকৈ ছয় কোবাই মুম্বাইক ২২৮ ৰানৰ বৃহৎ স্ক’ৰত উপনীত কৰাইছে। পাণ্ডিয়াই ৯টা বলত ২২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। এতিয়া মুম্বাইৰ শক্তিশালী বলিং আক্ৰমণৰ সমুখত গুজৰাটে এই লক্ষ্য অনুসৰণ কৰিব পাৰিবনে, সেয়া লক্ষণীয় হ’ব।
-
প্ৰসিধৰ আন এক সফলতা
মেচত নিজৰ দ্বিতীয়টো সাফল্য লাভ কৰিছে প্ৰসিধ কৃষ্ণই। এইবাৰ তেওঁৰ চিকাৰ হৈছে নমনধীৰ সিং। নমনৰ বেটৰ পৰা আহে ৯ ৰান।
-
২০০ ৰান সম্পূৰ্ণ
ইনিংছৰ ১৮.২ অভাৰত মুম্বাইৰ স্ক’ৰে ২০০ ৰানৰ সীমা স্পৰ্শ কৰে। পৰৱৰ্তী বলতে নমনধীৰে কোবায় এটা বৃহৎ ছয়। হাতত ৯টা বল বাকী থকা অৱস্থাত দলটোৱে আৰু কিমান স্ক’ৰ সংগ্ৰহ কৰিব পাৰে সেয়া লক্ষণীয় হ’ব।
-
তিলক আউট
১১টা বলত ২৫ ৰানৰ এক চমু অথচ গুৰুত্বপূৰ্ণ ইনিংছ খেলি বিদায় লৈছে তিলক বাৰ্মাই। ইনিংছৰ ১৮ সংখ্যক অভাৰৰ প্ৰথমটো বলত মহম্মদ চিৰাজে তিলকক পেভিলিয়নৰ পথ দেখুৱায়।
-
ৰোহিতক বিদায় দিলে প্ৰসিধে
দুবাৰকৈ জীৱনদান পোৱাৰ পিছত সুযোগৰ সদ্ব্যৱহাৰ কৰি ৮১ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে ৰোহিত শৰ্মাই আৰু দলক এক শক্তিশালী স্থিতি প্ৰদান কৰি প্ৰসিধ কৃষ্ণৰ বলত আউট হৈ ক্ৰীজ এৰে। ৰোহিতে ৫০টা বলত ৯টা চাৰি আৰু ৪টা ছয়েৰে নিজৰ ইনিংছটো সজায়।
-
সূৰ্য পেভিলিয়নলৈ
মুম্বাইয়ে হেৰুৱাইছে দ্বিতীয়টো উইকেট। এই উইকেটো দখল কৰিছে ছাই কিশোৰে। এইবাৰ তেওঁ বিদায় দিছে সূৰ্যকুমাৰ যাদৱক। সূৰ্যই ২০টা বলত এটা চাৰি আৰু ৩টা ছয়েৰে ৩৩ৰান সংগ্ৰহ কৰে। এইদৰে জীৱনদান পাইছিল যদিও ইনিংছ দীঘলীয়া কৰাত ব্যৰ্থ হয় সূৰ্য।
-
সূৰ্যই পালে জীৱনদান
ৰোহিতৰ পিছত এইবাৰ জীৱনদান পাইছে সূৰ্যকুমাৰ যাদৱে। ক’টজিয়াৰ বলত সূৰ্যই তুলি দিয়া সহজ কেচ ড্ৰপ কৰে উইকেটকীপাৰ কুশল মেণ্ডিছে। সেইসময়ত ১৫টা বলত ২৫ ৰান কৰি বেটিং কৰি আছিল সূৰ্যই।
-
ৰোহিতৰ অৰ্ধশতক
দুবাৰকৈ জীৱনদান পোৱাৰ পিছত অৰ্ধশতক সম্পূৰ্ণ কৰিছে ৰোহিত শৰ্মাই। ২৮টা বলত ৭টা চাৰি আৰু দুটা ছয়েৰে তেওঁ নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
বেয়াৰষ্ট’ৰ বিদায়
ছাই সুদৰ্শনৰ দৰ্শনীয় প্ৰচেষ্টা আৰু ক’টজিয়াৰ সহায়ত ছাই কিশোৰে প্ৰথমটো আঘাত হানিছে মুম্বাইৰ ইনিংছত। প্ৰথমখন মেচ খেলা বেয়াৰষ্ট’ৱে মাত্ৰ ২২তা বলত ৪টা চাৰি আৰু ৩টা ছয়েৰে ৪৭ ৰান সংগ্ৰহ কৰি বিদায় লৈছে।
-
পাৱাৰ প্লে’ত ৭৯ ৰান
মুম্বাইৰ ইনিংছত সম্পূৰ্ণ হৈছে প্ৰথম ছয় অভাৰ অৰ্থাৎ বেটিং পাৱাৰ প্লে’। এই ছয় অভাৰত দলটোৱে কোনো উইকেট নেহেৰুৱাকৈ ৭৯ ৰান সংগ্ৰহ কৰিছে।
-
স্ক’ৰব’ৰ্ডত ৫০ ৰান
জনী বেয়াৰষ্ট’ৰ আক্ৰমণাত্মক আৰম্ভণিৰ সুবাদত মাত্ৰ ৩.৫ অভাৰতে মুম্বাইৰ স্ক’ৰব’ৰ্ডত ৫০ ৰান সম্পূৰ্ণ হৈছে। প্ৰসিধ কৃষ্ণই কৰা চতুৰ্থ অভাৰত বেয়াৰষ্ট’ই ৩টা ছয় আৰু দুটা ছয় কোবায়।
-
পুনৰ জীৱনদান
দ্বিতীয়বাৰৰ বাবে ৰক্ষা পৰিছে ৰোহিত শৰ্মা। এইবাৰ মহম্মদ চিৰাজৰ বলত ৰোহিতে তুলি দিয়া আন এটা সহজ কেচ উইকেটকীপাৰ কুশল মেণ্ডিছে ড্ৰপ কৰিছে।
-
ৰক্ষা পৰিল ৰোহিত
ইনিংছৰ দ্বিতীয় অভাৰতে এক বৃহৎ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰিছে মুম্বাই ইণ্ডিয়ানছ। অভাৰৰ পঞ্চমটো বলত ৰোহিতে তুলি দিয়া এটা সহজ কেচ ড্ৰপ কৰে ক’টজীয়াই। সেই সময়ত মাত্ৰ ৩ ৰানত বেটিং কৰি আছিল ৰোহিতে।
-
প্ৰথমটো বাউণ্ডেৰী
জনী বেয়াতষ্ট’ৰ বেটৰ পৰা আহিছে মেচ তথা ইনিংছৰ প্ৰথমটো বাউণ্ডেৰী। প্ৰসিধ কৃষ্ণই কৰা দ্বিতীয় অভাৰৰ প্ৰথমটো বলত এটা চাৰি কোবায় বেয়াৰষ্ট’ই।
-
ক্ৰীজত ৰোহিত-বেয়াৰষ্ট’
ৰোহিতৰ সৈতে আজি মুম্বাইৰ অপেনিঙত দেখা গৈছে নতুন সদস্যক। জনী বেয়াৰষ্ট’ৰ সৈতে ইনিংছ আৰম্ভ কৰিছে ৰোহিত শৰ্মাই। আনহাতে মহম্মদ চিৰাজে গুজৰাটৰ হৈ বলিং আৰম্ভ কৰিছে।
-
গুজৰাট টাইটানছৰ মূল একাদশ
গুজৰাটৰ বেটিং বিভাগৰ অন্যতম প্ৰধান শক্তি জ’ছ বাটলাৰো উভতিছে স্বদেশলৈ। সেয়ে তেওঁক দেখা নাযাব আজি গুজৰাটৰ শিবিৰত। আজিৰ মেচত দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- শুভমন গিল (অধিনায়ক), ছাই সুদৰ্শন, কুশল মেণ্ডিছ, শ্বাহৰুখ খান, ৱাশ্বিংটন সুন্দৰ, ৰাহুল তেৱাটিয়া, ৰছিদ খান, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, জেৰাল্ড ক’টজীয়া, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ।
-
মুম্বাইৰ ইণ্ডিয়ানছৰ মূল একাদশ
ৰিয়াল ৰিকেল্টন, উইল জেকছ আৰু কৰবিন বস্ক নিজ দেশলৈ উভতাৰ পিছত মুম্বাইৰ মূল একাদশত দেখা গৈছে পৰিৱৰ্তন। দলটোত দেখা যাব দুই নতুন সদস্য জনী বেয়াৰষ্ট’ আৰু ৰিচাৰ্ড গ্লিছনক। মুম্বাইৰ মূল একাদশ হ’ব এনেধৰণৰ- ৰোহিত শৰ্মা, জনী বেয়াৰষ্ট’, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, ৰাজ বাৱা, মিচেল চেণ্টনাৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ, ৰিচাৰ্ড গ্লিছন।
-
পাণ্ডিয়াই ল’লে বেটিঙৰ সিদ্ধান্ত
গুৰুত্বপূৰ্ণ মেচত মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া টছত জয়ী হৈছে আৰু প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া গুজৰাটৰ সমুখত জয়ৰ বাবে মুম্বাইয়ে কিমান লক্ষ্য বান্ধি দিব পাৰে, সেয়া লক্ষণীয় হ’ব।
-
দুয়ো দলৰ মাজত পূৰ্বৰ ৰেকৰ্ড
এইপৰ্যন্ত আই পি এলত ৭ বাৰৰ মুখামুখিত গুজৰাট ৫ খনতে জয়ী হোৱাৰ বিপৰীতে মুম্বাই মাত্ৰ ২খনত জয়ী হৈছে। চলিত ছিজনতো দুয়োটা দলে দুখন মেচ খেলিছে আৰু এই দুয়োখন মেচতে গুজৰাটে জয়লাভ কৰিছে। লক্ষণীয়ভাৱে ২০২৩ চনৰ দ্বিতীয় কোৱালিফায়াৰতো গুজৰাট আৰু মুম্বাই মুখামুখি হৈছিল আৰু গুজৰাটে এই মেচখনতো জয়লাভ কৰিছিল।
Published On - May 30,2025 6:54 PM